Rupaliparda.com
নিজ গীতক সাঁচি ৰখাৰ মানসেৰে ইউটিউবত সক্ৰিয় হৈছে সমীৰণ মলয়ঃ 1

নিজ গীতক সাঁচি ৰখাৰ মানসেৰে ইউটিউবত সক্ৰিয় হৈছে সমীৰণ মলয়ঃ

ইউটিউব হৈছে এনে এক মাধ্যম য’ত ভিন্ন জন লোকে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি আন বহু লোকৰ কাষ চাপিব পাৰে অথবা তেওঁলোকৰ এই প্ৰচেষ্টাত বহুতে প্ৰশংসাও আগবঢ়ায়। মুঠতে, এই ক্ষেত্ৰখনে পূৰ্বৰে পৰাই সহায় আগবঢ়ায় আহিছে প্ৰতিভাসম্পন্ন লোকক। হিন্দী ছবি জগতৰ সৈতে জড়িত প্ৰায় একাংশ অভিনেতা-অভিনেত্ৰী অথবা কন্ঠশিল্পীয়ে নিজাববীয়াকৈ অৰ্থাৎ ব্যক্তিগত ইউটিউব চেনেল খোলা আমি দেখিবলৈ পাইছো; য’ত তেওঁলোকে নিজৰ ফিটনেছ ভিডিঅ’ ৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ দিনলিপিৰো বহু কথা জনাই অনুৰাগীৰ কাষ চাপে। কিন্তু, এইবাৰ হিন্দী ছবি ক্ষেত্ৰৰ নহয় অসমীয়া সংগীত ক্ষেত্ৰৰ এগৰাকী শিল্পীয়ে নিজৰ সৃষ্টি সমূহক সাঁচি ৰখাৰ মানসেৰে খুলি লৈছে এক ইউটিউব চেনেল। ঢোল, তাল বজোৱাৰ পৰা গীত লিখি কন্ঠদান কৰাকে লৈ অসমীয়া সংগীত ক্ষেত্ৰখনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছে সমীৰণ মলয়। ইতিমধ্যে তেওঁৰ কথাৰে ৰচনা কৰা একোটা গীতত কন্ঠদান কৰিছে জুবিন গাৰ্গ, তৰালী শৰ্মা,জয় বৰুৱা, অংগৰাগ পাপন মহন্ত,বৰ্ণালী কলিতা, নীল আকাশকে আদি কৰি সংগীত ক্ষেত্ৰৰ বিভিন্ন জন কন্ঠশিল্পীয়ে। গতিকে তেওঁ লিখা এই গীত সমূহক আকৌ এবাৰ অনুৰাগীৰ মাজত আগবঢ়াই দিয়াৰ উপৰিও ব্যক্তিগতভাৱে সাঁচি ৰখাৰ বাবে সমীৰণ মলয়ে বৰ্তমান খুলিছে ইউটিউব চেনেল।


ইতিমধ্যে তেওঁৰ ইউটিউব চেনল “Samiran Malay Official” ত কেইবাটাও গীত উপলদ্ধ কৰা হৈছে; যিকেইটা গীত পূৰ্বতে হয়টো কোনো চিডি অথবা কেছেটতহে লাভ কৰিছিল মুক্তি। বৰ্তমানলৈ সমীৰণ মলয়ে নিজে লিখি উলিওৱা গীত কেইবাটাইও লাভ কৰিছে মুক্তি। আগন্তুক সময়তো অধিক গীত তেওঁৰ কথাৰ উপৰিও সুৰেৰে লাভ কৰিব মুক্তি। তেওঁ লিখা গীত সমূহৰ ভিতৰত “জঁটাধাৰী” শীৰ্ষক গীতটিয়ে অসমৰ বাহিৰত শ্ৰোতাৰ সমাদৰ লাভ কৰাৰ সমান্তৰালকৈ উক্ত গীতটিয়ে শ্ৰেষ্ঠ মিউজিক ভিডিঅ’ শিতানত ৰামধেনু ভিউৱাৰ্চ চইচ বঁটা লাভ কৰিবলৈও সক্ষম হৈছিল। সংগীতৰ ক্ষেত্ৰখনত কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা তেওঁ গ্ৰহণ কৰা নাই যদিও অভিজ্ঞতাৰে অসমীয়া জনসাধাৰণৰ হৃদয় জিনিবলৈ সক্ষম হৈছে শিল্পী সমীৰণে।

নিজ গীতক সাঁচি ৰখাৰ মানসেৰে ইউটিউবত সক্ৰিয় হৈছে সমীৰণ মলয়ঃ 2
নিজ গীতক সাঁচি ৰখাৰ মানসেৰে ইউটিউবত সক্ৰিয় হৈছে সমীৰণ মলয়ঃ 3


উল্লেখ্য যে, সমীৰণ মলয় বৰ্তমান ব্যস্ত “অভিমন্যু” ৰ দ্বিতীয়টো খণ্ডৰ টোকাৰী গীতৰ এলবাম প্ৰস্তুষ্টিৰ কামত। আনহাতে, “মন মৰমী” শীৰ্ষক এটি বিহুগীত আৰু “ইছাটি বিছাটি” শীৰ্ষক এটি বিহুসুৰীয়া গীতৰ লগতে আগন্তুক সময়ত সমীৰণৰ নিজ প্ৰযোজনাৰে “তুমি অহাৰ বাটে” শীৰ্ষক এটি মেলডি গীতো মুুক্তিৰ অপেক্ষাত আছে। মুঠতে, সমীৰণ মলয়ৰ সৃষ্টিত বৰ্তমান অনুৰাগীৰ বহুল উৎকন্ঠা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform