Rupaliparda.com
বিৰতিৰ অন্তত "বেহাৰবাৰী আউটপোষ্ট" লৈ নিশিতা গোস্বামীঃ 1

বিৰতিৰ অন্তত “বেহাৰবাৰী আউটপোষ্ট” লৈ নিশিতা গোস্বামীঃ

দীৰ্ঘদিনৰ বিৰতিৰ পিছত আকৌ এবাৰ “বেহাৰবাৰী আউটপোষ্ট” ৰ মাজলৈ অভিনেত্ৰী নিশিতা গোস্বামী। অভিনেত্ৰী গৰাকীয়ে নিজেই ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে এই কথা অনুৰাগীসকলক জনায়; অসমীয়া ধাৰাবাহিক সমূহৰ ভিতৰত আটাইতকৈ দীঘল আৰু দৰ্শকৰ বহুল পৰিমাণে সমাদৰ লাভ কৰা প্ৰথমখন ধাৰাবাহিক হৈছে “বেহাৰবাৰী আউটপষ্ট”। ২০১৩ চনৰ ৭ অক্টোবৰ তাৰিখৰ পৰা ৰেঙণি চেনেলত ৰাতি ৮ বজাত প্ৰচাৰিত হয় উক্ত ধাৰাবাহিকখন। বিগত কেইবাটাও বৰ্ষৰ পৰা অবিৰত ভাৱে সম্প্ৰচাৰিত হৈ থকা এই ধাৰাবাহিকখনে আচলতে এতিয়াও নিজৰ জনপ্ৰিয়তাৰ পৰা আঁতৰি অহা নাই। বৰ্তমানলৈও এই ধাৰাবাহিকখনে সেই একেই ধৰণেই হহুঁৱাইছে প্ৰতিজন অসমীয়া দৰ্শকক। অসমীয়া চলচিত্ৰ জগতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হৈছে নিশিতা গোস্বামী। ৬০-৭০ দশকৰ অসমীয়া চলচিত্ৰ জগতৰ খ্যাতনামা অভিনেত্ৰী মলয়া গোস্বামী তথা তেওঁৰ মাতৃৰ পৰাই অভিনয় ক্ষেত্ৰখনৰ লগত চিনাকী হোৱা নিশিতা গোস্বীমাক ৬ বছৰ বয়সতে দেখিবলৈ পোৱা গৈছিল “ৰাতি ফুলা ফুল” চিনেমাখনত। তাৰ পিছতেই ২০০২ চনত বাণী দাসৰ দ্বাৰা পৰিচালিত ছবি “মন” ৰ পৰাই অভিনেত্ৰীগৰাকীৰ অভিনয়ৰ অনুৰাগী হৈ পৰে সমূহ দৰ্শক।

মন, কাদম্বৰী, চুৰেণ চোৰৰ পুতেক, অধিনায়ক, মন যায়, ৰং, দীনবন্ধু, অস্তৰাগ, ধন কুবেৰৰ ধন, ৰামধেনু, ৰিচাং, মনে মোৰ কইনা বিচাৰে, জিলমিল জোনাক আৰু বিগত বছৰত মুক্তি প্ৰাপ্ত ছবি “ৰত্নাকৰ” ত অভিনীত এই গৰাকী অভিনেত্ৰীয়ে অসমীয়া চলচিত্ৰ জগতত নিজৰ খুঁতি মজবুত কৰি থৈছে। নিশিতা গোস্বামীক বৰ্তমান ৰেঙণিযোগে সম্প্ৰচাৰিত ধাৰাবাহিক “বেহাৰবাৰী আউটপোষ্ট” ত দেখিবলৈ পোৱা যায়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.