Rupaliparda.com
Srutaxwini

শ্ৰোতস্ৰিনী

নানান খলা-বমা আৰু চলা-নচলাৰ মাজেৰে অসমীয়া চিনেমাই এই পৰ্যায় পাইছে। চিনেমা গৃহত অসমীয়া চিনেমা চলোৱাৰ বাবে বিভিন্ন জনে বিভিন্ন ধৰণে মাত মাতি আহিছে। প্ৰত্যেকটো মাহতেই একোখন অসমীয়া চিনেমা মুক্তি পোৱাটো অসমীয়া চলচিত্ৰ জগতৰ বাবে এক ভাল লগা খবৰ।
উপন্যাসৰ আধাৰত নিৰ্মিত বোলছবিয়ে দৰ্শকৰ সমাদৰ পাই আহিছে। ঠিক তেনেদৰে এইবাৰো ছৈয়দ আব্দুল মালিকৰ “জীয়া জুৰিৰ ঘাট” উপন্যাসৰ কাহিনীৰ আধাৰতেই নিৰ্মাণ কৰা হৈছে এখন বোলছবি “শ্ৰোতস্ৰিনী”। পষ্ট প্ৰডাকচনৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠা বোলছবি খনৰ পৰিচালনা কৰিছে ভাস্কৰ কিৰণ বৰা আৰু প্ৰযোজনা কৰিছে ৰাজীৱ দত্তই।
মৰম-ভালপোৱা,আশা আৰু দুখ-যন্ত্ৰণা আদি উপকৰণৰ লগতে সাম্প্ৰতিক সময়ৰ নিবনুৱা সমস্যাৰ পটভূমিত নিৰ্মাণ কৰা হৈছে বোলছবিখন। গুৱাহাটী,মায়ং,নগাওঁ,মৰিগাওঁ,শিৱসাগৰকে ধৰি মাজুলীৰ বিভিন্ন ঠাইত দৃশ্যগ্ৰহণ কৰা হৈছে বোলছবিখনৰ। অভিনয় কৰিছে ৰাজীৱ দত্ত,স্নিদ্ধা গগৈ,উৎপল কলিতা, হিমাংশু শৰ্মা,বিনোদ দাস আৰু সুস্মিতা শইকীয়া।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform