শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত “অস্তাচল” শীৰ্ষক গীতটো নিশ্চয় আপোনালোক সকলোৱে উপভোগ কৰিছে। ন-ন সুন্দৰ গীতৰ সমাহাৰ আচলতে এই সংগীত ক্ষেত্ৰখনত ইতিমধ্যে হৈছে। আমি প্ৰায় সংগীত শিল্পী এনে দেখিছো; যাৰ বাবে জনপ্ৰিয়তাতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে এটা প্ৰকল্পৰ বিষয়বস্তুটো। এনে সংগীতশিল্পী সমূহে লাখৰ অংকত ভিউৱাৰচ নাপালেও তেওঁলোকৰ গীত, কথা আদি যিসকলে উপভোগ কৰে তেওঁলোকে প্ৰশংসা নকৰাকৈ নাথাকে। আজিৰ ৰূপালীপৰ্দাৰ দেওঁবৰীয়া বিশেষত আমি পাতিম এনে এগৰাকী সংগীত শিল্পীৰ সৈতেই কিছু কথা; তেওঁৰ নাম হৈছে অঞ্জন ফুকন। ৰূপালীপৰ্দাৰ প্ৰশ্নৰ উত্তৰত কন্ঠশিল্পী গৰাকীয়ে কি ক’লে চাওঁচোন আহকঃ

প্ৰশ্নঃ সংগীত ক্ষেত্ৰখনত তোমাৰ যাত্ৰা কেতিয়াৰ পৰা আৰম্ভ হৈছিল??
অঞ্জন ফুকনঃ সংগীত সৰুৰে পৰাই ভাল পাইছিলো, সেইবাবে প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা সময়ৰ পৰাই বিভিন্ন সৰু সুৰা অনুষ্ঠান-প্ৰতিষ্ঠানত গীত গাবলৈ সুবিধা পালে গাবলৈ আগ্ৰহ প্ৰকাশ কৰিছিলোঁ। যদিও ঘৰৰ কোনো এজন সদস্যয়ো সংগীতৰ লগত জড়িত নাছিল , মা-দেউতা আৰু দাদাই সংগীতৰ ক্ষেত্ৰত মোক আগবাঢ়ি যাবলৈ মোক সদায় উৎসাহ দিছিল।
সংগীতৰ আনুষ্ঠানিক শিক্ষা মোৰ সপ্তম শ্ৰেণীত পঢ়ি থকাৰ পৰাহে আৰম্ভ হৈছিল। প্ৰয়াত প্ৰদীপ হাজৰিকা ছাৰে মই এটি অনুষ্ঠানত পৰিৱেশন কৰা এটি বৰগীত শুনাৰ পাছত অনুষ্ঠানিক শিক্ষা গ্ৰহণৰ বাবে পৰামৰ্শ দিছিল। আৰু, তেনেদৰেই শ্ৰী যুত জিতেন স্বৰ্ণকাৰ ছাৰৰ ওচৰত মোৰ আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰিছিলোঁ; ২০১৩ চনত শ্ৰী যুত ৰাতুল কাকতি ছাৰৰ তত্বাৱধানত বিশাৰদ ডিগ্ৰী লাভ কৰি পিছলৈ ২০১৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত যোগাযোগ আৰু সাংবাদিকতা বিভাগে অনুষ্ঠিত কৰা Communika Unplugged ত প্ৰথম স্থান দখল কৰা বাবে গুৱাহাটী স্থিত Indian Idol Academy ত সংগীতৰ শিক্ষা গ্ৰহণ কৰিবৰ বাবে এবছৰীয়া Scholarship পাইছিলো। থুলমুলকৈ ক’বলৈ গ’লে এয়াই আছিল মোৰ আনুষ্ঠানিক শিক্ষা।

প্ৰশ্নঃ এটা গীতৰ কোনটো উপাদানে তোমাক আকৰ্ষণ কৰে লগতে তুমি কোনটো উপাদানে শ্ৰোতাক আকৰ্ষণ কৰিব পাৰে বুলি ভাবা?
অঞ্জন ফুকনঃ গীতৰ কোনটো উপাদানে আকৰ্ষণ কৰে বুলি প্ৰশ্ন কৰিলে আচলতে ইয়াৰ উত্তৰ নিৰ্দিষ্টকৈ দিয়া টান। যিহেতু প্ৰতিটো গীতৰেই কিছুমান সুকীয়া বৈশিষ্ট্য থাকে, সেইবাবে গীত অনুসাৰে ভাল লগা উপাদানসমূহ ভিন্ন হৈ পৰে। ব্যক্তিগত ভাৱে মই এটা গীতৰ অনুভৱ খিনিক বেছি প্ৰাধান্য দিব বিচাৰিম।
শ্ৰোতাক আকৰ্ষণ কৰিবৰ বাবে গীতটি গোৱা বা সৃষ্টি কৰাৰ আগত কেনেধৰণৰ শ্ৰোতাৰ বাবে গীতটি গোৱা হৈছে সেইটো ঠিৰাং কৰি লোৱাটো ভাল বুলি মই ভাৱো। কাৰণ সকলো মানুহৰে ভাল লগাখিনি বেলেগ বেলেগ হয়। সেইবাবে শ্ৰোতাই নিজৰ জীৱনৰ লগত গীতটিক অনুভৱ কৰিব পৰাকৈ গীত এটি সৃষ্টি বা পৰিৱেশন কৰিলে শ্ৰোতাক আকৰ্ষণ কৰিব পাৰিব বুলি মই ভাবোঁ।

প্ৰশ্নঃ বৰ্তমান সময়ত চলি থকা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি “শিল্পী” এগৰাকীৰ সংজ্ঞা তোমাৰ মতে কি?
অঞ্জন ফুকনঃ শিল্পীৰ সংজ্ঞা দিয়াটো সম্প্ৰতি সময়ত মুঠেই সহজ নহয়; “শিল্পী” শব্দটোৰ পৰিসীমা বহু বহল। যিজনে নিজৰ সৃষ্টিৰে আন বহুজনৰ উপকাৰ কৰিব পাৰে, এখন সমাজত নতুনত্ব আনিব পাৰে, সূস্থ সবল নিকা এখন সমাজ গঢ়াত বৰঙণি আগবঢ়াব পাৰে, আন দহজনক নিজৰ শিল্পকৰ্মৰে ভাল পথ দেখুৱাব পাৰে; মোৰ মতামতনুসৰি সেইজনহে প্ৰকৃত শিল্পী।

প্ৰশ্নঃ সংগীত তোমাৰ “নিচা নে পেচা”?
অঞ্জন ফুকনঃ বৰ্তমান সময়ত মোৰ বাবে সংগীত নিচা আৰু পেছা দুইটাই যদিও সম্পূৰ্ণৰূপে পেছা হিচাপে ইয়াক মই গ্ৰহণ কৰা নাই। শিক্ষাৰ লগত জড়িত হৈ থকা বাবে নিচা হিচাপে সংগীতৰ চৰ্চা অব্যাহত ৰাখিছো; ইয়াৰ উপৰিও সংগীতৰ বিষয়ে শিকিবলৈ মোৰ আৰু যথেষ্টখিনি বাকী আছে।

প্ৰশ্নঃ আগন্তুক পৰিকল্পনা কি?
অঞ্জন ফুকনঃ কিছুদিন পূৰ্বেই “কথকতা” শীৰ্ষক এটি নতুন এলবামৰ কাম হাতত লৈছো যাৰ প্ৰথমটো গীত “অস্তাচল” আজি কেইদিনমান আগতে মুক্তি লাভ কৰিছে। এই এলবামৰ কেইবাটাও গীতৰ কাম কৰি থকা হৈছে যিকেইটা খুব কম দিনৰ ভিতৰতেই ৰাইজৰ মাজত মুক্তি দিম। মই খুবেই আশাবাদী যে এলবামটিৰ গীতসমূহক ৰাইজে মৰমেৰে আঁকোৱালি ল’ব। পৰিকল্পনা বহু আছে, এনেদৰেই কৰি যাম সমূহ ৰাইজৰ আশীৰ্বাদত।
…ধন্যবাদ অঞ্জন; তোমাৰ প্ৰতিটো পৰিকল্পনা সফল হোৱাৰ কামনা কৰিছো।

অঞ্জন ফুকনঃ ধন্যবাদ।
Add comment