Rupaliparda.com
এইবাৰ ৰোষত অক্ষয় কুমাৰঃ মাত মাতি কৰিলে ভুল- 1

এইবাৰ ৰোষত অক্ষয় কুমাৰঃ মাত মাতি কৰিলে ভুল-

বৰ্তমান বলীউডত একোখন ছবিতকৈ অধিক চৰ্চিত বিষয়টো হৈছে ড্ৰাগছ কেছ। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ বিষয়টোৰ তদন্ত আৰম্ভ হোৱাৰ পিছত ই গৈ এতিয়া সাঙুৰ খাইছে ড্ৰাগছ কেছত; য’ত নাম অন্তৰ্ভূক্ত হৈছে বিভিন্ন জন বলীউডৰ তাৰকা চিলেব্ৰেটীৰ। আচলতে, বিভিন্ন তথ্য সমুখলৈ অহা পিছত কেইবাগৰাকীও অইন অভিনেতা-অভিনেত্ৰীয়ে এই বিষয়ত নিজ মতামত ব্যক্ত কৰে; তাৰ মাজত শেহতীয়াকৈ নিজ মত ব্যক্ত কৰিছে অভিনেতা অক্ষয় কুমাৰে। এক ভিডিঅ’ যোগে তেওঁ একাংশ তাৰকাৰ লগ দিয়ে; অক্ষয় কুমাৰে ভিডিঅ’ যোগে কয় যে, ” এনে নহয় যে বলীউডৰ সৈতে জড়িত প্ৰতিজন তাৰকাই ড্ৰাগছ লয়। বলীউডত ড্ৰাগছ প্ৰব্লেম নতুন নহয় যদিও এয়াও সম্ভৱ নহয় যে ইয়াত সকলোৱে ড্ৰাগছ ল’ব।” ভিডিঅ’টোৰ পিছত একাংশ বলীউড তাৰকাই অক্ষয় কুমাৰৰ লগ দিয়ে; কিন্তু আন একাংশ জনসাধাৰণে অক্ষয় কুমাৰৰ এই ভিডিঅ’টোৰ যথেষ্ট বিৰোধিতা কৰে।

https://www.instagram.com/tv/CF4VdbWn7Ng/?utm_source=ig_web_copy_link
https://twitter.com/Jai_deep1/status/1313007094837071873?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1313007094837071873%7Ctwgr%5Eshare_3&ref_url=https%3A%2F%2Fd-1731709643449853811.ampproject.net%2F2009190410002%2Fframe.html


তেওঁৰ ভিডিঅ’টোৰ পিছত এনেও এক ঢৌ উঠিছে য’ত অক্ষয় কুমাৰৰ নতুন ছবি “লক্ষ্মী বোম্ব” ক বেণ্ড কৰিবলৈও কয় বহুতে। #BanLaxmiBomb ব্যৱহাৰ কৰি টুইটাৰত অক্ষয় কুমাৰক উদ্দেশ্যি বিভিন্ন জনে কয় যে, যদিহে অক্ষয় কুমাৰে সুশান্তৰ লগ দিব নোৱাৰে তেনেহ’লে তেওঁৰ অইন বলীউড চিলেব্ৰেটীৰ হকে মাত দিয়াৰো অধিকাৰ নাই। অক্ষয় কুমাৰে আনকি হাত যোৰ জনসাধাৰণক এয়াও কৈছিল যে বেয়া পৃথিৱীৰ ৰূপত যেন বলীউডক চোৱা নহয়।”

Add comment

Leave a Reply

Most popular

The Ultimate Managed Hosting Platform