২০১৪ চনৰ এখন আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত চুটি ছবি হৈছে “পুষ্পিতা”। ৯ মিনিট ১৭ চেকেণ্ড দৈৰ্ঘ্যৰ চুটি ছবিখনে সাঙুৰি লৈছে সমাজৰ এক নগ্নতা। কাদম্বৰী কাশ্যপৰ কাহিনী তথা পৰিচালনা আৰু প্ৰমোদ দাসৰ প্ৰযোজনাৰ “পুষ্পিতা” চুটি ছবিখন এজনী ১২-১৩ বছৰীয়া ছোৱালীৰ জীৱনৰ ক্ষুদ্ৰ অধ্যায়ৰ উপস্থাপন কৰা হৈছে।
দুবেলা-দুমুঠি খাবলৈ নোৱাৰা পৰিয়ালৰ জীৱন যাপনৰ অৰ্থে ছোৱালীজনীক এবিধ পণ্য হিচাপে ব্যৱহাৰ কৰা কাহিনীৰ এক অংশ দেখুওৱা হৈছিল ছবিখনত। অকৰ্মণ্য পিতৃয়ে নিজ কৰ্মৰ কোনো সন্ধান নকৰি পেট প্ৰৱৰ্তোৱা বাবে ব্যৱহাৰ কৰে নিজ কন্যাক আৰু বিক্ৰী কৰি দিয়ে অইন কোনো ডাঙৰ মানুহৰ হাতত। ছোৱালীজনীয়ে নিজৰ মাজত “পুষ্পিতা” হোৱাৰ লক্ষণ নাইবা নিজ দেহৰ পৰিৱৰ্তন দেখা স্বত্বেও নিজ পৰিয়ালৰ সুখৰ বাবে আগবাঢ়ি গৈছিল অন্য এজনৰ লগত। এয়াই হৈছে “পুষ্পিতা” কাহিনী।
চুটি ছবিখনত ভায়েক- ভনীয়েকৰ মাজত থকা মিলাপ্ৰীতিৰ এক দৃশ্য দাঙি ধৰা হৈছে। বায়েক য’লৈ গৈছে পিছে পিছে বায়েকৰ সন্ধানত ভায়েকটোও আগবাঢ়িছে। সংলাপৰ বৰ-বেছি সমাৱেশ নহ’লেও ভংগিমাৰ সহায়ত ছবিখনৰ কাহিনীয়ে প্ৰাণ পাই উঠিছে।
অমিয়া ৰঞ্জন দাসৰ দৃশ্যগ্ৰহণ লেখত ল’বলগীয়া। প্ৰতিটো দৃশ্যৰ “পাৰফেক্ট শ্বট” কিছুমান পোৱা গৈছে। যেনে তামোলৰ ঢকুৱাত চুচঁৰি যোৱা, খেৰৰ চালিৰে বৰষুণৰ কণিকা নিগৰা আদি।
বাংগলুৰত আন্তঃৰাষ্ট্ৰীয় চুটি ছবিৰ পুৰস্কাৰপ্ৰাপ্ত “পুষ্পিতা” ত অভিনয় কৰিছে চুজেন গগৈ, ৰুদ্ৰ সাগৰ,কাজৰি কোঁৱৰ,মাদান।
You may also like
সত্য: চিত্ৰগৃহলৈ ২ ফেব্ৰুৱাৰীত –উৎপল মেনা
চৰ্চাত এখন অসমীয়া চিনেমা– ‘সত্য- দ্য ট্ৰুথ’। বিষয়বস্তু কেন্দ্ৰীক চিনচিন্তা। চৰ্চাৰ কাৰণ বিষয়বস্তু। পুৰুষৰ সৈতে পুৰুষৰ প্ৰেম কাহিনী। নহয়, কেৱল শৰীৰ প্ৰেম নহয়, প্ৰেমৰ মানসিক অনুভৱ। ‘পুৰুষ...
অষ্টম সংখ্যক ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ সফল সামৰণি
আদিল হুছেইন অভিনীত, নাথালিয়া শ্যামৰ ছবি ‘ফুটপ্ৰিণ্টছ অন ৱাটাৰ’লৈ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা গুৱাহাটী, ১৭ ডিচেম্বৰ, ২০২৩: সাংস্কৃতিক কেনভাছত অবিস্মৰণীয় সোণালী স্বাক্ষৰ খোদিত কৰি গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অন্তিমটো দিনৰ...
“কুহি” সংবাদ –উৎপল মেনা
চিনেমা খনৰ নাম– ‘কুহিঁ’। কুঁহি চিনেমা খনৰ নায়িকা। কেন্দ্ৰীয় চৰিত্ৰ। সৰল মনৰ কুঁহিয়ে নিজ, নিকা বাটে খোজ কাঢ়ি ভাল পায়। পৰিচালক-লেখকে কুঁহি কেন্দ্ৰিক এটা ত্ৰিকোণীয় প্ৰেমৰ গল্প নিৰ্মাণ কৰিছে। নায়িকাৰ...
সংগীত নাটক অকাদেমী বঁটা ঘোষণা
ঘোষণা কৰা হ’ল সংগীত নাটক অকাদেমী ২০২২- ২৩ বৰ্ষৰ বটা সমূহ। অসমৰ বহু কেইগৰাকী সাংস্কৃতিক সাধকে এই সন্মান লাভ কৰিছে। বিশিষ্ট নাট্যকাৰ দুলাল ৰয়লৈ সংগীত নাটক অকাদেমী ফেল’ৰ সন্মান প্ৰদান কৰা হৈছে । ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ...
বৰুৱাৰ সংসাৰ: উৎপল বৰপূজাৰীৰ “তথ্য-চিনেমা” –উৎপল মেনা
মন-মগজুত খোপনি পুটি থকা বা সাচি ৰখা কেইবা খনো অসমীয়া চিনেমাৰ টুকুৰা, সংলাপৰ টুকুৰা, চিৰসেউজ গীতৰ টুকুৰা পৰ্দালৈ আহিছিল। নষ্টালজিক হৈছিলোঁ, চিনে আনন্দ অনুভৱ কৰিছিলোঁ। কেমেৰা পেন কৰিছিল কংক্ৰিট মহানগৰীৰৰ সৰু-বৰ অট্টালিকাৰ...
উপমাৰ সিপাৰে… –উৎপল মেনা
“উপমাৰ সিপাৰে…” –মুকলি হ’ল। সুৰৰ ডেউকাত ভাল লগা, মৰম লগা আৰু এবোজা শব্দ লৈ শ্ৰোতাৰ ওচৰ পালে আৰু এটা “ভাল লগা” গীত, তৰালিৰ গীত,তৰালি শৰ্মাই “সুৰ-সংগীত অলংকাৰ”...
Add comment