Rupaliparda.com
"I Remember" ৰ নায়িকা গায়ত্ৰী শৰ্মাৰ সৈতে ৰূপালীপৰ্দাৰ এক্সক্লুচিভ কথা-বতৰাঃ 1

“I Remember” ৰ নায়িকা গায়ত্ৰী শৰ্মাৰ সৈতে ৰূপালীপৰ্দাৰ এক্সক্লুচিভ কথা-বতৰাঃ

সাম্প্ৰতিক পৰিস্থিতি অনুযায়ী আমাক অকণমান বিনোদনৰ প্ৰয়োজন হোৱাটো স্বাভাৱিক। আমি ভিন্ন বিষয়বস্তুৰ সোঁৱাদ লৈ, তাক চাই অথবা উপভোগ কৰি ভাল পাঁও। শেহতীয়াকৈ হটষ্টাৰত উপলদ্ধ হোৱা “I Remember” ছবিখন আপোনালোক সকলোৱে হয়টো উপভোগ কৰিছে। উক্ত ১ ঘন্টা দৈৰ্ঘ্যৰ ছবিখনত অভিনয় কৰিছে অসমৰেই এগৰাকী প্ৰতিভাৱান জীয়ৰী গায়ত্ৰী শৰ্মাই। এইগৰাকী অসম জীয়ৰীক আপোনালোকে প্ৰায় ১২ বছৰে হয়টো দেখিছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যম NDTV ত। সৰুৰ পৰা অভিনয়ৰ পোক টোক নিজৰ মাজত পোহ-পাল দি ৰখা গায়ত্ৰী এগৰাকী সু-সাংবাদিকৰ লগতে এগৰাকী সুদক্ষ অভিনেত্ৰীও। এলজেইমাৰ বেমাৰটোক আধাৰ হিচাপে লৈ পৰিচালিত “I Remember” শীৰ্ষক ছবিখনৰ পৰিচালনাৰ দায়িত্বত থকা গীতা লাল চাহাই দিল্লীতেই কৰা এক অডিশ্বনৰ পিছত ছবিখনৰ মূল চৰিত্ৰটোৰ বাবে গ্ৰহণ কৰিছিল গায়ত্ৰীক। ছবিখনত কাম কৰাৰ সুবিধা লাভ কৰা বিষয়ত যেতিয়া ৰূপালীপৰ্দাই কথা পাতিছিল অভিনেত্ৰী গৰাকীৰ সৈতে তেতিয়া তেওঁ কয় যে, “পৰিচালক গৰাকীৰ মাতৃ গৰাকী আৰু মোৰ পিতৃও এলজেইমাৰ বেমাৰটোৰ বাবেই মৃত্যু হৈছিল। গতিকে পৰিচালকগৰাকীৰ বা মোৰ বাবে এই কথাবোৰ নতুন নাছিলে কাৰণ তেওঁ যেনেদৰে “এলজেইমাৰ” সংগঠনটোৰ সৈতে জড়িত আছিল ঠিক তেনেদৰে মইও মোৰ দেউতাৰ কাৰণে মোৰ মাৰ, ঘৰৰ সদস্য সকলৰ কষ্টবোৰ দেখিছিলো। গতিকে, এই বিষয়বস্তুটো মোৰ বাবে যে একেবাৰেই নতুন আছিল তেনে নহয়; ইয়াৰ সৈতে মই আগতেই চিনাকী হৈছিলো।”

"I Remember" ৰ নায়িকা গায়ত্ৰী শৰ্মাৰ সৈতে ৰূপালীপৰ্দাৰ এক্সক্লুচিভ কথা-বতৰাঃ 2


তেওঁ আকৌ কয় যে, “আমি তাৰ পিছতো এই বিষয়টোৰ ওপৰত গৱেষণা কৰিলো আৰু প্ৰায় এমাহৰ ভিতৰত আমাৰ ছবিখন সম্পূৰ্ণ হৈ উঠিল। সম্পূৰ্ণ হোৱাৰ পিছতো কিন্তু আমি এটা ভাল প্লেটৰ্ফম পোৱা নাছিলো কিয়নো ই খুব অধিক হাস্যৰসিক বস্তু অথবা সম্পূৰ্ণ মনোৰঞ্জনধৰ্মী নাছিল। মাত্ৰ এঘন্টাৰ দৈৰ্ঘ্যৰহে আছিল এই ছবিখন; ছবিগৃহ সমূহত মুক্তি দিবলৈও টকাৰ প্ৰয়োজন হয়। তৎস্বত্বেও কিন্তু এটা কথা ক’বই লাগিব যে ছবিখনৰ পৰিচালক গৰাকীৰ যথেষ্ট বিশ্বাস আছিল এই বিষয়টোৰ ওপৰত; ফলত তেনেকৈয়ে ভাবি-চিন্তি ছবিখন হটষ্টাৰত উপলদ্ধ কৰা হ’ল। এতিয়া চাবা, আজি কৰ্কট ৰোগৰ বাবে আমাৰ জনসাধৰণে বিভিন্ন ফাণ্ড মোকলাইছে নহ’লে ঠাইয়ে ঠাইয়ে গৈ এই বিষয়ে মানুহক সজাগ কৰিছে। ঠিক তেনেক্ষেত্ৰত, এলজেইমাৰো এটা এনে ৰোগ যাৰ বিষয়ে মানুহে জনাটো দৰকাৰ; কাৰণ ই কেৱল মাত্ৰ বৃদ্ধ সকলৰেই নহয়। ডেকা মানুহৰ গাতো ই দেখা দিব পাৰে; ছবিখনত মইয়ে এলজেইমাৰ ৰোগীৰ চৰিত্ৰ ৰূপায়ন কৰিছো য’ত মোৰ বয়স ৫৬ বছৰ গতিকে ইয়াৰ বিষয়ো জনসাধাৰণে জানিব লাগিব বা সজাগ হ’ব লাগিব। এলজেইমাৰ ৰোগীবোৰ বাহ্যিক দিশৰ পৰা সূস্থ থাকে কিন্তু মানসিক দিশৰ পৰা তেওঁলোক ভাগি পৰে। পূৰ্বতে এই ছবিখন দূৰদৰ্শনত দেখুওৱা হৈছিল যদিও পৰিচালক গৰাকীয়ে এটা ভাল প্লেটফৰ্ম বিচাৰিছিল; ছবিখনে বহুত বঁটাও লাভ কৰিলে গতিকে হটষ্টাৰৰ পিছত ই ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো বহুল সংখ্যাৰ দৰ্শক লাভ কৰিবলৈ সক্ষম হৈছে। মোৰ মতে, এনে ছবি আৰু নিৰ্মাণ হ’ব লাগে; মানুহে এই বিষয়ে বুজিব লাগিব। এই ৰোগত ভুক্তভোগী সকল আচলতে পাগল যে নহয় সেই কথা হৃদয়ংগম কৰিব লাগিব। “

"I Remember" ৰ নায়িকা গায়ত্ৰী শৰ্মাৰ সৈতে ৰূপালীপৰ্দাৰ এক্সক্লুচিভ কথা-বতৰাঃ 3


গায়ত্ৰী শৰ্মাৰ আগন্তুক প্ৰকল্পৰ বিষয়ে জানিবলৈ বিচৰাত অভিনেত্ৰী গৰাকীয়ে ৰূপালীপৰ্দাক জনায় যে, “মই শেহতীয়াকৈ এখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি শেষ কৰিলো; পোষ্ট প্ৰডাকচনৰ কাম অকণমান বাকী আছিলে যিটো “লক-ডাউন” ৰ কাৰণে ৰৈ গ’ল। ছবিখনৰ পৰিচালনা কৰিছে Kannu Bahl য়ে; ইয়াত মই এটা মহত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিছো। ছবিখনৰ আন এটা চৰিত্ৰ ৰূপায়ন কৰিছে ৰাহুল ৰয়ে; যিজন আগৰ “আশিকী” ছবিখনৰ হিৰো’ আছিল। অতি সোনকালেই এই “আগ্ৰা” নামে ছবিখন মুক্তি লাভ কৰিবলৈ গৈ আছে।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform