আমি বৰ্তমানলৈ বহুকেইগৰাকী পুৰুষ বাদ্যযন্ত্ৰীৰ সৈতে কথা পাতিছোঁ। তেওঁলোকৰ বিষয়ে অথবা তেওঁলোকৰ পৰিকল্পনাৰ বিষয়েও আমি আপোনালোকক জানিবলৈ দিছোঁ। একোগৰাকী বাদ্যযন্ত্ৰীয়ে আমাৰ থলুৱা সংস্কৃতিক লৈ কাম কৰি যোৱাত অহৰহ প্ৰচেষ্টা কৰা আমি দেখিবলৈ পাইছোঁ। কিন্তু, আজিৰ এই লেখাটোৰ মাজেৰে আমি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ এগৰাকী মহিলা বাদ্যযন্ত্ৰীক। বৰ্তমান সময়ৰ নাৰী কোনো কাৰণতেই কোনো সময়তে একোগৰাকী পুৰুষৰ বশৱৰ্তী হৈ থকা নাই; তেওঁলোকে নিজে নিজৰ জীৱন উত্তৰণৰ দিশত খোজ দিয়া দেখিবলৈ পোৱা গৈছে। স্বাৱলম্বী তথা আত্মনিৰ্ভৰশীল এই মহিলা সকলে পুৰুষৰ বাবেই যে কোনো এটা নিৰ্দ্দিষ্ট দিশৰ আৱিৰ্ভাব হৈছে, তেনে ভাৱধাৰাক খণ্ডন কৰি প্ৰতিটো দিশতেই আগবাঢ়িবলৈ প্ৰচেষ্টা চলাইছে। কৃষি ক্ষেত্ৰতেই হওক অথবা মনোৰঞ্জন ক্ষেত্ৰখনৰ কোনো এটা মাধ্যমতেই হওঁক; নাৰীৰ সক্ৰিয়তা দেখিবলৈ পোৱা যায়। আজি আমি ক’বলৈ বিচৰা প্ৰতিভা গৰাকীৰ নাম হৈছে বাদ্যযন্ত্ৰী নীহাৰিকা দেৱী। সৰুতেই ককাদেউতাকৰ পৰামৰ্শনুসৰি যুগুতাই দিয়া তবলা যোৰক লৈ ভৱিষ্যতৰ সোণালী সপোন দেখিছে নীহাৰিকাই। শেহতীয়াকৈ এক্সক্লুচিভলি আমি তেওঁৰ সৈতে পাতিছিলো কিছু কথা; মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে কৰা আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে, “মনোৰঞ্জন ক্ষেত্ৰখনলৈ অহাৰ কথা ক’বলৈ গ’লে মই মোৰ শৈশৱৰ দিনলৈ উভতি যাব লাগিব। জন্মসূত্ৰে মই সাংস্কৃতিক পৰিৱেশ থকা এখন ঘৰত ডাঙৰ-দীঘল হোৱাৰ সৌভাগ্য হৈছিল। সৰুতে আইতা, দেউতা, মা, খুড়া, পেহী সকলোৰে মুখত নিচুকণি গীত, জ্যোতি সংগীত, ৰাভা সংগীত, শুনিয়েই মই টোপনি গৈছিলো। তেনেদৰেই মোৰ আগ্ৰহ বাঢ়ি আহিছিল এই ক্ষেত্ৰখনৰ প্ৰতি; ইয়াৰ লগতে, সৰুৰে পৰা ঘৰত নৃত্য-গীতৰ চৰ্চা কৰিবলৈ সুবিধা পাইছিলো। দেউতা ,খুড়াহঁতে বজোৱা ঢোল-খোলৰ বোলত নচাৰ সৌভাগ্যও হৈছিল। ঘৰত ঢোল ,খোল , টেবুল, বাচন- বৰ্তন আদিত টুকুৰিয়াই থকা দেখি ককাই কোৱা কথাষাৰ মোৰ এতিয়াও মনত আছে; তেওঁ কৈছিল যে, “এইক তবলা এযোৰ আনি দে।” পুৰণাযোৰ বেয়া হোৱাৰ বাবে খুড়াই তবলা এযোৰ আনি দিছিল।”
নীহাৰিকাই আগলৈ কয় যে, “পৰৱৰ্তী সময়ত, মই সপ্তম শ্ৰেণীত পঢ়ি থাকোঁতে শিৱসাগৰৰ আমগুৰিৰ নিবাসী শ্ৰীযুত প্ৰাঞ্জল দত্ত দাদাৰ তত্বাৱধানত অখিল “ভাৰতীয় গন্ধৰ্ব মহাবিদ্যালয়” ৰ অধীনত শিক্ষাৰ পাতনি মেলিছিলোঁ। বৰ্তমান যোৰহাট তৰাজানৰ নিবাসী “শ্ৰীযুত অম্লানজ্যোতি শৰ্মা বৰদলৈ ” ছাৰৰ অধীনত শিক্ষা গ্ৰহণ কৰি আছোঁ। এইখিনিতে, এটা কথা আপোনালোকৰ ওচৰত জনাবলৈ পাই সুখী হৈছো যে বিগত ২০১৬- ১৭ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱত জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ক প্ৰতিনিধিত্ব কৰি তবলাত দ্বিতীয় স্থান লাভ কৰিছিলোঁ। বৰ্তমান বিভিন্ন অনুষ্ঠানত সংগত কৰিবলৈ আৰম্ভ কৰিছোঁ। এনেকৈয়ে আচলতে, মোৰ যাত্ৰাৰ আৰম্ভণি হয়। মই এইক্ষেত্ৰত যোৰহাটৰ স্বনামধন্য তবলাবাদক “শ্ৰীযুত প্ৰকাশ শৰ্মা ” ছাৰৰ নাম ল’ব লাগিব। তেখেতৰ তত্বাৱধান তেখেতৰ পৰিকল্পনা আৰু পৰিচালনাৰে “Rhythm N Me” নামেৰে (তবলা বাদনৰ) এটি দৃশ্য-শ্ৰব্য কেছেটৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু ই বৰ্তমান মুক্তিৰ পথত।” এগৰাকী মহিলা বাদ্যযন্ত্ৰী ৰূপে নিহাৰীকাই কেতিয়াবা কোনো ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল নেকি বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “মহিলা বাদ্যযন্ত্ৰী হিচাবে তেনেকৈ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা নাই এতিয়ালৈকে; পৰিয়ালৰ আৰু ছাৰৰ সহযোগিতাৰ বাবেই আচলতে এইখিনি সম্ভৱপৰ হৈ উঠিছে। অৱশ্যে, ৰাতি অনুষ্ঠান পৰিৱেশনৰ বাবে অহা-যোৱা তথা মঞ্চ সজ্জাৰ আনুষংগিক কিছু সমস্যা আহে কেতিয়াবা। কিন্তু, সহযোগীসকল আৰু পৰিয়ালৰ সহযোগিতাত ই সহজ হৈ উঠে।”
নীহাৰিকা দেৱীৰ আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “ভৱিষ্যত পৰিকল্পনা বুলি ক’লে, মোৰ বহুত সপোন আছে। এজন সফল বাদ্যযন্ত্ৰী হোৱাৰ লগতে সংগীতৰ আজন্ম প্ৰেমিক আৰু সংগীতৰ ছাত্ৰী হৈ থাকি সংগীতৰ সাধনা কৰি সাংস্কৃতিক ক্ষেত্ৰখনত কাম কৰি যোৱাৰ হেঁপাহ আছে।” বাদ্যযন্ত্ৰী নীহাৰিকা দেৱী উঠি অহা প্ৰজন্মৰ বাবেও আচলতে এগৰাকী অনুপ্ৰেৰণাৰ উৎস।
Add comment