“নীলা খামৰ চিঠি”। চিঠিৰ আদান-প্ৰদানেৰে প্ৰেমৰ সেই সুন্দৰ কথাবোৰ তেতিয়াৰ দিনৰ ভাল লগা কথা নাছিল নে! আপোনাৰ ঘৰৰ জ্যেষ্ঠ সদস্য এগৰাকীয়ে কেতিয়াবা নহয় কেতিয়াবালৈ যদি তেওঁৰ প্ৰেমৰ বিষয়ে উল্লেখ কৰিলে, তেওঁলৈ অহা চিঠিৰ বিষয়ে আপোনাক প্ৰকাশ কৰিবই। এগৰাকী প্ৰেমিক অথবা প্ৰেমিকাৰ বাবে প্ৰতিটো আপুৰুগীয়া বস্তুৰ মাজৰ এটা হৈছে ইজনে আনজনক প্ৰদান কৰা চিঠি খন। বৰ্তমান সময়ছোৱাত পূৰণিকলীয়া চিঠি প্ৰদানৰ ব্যৱস্থা নাই যদিও সেই সময়ৰ এই মূহুৰ্তবোৰ ক’ৰবাত হ’লেও যদি কেতিয়াবা দেখিবলৈ পাওঁ তেতিয়া আমি উৎফুল্লিত হৈ পৰোঁ। জীৱনৰ “প্ৰেম” বোলা এই বিশেষ অনুভূতিটোক এবাৰ হ’লেও অনুভৱ কৰিব বিচাৰে সকলোৱে; এই অনুভৱটোক আলিংগন কৰি জীয়াবলৈ বিচাৰে। প্ৰাপ্তি-অপ্ৰাপ্তিবোৰ আঁতৰতেই ৰখা হয় যেতিয়া আমাৰ প্ৰেম হয়; মনোৰঞ্জন ক্ষেত্ৰখনত প্ৰেমক লৈ ভিন্ন প্ৰকাৰৰ প্ৰকল্পক আমি উপভোগ কৰি আহিছোঁ। গীত, চুটি ছবি অথবা পূৰ্ণদৈৰ্ঘ্যৰ ছবিকে লৈ ভিন্নটা প্ৰেমৰ উল্লেখনীয় প্ৰকল্পৰ উদাহৰণ হয়টো আপুনিও মোক তৎক্ষণাতেই ক’ব পাৰিব। শেহতীয়াকৈ, আন এখন প্ৰেমৰ চুটি ছবিক লৈ সাজু হৈছে একাংশ নতুন প্ৰজন্মৰ কলা-কুশলী। প্ৰেমৰ যদিও অকণমান ব্যতিক্ৰমী বিষয়বস্তুৰ সৈতে মুক্তি পাবলগীয়া এই চুটি ছবিখনৰ নাম হৈছে “Aìn কনেং”।
অকণমান পূৰণিকলীয়া প্ৰেমৰ সোঁৱাদ চুটি ছবিখনৰ জৰিয়তে লাভ কৰিব দৰ্শকে। প্ৰেমে বয়স, জাতি অথবা ই দেহৰ সুন্দৰ গঠনৰ ওপৰত ভিত্তি নকৰে; ই কেৱল হৃদয়ৰ কোমলতাক বিচাৰে। এই চুটি ছবিখনত অসমীয়া আৰু মিচিং জনজাতিৰ এহাল ল’ৰা-ছোৱালীৰ মাজৰ প্ৰেম কাহিনীক উপস্থাপন কৰা হৈছে। “Aìn কনেং” ৰ কাহিনী লিখাৰ লগতে পৰিচালনা কৰিছে কৰণজিতে। আনহাতে, চিত্ৰনাট্য আৰু দৃশ্যগ্ৰহণ কৰিছে প্ৰিয়ম জে কোঁচে। সংলাপ স্পৃতা দত্তৰ সংগীত কৰিছে মঞ্জিল কুমাৰ গগৈয়ে; ইয়াৰ লগতে চুটি ছবিখনৰ প্ৰযোজনা কৰিছে প্ৰদীপ গগৈ আৰু চন্দ্ৰ পি হাজৰিকাৰ। ইয়াত অভিনয় কৰিছে ৰক্তিম আৰু অন্তৰীক্ষাই। পষ্টাৰ ডিজাইন ইশান হাজৰিকাৰ। সৰু-সৰু ঘাত-প্ৰতিঘাতৰ মাজৰে পাৰ হোৱা এটি সফল প্ৰেম কাহিনী হৈছে “Aìn কনেং”। উল্লেখ্য যে, “লক-ডাউন” ৰ সময়ছোৱাৰ পৰা একোখনকৈ সুন্দৰ চুটি ছবিয়ে প্ৰশংসা লাভ কৰাৰ উপৰিও ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো লাভ কৰিছে বঁটা।চুটি ছবিসমূহে এক অন্য দৃষ্টিভংগীৰ সৃষ্টি কৰিছে জনসাধাৰণ সমূহৰ মাজত। প্ৰেম, বিদ্ৰোহ, ৰাজনৈতিক, থ্ৰীলাৰ অথবা চাচপেন্স আদি ভিন্ন বিষয়বস্তুৰে নিৰ্মিত একোখন চুটি ছবি আপোনালোকে ইতিমধ্যে উপভোগ কৰিছে বিগত “লক-ডাউন” ৰ সময়ছোৱাত। চুটি ছবি সমূহক দৰ্শকে দিয়া সঁহাৰিত দুগুণে উৎসাহ লাভ কৰা একাংশ নৱপ্ৰজন্মৰ পৰিচালক, শিল্পী ও কলা-কুশলীয়ে আৰম্ভ কৰিছে কেইবাখনো হৃদয়স্পৰ্শী বিষয়বস্তুৰে নিৰ্মিত চুটি ছবিৰ।
“Aìn কনেং” ৰ সমূহ কলা-কুশলীক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো অশেষ শুভকামনা। চুটি ছবিৰ ক্ষেত্ৰখনত সন্নিৱিষ্ট হৈ দৰ্শকক আমোদ প্ৰদানৰ বাবে কৰা এওঁলোকৰ চেষ্টা সমূহ সঁচাকৈ প্ৰশংসনীয়।
Add comment