Rupaliparda.com
প্ৰতিটো পৰিস্থিতিত ধনাত্মক ৰাইজৰ জানমণি শ্যামন্তিকা শৰ্মাঃ 1

প্ৰতিটো পৰিস্থিতিত ধনাত্মক ৰাইজৰ জানমণি শ্যামন্তিকা শৰ্মাঃ

কিছুদিন পূৰ্বে অসমীয়া জনপ্ৰিয় অভিনেত্ৰী তথা “জানমণি” খ্যাত শ্যামন্তিকা শৰ্মাৰ আৰু তেওঁৰ পৰিয়ালবৰ্গৰ বিৰুদ্ধে পাণবজাৰ আৰক্ষী চকীত গোচৰ ৰুজু কৰা হৈছিল। এই গোচৰ ৰুজু কৰিছিল অভিনেত্ৰী গৰাকীৰ নিজৰ বৌৱেক নিমীষাৰাণী বৰুৱাই।নিমীষাৰাণী বৰুৱাৰ স্বামী তথা অভিনেত্ৰী গৰাকী দাদায়েক ঋষিকেশ প্ৰাণ ভৰদ্বাজ সহিতে তেওঁৰ পৰিয়ালবৰ্গই দীৰ্ঘদিন ধৰি নিমীষাৰ ওপৰত মানসিক আৰু শাৰিৰীক গোচৰ ৰুজু কৰাৰ কথা ব্যক্ত কৰিছিল বৌৱেকে। কিন্তু, আটাইবোৰ অভিযোগক খণ্ডন কৰি বৌয়েকৰ সকলো কথাই মিছা বুলি মিডিয়াৰ সমুখত মন্তব্য কৰিছিল অভিনেত্ৰী গৰাকীয়ে। স্বামী-স্ত্ৰীৰ মাজত লগা কাজিয়াত বৌয়েক নিমীষা ৰাণীয়ে এনেদৰে পৰিয়ালবৰ্গক টানি অনা কথাটোত ক্ষোভ প্ৰকাশ কৰাৰ লগতে অসমীয়া ৰাইজৰ মাজত অভিনেত্ৰী গৰাকী জনপ্ৰিয় হোৱা বাবে তেওঁক এনেদৰে এই প্ৰসংগত টানি অনাটো ভুল বুলিও কয় শ্যামন্তিকাই। এই আটাইবোৰৰ পিছতো কিন্তু চচিয়েল মিডিয়াত সক্ৰিয় শ্যামন্তিকা শৰ্মা; তেওঁ পোষ্ট কৰি কয় যে সুখেই হওঁক অথবা দুখেই হওঁক অভিনেত্ৰী গৰাকী প্ৰতিটো পৰিস্থিতিতেই ধনাত্মক হৈ থাকে। যিকোনো পৰিস্থিতিত তেওঁ ইতিবাচক হৈ থাকিবলৈ বিচাৰে।


ইনষ্টাগ্ৰাম যোগে অভিনেত্ৰী গৰাকীয়ে কৰা এই পোষ্টত অনুৰাগীৰো বহুল সঁহাৰি দেখিবলৈ পোৱা গৈছে।অসমীয়া ভি.চি.ডি তথা চিনেমা আৰু ধাৰাবাহিকত কৰা অভিনয়ৰ লগতে বিহু নৃত্যৰ যোগেৰে দৰ্শকৰ হৃদয় জিনা “জানমণি” খ্যাত অভিনেত্ৰী শ্যামন্তিকা শৰ্মা বিগত বৰ্ষত বিবাহপাশত আবদ্ধ হৈছিল। ভাৰতীয় নৌ-সেনাত কৰ্মৰত সুপ্ৰতীম দাসৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল শ্যামন্তিকা।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.