Rupaliparda.com
বিৰোধী দল কংগ্ৰেছত যোগদানৰ প্ৰস্তুতিত কন্ঠশিল্পী বাবুঃ 1

বিৰোধী দল কংগ্ৰেছত যোগদানৰ প্ৰস্তুতিত কন্ঠশিল্পী বাবুঃ

আকৌ এবাৰ ৰাজনৈতিক দলত যোগদান আন এগৰাকী অসমীয়া কন্ঠশিল্পী বাবু বৰুৱাৰ। কিন্তু এইবাৰ বিজেপিত নহয়; বিৰোধী দল কংগ্ৰেছত যোগদান কৰিব কন্ঠশিল্পী গৰাকীয়ে। চলিত মাহৰ ২৫ তাৰিখে কংগ্ৰেছ দলত ৰাজহুৱাকৈ যোগদান কৰিব কন্ঠশিল্পী বাবুয়ে; “কা” আন্দোলনৰ সময়তে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হ’বলৈ ওলোৱা কন্ঠশিল্পী বাবু আগন্তুক সময়ত ২১ৰ নিৰ্বাচনত দলৰ মতনুসৰি সকলো ঠিক হ’লে পশ্চিম গুৱাহাটী অঞ্চলৰ প্ৰাৰ্থী হ’ব; বৰ্তমান মনোৰঞ্জন ক্ষেত্ৰ এৰি ৰাজনৈতিক দললৈ গমন কৰা একাংশ শিল্পীৰ জোঁৱাৰ উঠিছে। চচিয়েল মিডিয়াত চৰ্চিত হৈছে এওঁলোক; সমালোচনাৰ সন্মুখীন হোৱা এই শিল্পী সকলে যেন বৰ্তমান অইন একোৱে ভাবিব পৰা নাই। নিৰ্বাচন কাষ চাপি অহা এই সময়ছোৱাত একাংশ শিল্পীৰ এই মনোবৃত্তিয়ে জনসাধাৰণৰ মনত বাৰুকৈয়ে প্ৰভাৱ পেলাইছে। এই বিষয়টোক উদ্দেশ্যি এই শিল্পী সকলৰ অনুৰাগীয়েও গা এৰিছে এওঁলোকৰ। উপলুঙামূলক মিম পোষ্ট শ্বেয়াৰ হ’লেও নিমাত এওঁলোকৰ অনুৰাগী।

বিৰোধী দল কংগ্ৰেছত যোগদানৰ প্ৰস্তুতিত কন্ঠশিল্পী বাবুঃ 2


শেহতীয়াকৈ বাবুয়ে বিজেপিক ককৰ্থনা কৰি অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা বুলি স্বীকৃতি নিদিয়াৰ বাবে পোষ্ট কৰিছিল। ১৯৭০ চনত জন্মগ্ৰহণ কৰা বাবুৰ প্ৰকৃত নাম হৈছে কুমুদ বৰুৱা। পাণ্ডু কলেজৰ পৰা বিজ্ঞান বিষয়ত স্নাতক লাভ কৰা বাবুয়ে “গীত” নামৰ এলবামটিৰ পৰা সংগীত ক্ষেত্ৰখনত নিজ কেৰিয়াৰ আৰম্ভ কৰিছিল। উক্ত এলবামটিত বাবুৰ সৈতে কন্ঠদান কৰিছিল ভগৱান পাঠক আৰু শান্তা উজীৰে। ইয়াৰ পিছত, বাবুৰ এজন বন্ধুৱে তেওঁক আজাৰা বিহু ফাঞ্চনত গীত পৰিৱেশন কৰিবলৈ কয় আৰু তেতিয়াৰ পৰাই এই ক্ষেত্ৰখনত জনপ্ৰিয় হৈ পৰে বাবু। ৰ’দ, লখিমী, ৰহেদৈ, বাবুৰ ঠিকনা আৰু পেডেল মাৰি মাৰি ইত্যাদি বিভিন্ন খন মিউজিক এলবামৰ নিৰ্মাণ কৰে বাবুয়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform