Rupaliparda.com
২৫ বছৰ সম্পূৰ্ণঃ আৱেগিক টুইংকল খান্না-ববী দেউল 1

২৫ বছৰ সম্পূৰ্ণঃ আৱেগিক টুইংকল খান্না-ববী দেউল

বলীউড ক্ষেত্ৰখনত বহু এনে ছবিয়ে মুক্তি লাভ কৰে যাৰ ভিতৰত কিছু ছবি বহুত বেছি হিট হোৱাৰ উপৰিও দৰ্শকৰ মন-মগজুত ই কেইবাদিনলৈও ঠাই বনাই ৰাখিবলৈ সক্ষম হয়। ৯০ দশকৰ বহু ছবি আমাৰ এতিয়াও মনত আছে; নহয়নে? তাৰ কাহিনী,সংলাপৰ জনপ্ৰিয়তা বৰ্তমানেও আছে। এনে এখন ছবিৰে বলীউড ক্ষেত্ৰখনত ডেবিউ কৰা ববী দেউল আৰু টুইংকল খান্নাই আজি অতিক্ৰম কৰিলে অভিনয়ৰ ২৫ টা বৰ্ষ। ১৯৯৫ চনৰ ৬ অক্টোবৰ তাৰিখে ছবিগৃহত মুক্তি লাভ কৰা “বৰসাত” ছবিখনত দুয়োগৰাকী অভিনেতা-অভিনেত্ৰীক দেখিবলৈ পোৱা গৈছিল পোন প্ৰথমবাৰৰ বাবে। ২৫ বছৰ সম্পূৰ্ণ হোৱাত আৱেগিক হৈ পৰিছে ববী দেউল আৰু টুইংকল। দুয়োগৰাকীয়ে একো একোটা টুইট যোগে জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আগন্তুক সময়তো দৰ্শকক মনোৰঞ্জন কৰোৱাৰ কথা ব্যক্ত কৰে। ববী দেউলে নিজ টুইটত কয় যে, “ছবি ক্ষেত্ৰত মই ২৫ বছৰ সম্পূৰ্ণ কৰিলো।”


আগলৈ কয় যে, “১৯৯৫ চনৰ অক্টোবৰৰ পৰা যি যাত্ৰা আৰম্ভ হৈছিল সেয়া মোৰ বাবে অত্যন্ত আবেগিক আছিল। মই গৌৰৱ কৰো যে যোৱা ২৫ টা বৰ্ষত উঠা-নমা মই গোটেইবোৰ দেখিছো। এইখিনি সময়ত মই এটাই কথা শিকিছো যে কেতিয়াও হাৰ মানিব নালাগে; সদায় আগবাঢ়িব লাগে। আৰু, মই আপোনালোকক আশ্বাস দিছো অহা ২৫ টা বৰ্ষলৈ মই আপোনালোকৰ মৰম, আশীৰ্বাদ পাবলৈ সক্ষম হ’ম। যেতিয়ালৈ মোৰ “ক্ৰেডিট” চৰিত্ৰটোৰ সমাপ্তি নঘটে তেতিয়ালৈ মনোৰঞ্জন কৰি গৈ থাকিম।” ববী দেউলৰ টুইটতোকে নিজৰ লগত সাঙুৰি টুইংকল খান্নাই কয় যে, “মই আৱেগিক হৈছো। আমি যিটো বয়সত ছবিত আৰম্ভণি কৰিছিলো; এতিয়া আমাৰ সন্তান সেইটো বয়সৰ।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform