Rupaliparda.com
Janaknandini

মাজুলীত এইবাৰ “জনকনন্দিনী”

মাজুলীৰ পটভূমিত সৃষ্ট “বৰনদী ভটিয়ায়” ৰ বৃহৎ সফলতাৰ পিছত মাজুলীৰ সত্ৰীয়া নৃত্য তথা কলা-সংস্কৃতিক প্ৰতিনিধিত্ব কৰি চিনেমাগৃহলৈ আহি আছে “জনকনন্দিনী”। কাহিনী আৰু চিত্ৰনাট্যৰ লগতে উক্ত বোলছবিখন পৰিচালনা কৰিছে অমিতাভ বৰাই আৰু প্ৰযোজনা কৰিছে ৰিংকু দাস লগতে কুঞ্জলতা গগৈ দাসে।
মাজুলীৰ সত্ৰ,সত্ৰীয়া নৃত্যকে আদি কৰি মাজুলীৰ কলা-সংস্কৃতি, ঐতিহ্যৰ প্ৰতি গভীৰ শ্ৰদ্ধা থকা এজনী সৰল ছোৱালীৰ কাহিনীৰে নিৰ্মিত হৈছে “জনকনন্দিনী”। মাজুলীৰ পটভূমিত সৃষ্ট বিগত বোলছবি কেইখনৰ দৰেই “জনকনন্দিনী”ও সফলতা চুমিব বুলি আশা প্ৰকাশ কৰিছে পৰিচালক অমিতাভ বৰাই।
বোলছবিখনত নৃত্য পৰিচালনা কৰিছে নৃত্যাচাৰ্য তথা পদ্মশ্ৰী যতীন গোস্বামীয়ে। বোলছবিখনৰ মূখ্য চৰিত্ৰটি সুন্দৰ প্ৰশিক্ষিত সত্ৰীয়া নৃত্য লগতে সুদক্ষ অভিনয়ৰে ফুটাই তুলিছে নন্দিনী কাশ্যপে। বোলছবিখনত মূখ্য অভিনেতা হিচাপে কাম কৰিছে গুঞ্জন ভৰদ্বাজে। আনহাতে অন্যান্য গুৰুত্বপূৰ্ণ চৰিত্ৰসমূহ ৰূপায়ন কৰিছে অৰুণ নাথ,মাধুৰিমা চৌধুৰী, ৰূপম বৰুৱা, গৌতম বৰা, গৌৰাংগ বৰদলৈ, বাৰিষ দত্ত আৰু নীলাক্ষী হাজৰিকা।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.