অসমৰ জনপ্ৰিয় অভিনেতা লগতে অসম ৰাজ্যিক চলচিত্ৰ নিগমৰ বিত্ত তথা বিকাশৰ অধ্যক্ষ যতীন বৰাই নিজ কাহিনী আৰু পৰিচালনাৰে নিৰ্মাণ কৰিছে “ৰত্নাকৰ”। প্ৰায় ৫০ খন বোলছবিত নিজ অভিনয়েৰে সুনাম অৰ্জন কৰা যতীন বৰাই অসমীয়া বোলছবিৰ যি লেহেমীয়া ধাৰা তাক গতি দিয়াৰ অভিপ্ৰায়েৰে আৰম্ভ কৰিছে “ৰত্নাকৰ” ৰ পষ্ট-প্ৰডাকচনৰ কাম। ইতিমধ্যে বহু থিয়েটাৰত কাম কৰি অহা অসমীয়া ৰাইজৰ চিনাকী অভিজিৎ ভট্টাচাৰ্য্যই সংলাপ দিছে বোলছবি “ৰত্নাকৰ”ত। যতীন বৰাৰ নিজ প্ৰডাকচন হাউচ জে.বি প্ৰডাকচনত কাম চলা উক্ত বোলছবিখনৰ কাহিনী তথা সংলাপকলৈ আশাবাদী অভিনেতাগৰাকী। তেওঁ নিজেই ASFEDC ৰ অধ্যক্ষ হিচাপে অসমত প্ৰায় ৩৫ টা চিনেমা গৃহ নিৰ্মাণ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে য’ত অসমীয়া বোলছবিয়ে আগস্থান পোৱাৰ লগতে অসমীয়া ৰাইজে বোলছবিসমূহ চোৱাৰ বাবে আগ্ৰহী হ’ব।
এজন পুৰুষৰ তিনি অধ্যায়; য’ত তেওঁ নিজ সন্তানক অকলেই তুলি-তুলি ডাঙৰ কৰিব লাগে তাকেই কেন্দ্ৰ কৰি কাহিনী দিয়া হৈছে বোলছবিখনত। যতীন বৰাৰ সৈতে ইতিমধ্যে বিভিন্ন চিনেমাত কাম কৰি অহা বৰষাৰাণী বিষয়া হৈছে “ৰত্নাকৰ” ৰ মূখ্য চৰিত্ৰ। অসমৰ বিভিন্ন ঠাইৰ লগতে মেঘালয়,ৰাজস্থান আৰু জ্যোতি চিত্ৰৱনৰ ষ্টুডিঅ’ ত সম্পন্ন হৈছে বোলছবি খনৰ চিত্ৰগ্ৰহণৰ কাম। দৰ্শকৰ ৰুচিৰ ওপৰত ভিত্তি কৰিয়েই বোলছবি খনৰ বিভিন্ন কাম কৰা বুলি উল্লেখ কৰে পৰিচালক গৰাকীয়ে।
বোলছবিখনৰ সংগীতত কণ্ঠদান কৰিছে জুবিন গাৰ্গকে ধৰি যতীন শৰ্মা আৰু অজয় ফুকনে। দীপক দে’, উদয় শংকৰ,পংকজ ইংতিয়ে নৃত্য পৰিচালনা কৰিছে উক্ত বোলছবিখনত।
অসমীয়া বোলছবিৰ অচল অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি আগবাঢ়ি অহা শিল্পীসমূহৰ ভিতৰত যতীন বৰাৰ নামো লেখত ল’বলগীয়া। অসমীয়া চিনেমা জগতত কাম কৰা ব্যক্তিসকলেই যেতিয়া অসমীয়া বোলছবি জগতক লৈ কাম কৰিবলৈ লয়; তেতিয়া তাৰ উন্নতি হো্ৱাটো নিশ্চিত।
You may also like
|| সুন্দৰপুৰ কেঅছ / চিনেচৰ্চা || –উৎপল মেনা
কেমেৰাৰ ফ্ৰেমত সত্ৰাধিকাৰ, কিংকৰ। কেমেৰা-ছাবজেক্ট মুভমেণ্ট। সত্ৰাধিকাৰ: কৰ্মক্ষেত্ৰ মনেই কুৰুক্ষেত্ৰ। ইয়াত ভাগে ভাগে কোনোবাই কৌৰৱ পক্ষত থিয় হ’ব কোনোবাই পাণ্ডৱ। কৃষ্ণ কিন্তু এজনেই। প্ৰায়বিলাক তেওঁৰেই সৃষ্টিৰ জ্ঞান...
মোক্ষ: ৫০লাখ টকীয়া ছেটত চিত্ৰগ্ৰহণ চলিছে –উৎপল মেনা
বিশাল ছেট। ডিজাইন কৰিছে বিপ্লৱ ৰয়ে। ( Fanaa, Ajab Prem Ki Ghazab Kahani, Baa Baaa Black Sheep, Hazaaron Khwaishein Aisi আদি হিন্দী চিনেমাৰ Art Director -ৰ , Art Department -ত, Production Designer -ৰ কাম কৰা বিপ্লৱ ৰয়...
The 14th Annual All-Assam ‘Bhupendra-Sangeet Competition’, organized by ‘Gandharba’, 7th Annual Jiban Silpi Adya Sarma Memorial ‘Drawing Competition’ and 2nd Annual Gandharba Drama Festival-Prantik Deka
On the occasion of the 20th anniversary of Maligaon’s Boripara-based acting and music institute ‘Gandharba’, a two-day second annual ‘Gandharba Drama Festival’ will be held on December 6 and 7, 2024, at the...
বীৰাংগনা সাধনী : ২৫ জুলাইৰ পৰা চিত্ৰগৃহত–উৎপল মেনা
পৰিচালক, চিনেমা খনৰ লেখক বিশ্বজিৎ বৰা ব্যস্ত “বীৰাংগনা সাধনী”ৰ শেষ পৰ্যায়ৰ কামত। কাৰণ হাতত আৰু ছয়টা মাহহে। চিত্ৰগৃহলৈ অহাৰ তাৰিখ ঠিক হৈছে। ২৫ জুলাই ২০২৫ -ত চিত্ৰগৃহলৈ আহিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। চিনেমা...
Emotional Triumph at 70th National Film Awards: Sooraj Barjatya Wins Best Director for Uunchai, Rishabh Shetty Powers Through as Best Actor for Kantara
The 70th National Film Awards were unveiled today at 1:30 PM, celebrating cinematic brilliance in Indian filmmaking. This year’s awards focus on films certified in 2022, showcasing the industry’s vibrancy and diversity...
শ্বুটিং ৰিপ’ৰ্ট/ উৎপল মেনা
|| জ্যোতি চিত্ৰবনত ৰূপকোঁৱৰৰ সপোন || পৰিচালক মঞ্জু বৰাৰ নিৰ্দেশত কেমেৰা চলাইছে পাৰ্থই। কেমেৰাৰ ফ্ৰেমত দুটা চৰিত্ৰ। বলোৰাম দাস আৰু এগৰাকী অভিনেত্ৰী। সম্ভৱত: অভিনেত্ৰী গৰাকীক লৈ পৰিচালকে মূল উপন্যাস খনত থকা মীৰা চৰিত্ৰটো...
Add comment