Rupaliparda.com
Mission China

দৌৰি দৌৰি গৈছিলোঃ মিছন চাইনা চাইছিলো

২০১৭ ত ৮ চেপ্তেম্বৰ তাৰিখে চিত্ৰগৃহত মুক্তি পোৱা অসমীয়া ছবি “মিছন চাইনা” ই লাভ কৰিছিল ৰাইজৰ অভূতপূৰ্ব সঁহাৰি। সেই সময়ছোৱাত সমগ্ৰ অসমবাসী আক্ৰান্ত হৈছিল “মিছন চাইনা” ৰ জ্বৰত।

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ পিছত অসমৰ সংগীতৰ ক্ষেত্ৰখনত এটা প্ৰজন্মই অনুকৰণ কৰা দ্বিতীয় গৰাকী শিল্পী যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিনৰ গাৰ্গৰ ২ বছৰীয়া পৰিচালনা তথা প্ৰযোজনাৰ অন্তত সৃষ্টি হৈছিল “মিছন চাইনা”। উজনিৰ পৰা নামনিকে ধৰি প্ৰায় ৫৫ টা ছবিগৃহত প্ৰদৰ্শিত “মিছন চাইনা” ৰ বাবে ৰাইজৰ উৎকণ্ঠা তথা উৎসাহ আছিল লেখত ল’বলগীয়া। “দৌৰি দৌৰি যাম,মিছন চাইনা চাম” শীৰ্ষক শিৰোনামেৰে ব্যাপক চৰ্চা চলোৱা ছবিখনত জুবিন গাৰ্গৰ স্বাভাৱিক অভিনয়, মনপৰশা আৱহ সংগীত, নতুন প্ৰজন্মৰ প্ৰতি লক্ষ্য ৰাখি ব্যৱহাৰিত সংলাপ, উন্নত কাৰিকৰী কৌশলে হৈছে বোলছবিখনৰ প্ৰধান অলংকাৰ। পোনপ্ৰথমবাৰৰ বাবে ৫,৬ টাকৈ কেমেৰাৰ সংমিশ্ৰণ ঘটাই অতি উন্নতভাৱে দৃশ্যসমূহ শ্বুটিং কৰা হৈছে বোলছবিখনত। এই ক্ষেত্ৰত পৰিচালকৰ লগতে চিনেমেট’ গ্ৰাফাৰৰ ভূমিকাত থকা প্ৰদীপ দৈমাৰী আৰু সুমন দুৱৰা সফল হৈছে বুলি ক’ব পাৰি।


দৰ্শকে আমনি নোপোৱাকৈ এক সুন্দৰ গতি প্ৰদান কৰি প্ৰতিটো চৰিত্ৰৰ পৰা শ্ৰেষ্ঠত্ব আদায় কৰিছে পৰিচালকে। দীপলীনা ডেকা,য়াংকী পৰাশৰ আৰু সিদ্ধাৰ্থ নিপন গোস্বামীয়ে চৰিত্ৰানুযায়ী সুন্দৰ অভিনয় দাঙি ধৰিছে। খলনায়কৰ চৰিত্ৰত এন.এছ. ডিয়ান পৱিত্ৰ ৰাভাৰো অভিনয় শলাগ ল’বলগীয়া।
“দিন জ্বলে,ৰাতি জ্বলে” শীৰ্ষক গীতটি বোলছবিখনৰ মুক্তিৰ আগেয়ে জনপ্ৰিয় হৈ পৰিছিল। গায়ক তথা সংগীত পৰিচালক হিচাপে জুবিন গাৰ্গ সদায় ব্যতিক্ৰম। গীতসমূহৰ লোকেচন লগতে দৃশ্যগ্ৰহণৰ কাম যথেষ্ট উন্নত।

ছবিখনৰ Vfx, সম্পাদনা আৰু অন্যান্য কাৰিকৰী দিশৰ বাবে বোলছবিখন জনপ্ৰিয় হৈ পৰিছে। হলিউড ধৰণেই ছবিখন সুন্দৰকৈ সজাই তোলা হৈছে।
এক কথাত ক’বলৈ গ’লে সততে লোকচানৰ সন্মুখীন হোৱা,লেহেমীয়া আৰু দৰ্শকবিহীন অসমীয়া উদ্যোগটোলৈ নতুন প্ৰাণ আৰু আশাৰ ৰেঙণি কঢ়িয়াইছিল “মিছন চাইনা” ই। শেষত মিছন চাইনাৰ এটি সমাদৃত সংলাপেৰে কওঁ… ” এই অসমীয়াই চিনেমাৰ নৱতম উত্তৰণমূখী যাত্ৰা শেষ ক’ত মই নাজানো,আৰম্ভণি যে মিছন চাইনা; সেয়া ডাঠি ক’ব পাৰো”।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.