Rupaliparda.com

“অস্তিত্ব” ৰ যুঁজঃ

মিৰ্জা আৰিফ হাজৰিকাৰ কাহিনী,চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনাৰে লগতে নাজিম আহমেদৰ প্ৰযোজনাৰে “অস্তিত্ব” ই ইতিমধ্যে শেষ কৰিলে নিজ দৃশ্যগ্ৰহণৰ কাম। বিভূতি ভূষণ হাজৰিকা; অসমীয়া অভিনেতা গৰাকীক দেখিবলৈ পোৱা যাব নায়কৰ চৰিত্ৰত। দিনেশ দাস; অসমীয়া বোলছবিৰ প্ৰিয় “ভিলেইন”। এইবাৰো তেওঁক এটা “নিগেটিভ” চৰিত্ৰতেই দৰ্শকে দেখিবলৈ পাব। “লাচিত হাজৰিকা” নামৰ চৰিত্ৰটোক কেন্দ্ৰ কৰিয়েই নিৰ্মাণ কৰা হৈছে “অস্তিত্ব”।


এখন সামাজিক চিনেমা। লাচিত হাজৰিকাই নিজ অস্তিত্বক লৈ কৰা সংগ্ৰামৰ কাহিনী দেখা যাব বোলছবিখনত। ন- পৰিকল্পনা আৰু কিছু পাহৰণি গৰ্ভলৈ ক্ৰমশঃ গতি কৰা নিয়ম নীতিক লৈ নিৰ্মাণ কৰা হৈছে বোলছবিখন।
উল্লেখ্য যে, “অস্তিত্ব” ত বহু ন-পুৰণি শিল্পীৰ সমাহাৰ ঘটাইছে পৰিচালকে। ব্ৰজেন বৰা, সিদ্ধাৰ্থ মূখাৰ্জী, লনিশ্ৰী দাস, দূৰ্গাশ্ৰী বৰা, মনোজ গগৈ, বিভাষ সিনহা, ৰুণুমী দেৱী, উদলক য়গী, ৰণিত চৌধুৰী, মহিবুৰ ৰহমান, কুলদীপ বৰা, জ্যোতি শংকৰ, ৰাজীৱ ক্ৰ’ লগতে স্মৃতি দাসে অভিনয় কৰিছে বোলছবিখনত।
পষ্ট প্ৰডাকছনৰ কাম চলি থকা বোলছবিখনত এটাই মাত্ৰ সংগীত আছে যাক কম্পছ কৰিছে তৰালী শৰ্মাই।

“ৰিয়েল একচন” সদৃশ কিছু দৃশ্যৰো পৰিচালনা কৰা হৈছে বোলছবিখনত। বিভাষ আৰু স্পন্দনৰ দ্বাৰা পৰিচালিত এই “ষ্টান্ট” কিছুমানে দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব বুলি আশাবাদী পৰিচালক। বোলছবিখনত VFx দিয়া হৈছে প্ৰিয়ম চক্ৰৱৰ্তীৰ তত্ত্বাৱধানত লগতে তেওঁ বোলছবিখনৰ পষ্টাৰো ডিজাইন কৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform