“মিছন চাইনা” ৰ অভূতপূৰ্ব সফলতাৰ পিছত এইবাৰ নৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ অসমীয়া চলচিত্ৰ জগতত সংযোজনৰ নতুন প্ৰয়াস “কাঞ্চনজংঘা”। চিনেমা হ’লত “অসমীয়া চিনেমা ন’চলে” আদি জনসাধাৰণৰ মনত যি ঋণাত্মক ধাৰণা আছে তাক সম্পূৰ্ণ সলনি কৰাত জুবিন গাৰ্গ “মিছন চাইনা” ৰ যোগেদি সফল হোৱাৰ পিছত তেওঁ এই ধাৰা অব্যাহত ৰাখিব খুজিছে। “মন যায়” বোলছবিৰ কাহিনীৰ সৈতে সাদৃশ্য আছে যদিও “কাঞ্চনজংঘা” ত দৰ্শকে নতুনৰ সোৱাদ পাব বুলি উল্লেখ কৰিছে হাৰ্টথ্ৰৱ গৰাকীয়ে।
বিগত বৰ্ষৰ ১৮ নৱেম্বৰ তাৰিখে মুকলি কৰা “কাঞ্চনজংঘা” পষ্টাৰ আছিল ” আই কেচ্ছি” অৰ্থাৎ চকুত লগা। পৰিচালনা কৰা তথা সংলাপ দিয়া হাৰ্টথ্ৰৱ গৰাকীৰ কাঞ্চনজংঘা ৰ বাজেট হৈছে প্ৰায় ১কোটি টকা। অসম লোকসেৱা আয়োগ অৰ্থাৎ APSC ত যি বৃহৎ কেলেংকাৰী হৈছিল তাৰ নিদৰ্শনৰ ভেঁটিত কাহিনী দিয়া হৈছে “কাঞ্চনজংঘা” ত। সমষ্ট কেলেংকাৰীৰ বিৰুদ্ধে মুখ খুলি সংগ্ৰাম কৰা চৰিত্ৰ “অনিৰ্বাণ” ৰ যোগেদি ঘটনাটো বৰ্ণোৱা হ’ব বুলি কয় জুবিন গাৰ্গে। ১৯৭৬ চনৰ অসম লোকসেৱা আয়োগৰ এজন বিষয়া তেওঁৰ পিতৃ আছিল গতিকে এই গোটই বিষয়টো তেওঁ হৃদয়ংগম কৰিব পাৰে বুলি বহু সংবাদ মাধ্যম তথা সাক্ষাৎকাৰত তেওঁ জনাইছে। প্ৰিয়ংকা ভৰালী,দিপলীনা ডেকা, জুবিন গাৰ্গৰ কণ্ঠদানেৰে প্ৰস্তুত কৰা হৈছে “কাঞ্চনজংঘা”।
জুবিন গাৰ্গে ইতিমধ্যে “কাঞ্চনজংঘা” ৰ এটি ডায়লগেৰে ইয়াৰ প্ৰচাৰ আৰম্ভ কৰিছে – “মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই ।মই মুক্ত। মই কাঞ্চনজংঘা।” অহা ৮ চেপ্তেম্বৰ তাৰিখে ড° ভূপেন হাজৰিকাৰ জন্মদিনৰ দিনাই “কাঞ্চনজংঘা” মুক্তি দিয়াৰ পৰিকল্পনা কৰিছে জুবিন গাৰ্গে। অসমীয়া জনসাধাৰণ আশাবাদী জুবিন গাৰ্গৰ এই প্ৰচেষ্টা তথা সাধনাক লৈ। অসমীয়া বোলছবি জগতত পুনৰ নতুন সুৰুযে আশাৰ কঁঠিয়া দিচক তাৰেই কামনা বৰ্তমান অসমবাসীৰ।

Add comment