Rupaliparda.com
ক'ৰোণাৰ বাবে প্ৰত্যাহ্বানমূলক হৈছে ৰঙালী বিহু; কি ক'লে বিকি কলিতা, বাবন বৰ্ণিলৰ লগতে আন কন্ঠশিল্পীয়েঃ 1

ক’ৰোণাৰ বাবে প্ৰত্যাহ্বানমূলক হৈছে ৰঙালী বিহু; কি ক’লে বিকি কলিতা, বাবন বৰ্ণিলৰ লগতে আন কন্ঠশিল্পীয়েঃ

ৰঙালী বিহুৰ সমান্তৰালকৈ এতিয়া প্ৰায়বোৰ ঠাইত আৰম্ভ হৈছে বিহু অনুষ্ঠান সমূহ। আকৌ আনহাতে গা কৰি উঠিছে ক’ৰোণাৰ দ্বিতীয়টো ঢৌ; বহু জনসাধাৰণ ইয়াৰ আগ্ৰাসনত সোমাই পৰাৰ লগতে ই আন একাংশক সন্ত্ৰাসগ্ৰস্তও কৰি তুলিছে। মুঠতে, আকৌ এবাৰ চিন্তিত হৈছে জনসাধাৰণ। কিন্তু, শেহতীয়াকৈ চিন্তাত পৰিছে সাধাৰণ কন্ঠশিল্পী অথবা সংগীতশিল্পী সকলহে। বিগত বৰ্ষত বিহু অনুষ্ঠানসমূহ অনুষ্ঠিত নহ’ল আৰু তাৰ পিছতেই এইবাৰ আকৌ এবাৰ ক’ৰোণাৰ দ্বিতীয়টো ঢৌৰ ফলত অনুষ্ঠানসমূহ সামৰণিৰ বাবে সময়সীমা বান্ধি দিয়া হৈছে নিশা ১১ টা বজাত। গতিকে, তেনেক্ষেত্ৰত উপায়হীন হৈ পৰিছে সাধাৰণ কন্ঠশিল্পী। ৰূপালীপৰ্দাৰ তৰফৰ পৰা আমি এনে একাংশ কন্ঠশিল্পীৰ কাষ চাপিছিলো; ক’ৰোণাই আকৌ এবাৰ গা কৰি উঠিছে। তেনেক্ষেত্ৰত আকৌ এবাৰ বিহু অনুষ্ঠান সমূহত ইয়াৰ প্ৰভাৱ পৰিছে; গতিকে, সাধাৰণ কন্ঠশিল্পী সমূহৰ মানসিক অৱস্থা কেনে বুলি প্ৰশ্ন কৰাত তেওঁলোকে দিয়া উত্তৰসমূহ চাওঁচোন আহকঃ

ক'ৰোণাৰ বাবে প্ৰত্যাহ্বানমূলক হৈছে ৰঙালী বিহু; কি ক'লে বিকি কলিতা, বাবন বৰ্ণিলৰ লগতে আন কন্ঠশিল্পীয়েঃ 2

পল্লৱ চাংঘৰঃ প্ৰথম কথা, ক’ৰোণাৰ ভয়াৱহতা আমি নুই কৰিব নোৱাৰোঁ; বিহু বুলিলেই আমাৰ মনবোৰ সুকীয়া অনুভৱেৰে ভৰি পৰে। গীত-মাত, নাচ-গানৰ লগত আমি বিলীন হৈ যাওঁ । যিহেতু বিগত বৰ্ষত আমি বিহু পালন কৰিব নোৱাৰিলোঁ, গতিকে তাৰ ফলস্বৰূপে অসমৰ বহু কন্ঠশিল্পী বিহু অনুষ্ঠান কৰাৰ পৰা বিৰত থাকিব লগা হ’ল । এই ভয়াৱহতাৰ কাৰণে এইবাৰো অসমৰ বিভিন্ন ঠাইত বিহু অনুষ্ঠান সমূহ পাতিবলৈ সাহস কৰিব পৰা নাই। অসমৰ বহু কন্ঠশিল্পী বিহুৰ অনুষ্ঠান পৰিৱেশন কৰি ৰাইজক আমোদ দিয়াৰ লগতে নিজৰ পৰিয়াল চলাই আহিছে; কিন্তু ক’ৰোণাৰ দ্বিতীয় ঢৌ আৰম্ভ হোৱাৰ পৰা সকলো শংকিত হৈ পৰিছে; বিভিন্ন ঠাইৰ লোক সংস্কৃতিৰ লগত জড়িত শিল্পী সকলৰ যি আগৰ উৎসাহ সেইখিনি প্ৰায়ে কমি অহা দেখিবলৈ পাইছোঁ । শিল্পী সকলে বিহুৰ পৰিৱেশৰ কাৰণে আখৰা আৰম্ভ কৰিছিল । কিন্তু, বৰ্তমান পৰিস্থিতিৰ বাবে তেওঁলোকেমনত বাৰুকৈ আঘাত পাইছে। আগৰ ষ্ফুৰ্তি , বিহুৰ আমেজ , এইখিনি কমি অহা দেখিবলৈ পাইছোঁ ।

ক'ৰোণাৰ বাবে প্ৰত্যাহ্বানমূলক হৈছে ৰঙালী বিহু; কি ক'লে বিকি কলিতা, বাবন বৰ্ণিলৰ লগতে আন কন্ঠশিল্পীয়েঃ 3

বিকি কলিতাঃ বৰ চিন্তনীয় বিষয় হৈ উঠিছে; এনেয়ে যোৱাবছৰ যিটো ক্ষতি শিল্পী সকলৰ হ’ল সেয়া বৰ দুখ লগা কথা। তথাপিও, সকলো পাহৰি বিহুখন হ’ব বুলিয়ে অলপ সন্তুষ্টি লাভ কৰিছিল কিন্তু এতিয়া আকৌ ক’ৰোণাৰ উত্থানে শিল্পী সমাজক জুৰুলা কৰি তুলিব। শুনিবলৈ পাইছোঁ ভালে সংখ্যক কণ্ঠশিল্পীৰ ঠিক হৈ থকা অনুষ্ঠানসমূহ বাতিল হ’বলৈ ধৰিছে। এনেকৈ হ’লে কণ্ঠশিল্পী বুলিয়ে নহয় বাদ্যযন্ত্ৰী , কলা-কুশলী সকলো বৰ বিপাঙত পৰিব।

ক'ৰোণাৰ বাবে প্ৰত্যাহ্বানমূলক হৈছে ৰঙালী বিহু; কি ক'লে বিকি কলিতা, বাবন বৰ্ণিলৰ লগতে আন কন্ঠশিল্পীয়েঃ 4

বাবন বৰ্ণিলঃ নিশ্চয়কৈ আকৌ এবাৰ ক’ৰোণাই গা কৰি উঠাৰ ফলত শিল্পী সমাজ পুনৰ এবাৰ শংকিত হৈ উঠিছে। বিগত বৰ্ষত কোনো এখন অনুষ্ঠান হোৱা নাছিল; গতিকে চলিত বৰ্ষত নহ’লে বৰ ডাঙৰ সমস্যা হ’ব বুলিয়ে মই ভাবো। তথাপিও, ক’ৰোণাৰ প্ৰতি লক্ষ্য ৰাখি সজাগ সচেতনতাৰে চৰকাৰী নিয়ম খিনি মানি অনুষ্ঠান বোৰ কৰি যাব লাগিব; আৰু যেতিয়ালৈ অনুষ্ঠান কৰিব পৰা বিধৰ অৱস্থা থাকে তেতিয়ালৈ আমি কৰি যাম। যিহেতু, দেহা থাকিলেহে বেহা। এই বেমাৰটোৰ প্ৰভাৱ বেছি হ’লে বাৰুকৈয়ে বিষয়টো চিন্তনীয় হ’ব।

ক'ৰোণাৰ বাবে প্ৰত্যাহ্বানমূলক হৈছে ৰঙালী বিহু; কি ক'লে বিকি কলিতা, বাবন বৰ্ণিলৰ লগতে আন কন্ঠশিল্পীয়েঃ 5

নিহাৰ কাশ্যপঃ লোকগীত বাদ্যবাদক আৰু সাধাৰণ শিল্পী সমাজৰ বাবে এয়া বৰ বেয়া সময়। লোকবাদ্য বাদক বোৰৰ প্ৰসংগ মই এইটো বাবেই আনিছো কিয়নো এই সময়ছোৱাত লোকবাদ্য বাদক বোৰে এইখিনি সময়তে কিছুপৰিমাণে হ’লেও নিজক আৰ্থিকভাৱে উন্নত কৰি তোলে গতিকে এয়া ক’ৰোণা কালছোৱা তেওঁলোকৰ বাবেই প্ৰত্যাহ্বানমূলক।

ক'ৰোণাৰ বাবে প্ৰত্যাহ্বানমূলক হৈছে ৰঙালী বিহু; কি ক'লে বিকি কলিতা, বাবন বৰ্ণিলৰ লগতে আন কন্ঠশিল্পীয়েঃ 6

অঞ্জন ফুকনঃ এচাম কণ্ঠশিল্পী মানসিকভাৱে ভাগি পৰিব। কিয়নো বহুতৰে বাবে সংগীতেই হৈছে তেওঁলোকৰ উপাৰ্জনৰ পথ। যোৱা বছৰৰ দৰে এইবাৰো তেনে পৰিস্থিতি নহওঁক তাৰে আশা কৰিছোঁ।

… উক্ত প্ৰতিজন কন্ঠশিল্পীয়ে বৰ্তমান সজাগ-সচেতনতাৰে ক’ৰোণাক নাশ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও তেওঁলোক কোনোবাখিনিত হতাশ হৈ ৰোৱাও পৰিলক্ষিত হৈছে। আগন্তুক কালছোৱাত পৰিস্থিতি বোৰ সাম কটাৰ আশাৰে ৰূপালীপৰ্দাৰ তৰফৰ পৰা আটাইলৈ জনাইছো শুভকামনা।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.