Rupaliparda.com
"কিন্তু গান গাবলৈ সম্পূৰ্ণ সাহস পালো গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাহে"- বিপ্লৱ গগৈ 1

“কিন্তু গান গাবলৈ সম্পূৰ্ণ সাহস পালো গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাহে”- বিপ্লৱ গগৈ

সমাগত মাঘ বিহুক লৈ বহু কেইজন কন্ঠশিল্পীয়ে ইতিমধ্যে নিজ নিজ কন্ঠৰে মুকলি কৰি দিছে একোটাকৈ বিহু গীত। বাপতি সাঁহোন বিহুটোক আদৰ-সাদৰেৰে উদযাপন কৰাৰ অৰ্থে শেহতীয়াকৈ কন্ঠশিল্পী বোৰে নিজ নিজ অনুৰাগীক উৎসাহিত কৰিবলৈ একোটাকৈ বিহু গীতৰ মুকলি কৰি দিছিল। কিছুদিন পূৰ্বে এক সুঁকীয়া বিহুগীতে চৰ্চা লাভ কৰিছিল চচিয়েল মিডিয়াত; ক্ষন্তেকতে ই ইউটিউবত হাজাৰৰ অংকত ভিউৱাৰচ লাভ কৰিবলৈও সক্ষম হৈছিল। ইয়াৰ নাম আছিল “বেণ্ড পাৰ্টীৰ ঢুলীয়া”; এক সুন্দৰ সৃষ্টি। গীতটিক লৈ জনসাধাৰণৰ কমেন্টো দেখিবলৈ পোৱা গৈছিল ধনাত্মক; নৱপ্ৰজন্ম আৰু এওঁলোকৰ শেহতীয়া সৃষ্টি সমূহে আচলতে বহুল হাৰত চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। এনে এগৰাকী নৱপ্ৰজন্মৰ সংগীত শিল্পীৰ নাম হৈছে বিপ্লৱ গগৈ। ৰূপালীপৰ্দাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত যেতিয়া তেওঁক সংগীত ক্ষেত্ৰখনত কৰা আৰম্ভণিৰ বিষয়ে সোধা হৈছিল তেতিয়া তেওঁ কয় যে, “মোৰ ক্ষেত্ৰত সংগীতৰ পৰিৱেশ এটা নিজৰ ঘৰ খনৰ পৰাই আৰম্ভ হৈছিল; মোত ককা এজন সুদক্ষ বিহুৱা আৰু দেউতা এজন তবলা, ঢোলক বাদকৰ সমান্তৰালকৈ এজন বিহুৱায়ো আছিল। তেনেকৈয়ে, মই বিহু বাদ্য ক্ৰমে ঢোল, পেঁপা আৰু গগনাৰ প্ৰতি আকৃষ্ট হৈ নিজেই শিকিব ললোঁ; হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটীলৈ আহি পঢ়াৰ লগতে প্ৰথমতে এজন ঢুলীয়া, পেঁপুৱা ৰূপেহে অনুষ্ঠান বোৰ কৰিছিলো আৰু পিছলৈ লাহে লাহে বিহু নামবোৰ আৰু ভাল লগা গীত বোৰ গাবলৈ চেষ্টা কৰিলো। কিন্তু গান গাবলৈ সম্পূৰ্ণ সাহস পালো গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাহে; কাৰিকৰী বিভাগত স্নাতক লৈ উচ্চ শিক্ষাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰাৰ পিছত মই বিশ্ববিদ্যালয় সপ্তাহত আৰু যুৱ মহোৎসৱত লোক সংগীত আৰু লোক বাদ্যত স্বৰ্ণ পদক পাবলৈ সক্ষম হ’লো, আৰু এনেকৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি সমবেত সংগীতত তৃতীয় পুৰস্কাৰ পাবলৈ সক্ষম হ’লো। তেতিয়াৰে পৰা, মোক গীত গাবলৈ মনত সাহস দিছিল মনোজ শৰ্মা দেৱ আৰু বন্ধু প্ৰতীম অৰূপ কলিতাই। সংগীত ক্ষেত্ৰখনত এনেদৰে মোৰ যাত্ৰা আৰম্ভ হৈছিল।”

"কিন্তু গান গাবলৈ সম্পূৰ্ণ সাহস পালো গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাহে"- বিপ্লৱ গগৈ 2


“বেণ্ড পাৰ্টীৰ ঢুলীয়া” শীৰ্ষক গীতটিৰ সফলতাৰ পিছত আৰু এনে গীতৰ পৰিকল্পনা কৰিছে নেকি বুলি কৰাত তেওঁ কয় যে, “পৰিকল্পনা বহুত আছে, সময়- সুবিধা হ’লে লাহে লাহে সকলো কাম আৰম্ভ কৰি যাম বুলি পৰিকল্পনা কৰিছো। এতিয়া এটি বিহু সুৰীয়া আধুনিক গীত এটাৰ কাম চলি আছে য’ত দুজন সৈনিক জোৱানৰ বিহুত ঘৰলৈ অহাৰ সময়ত হোৱা পৰিবেশ এটাক লৈ কৰা হৈছে। গীতটিৰ কথা খিনি সঁজাইছে মোৰ বন্ধু দীপাংকৰ বৰা আৰু শ্ৰদ্ধাৰ নিৰঞ্জন গোস্বামী দেৱে। লগতে, এই গীতটিত চীন-ভাৰতৰ যুদ্ধৰ কথাও উল্লেখ আছে বাবে গীতটিৰ নাম “চীন- ভাৰত” ৰখা হৈছে।” সংগীত তেওঁৰ নিচা নে পেচা বুলি সোধাত বিপ্লৱে কয় যে, “মোৰ বাবে এই প্ৰশ্নটোৱে সকলোতকৈ কঠিন প্ৰশ্ন; খেল,গীত মাত ,বাদ্য এই সকলো বোৰৰ প্ৰতি আগ্ৰহীত হৈ প্ৰথমতে তাৰ প্ৰতি নিচা হোৱাৰ পিছতহে পেছা হিচাপে সেই কৰ্মটোক কৰিব পাৰি যদিহে সেই কৰ্মটো জীৱন নিৰ্বাহৰ উপাৰ্জন হৈ পৰে। এই ক্ষেত্ৰত, মই এতিয়াও নিচা হিচাপেই কাম কৰি আছোঁ; যদি ৰাইজৰ আশীৰ্বাদ মৰম পাই থাকোঁ নিশ্চয়কৈ পেচা হিচাপে লব’লৈ কুন্ঠাবোধ নকৰোঁ।”

"কিন্তু গান গাবলৈ সম্পূৰ্ণ সাহস পালো গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাহে"- বিপ্লৱ গগৈ 3


বিপ্লৱ গগৈয়ে নিজ কন্ঠৰ বাবে বৰ্তমান বৃহৎ সংখ্যাত শ্ৰোতা-দৰ্শকক অনুৰাগী কৰি তুলিছে। তেওঁৰ আগন্তুক প্ৰতিটো পৰিকল্পনাৰ বাবে তেওঁলৈ জনাইছো ৰূপালীপৰ্দাৰ তৰফৰ পৰা শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform