Rupaliparda.com
"মোৰ ইচ্ছা আছে সংস্কৃতিৰ ওপৰত এখন আৰ্ট ফিল্ম নিৰ্মাণ কৰি ভিন্ন মহোৎসৱলৈ প্ৰেৰণ কৰা"-ৰিমলী দাস 1

“মোৰ ইচ্ছা আছে সংস্কৃতিৰ ওপৰত এখন আৰ্ট ফিল্ম নিৰ্মাণ কৰি ভিন্ন মহোৎসৱলৈ প্ৰেৰণ কৰা”-ৰিমলী দাস

সৰুৰে পৰা নৃত্য ক্ষেত্ৰখনত জড়িত হৈ থাকি পৰৱৰ্তী সময়ত নৃত্য তথা অভিনয় উভয় ক্ষেত্ৰতেই নিজ প্ৰতিভা দেখুৱাবলৈ বিচৰা একোগৰাকী নৱপ্ৰজন্মৰ সক্ৰিয়তাই মুহিছে জনসাধাৰণক। নৃত্য জগত খনৰ সৈতে জড়িত এগৰাকী প্ৰতিভাৰ অভিনয় দিশটোৰ প্ৰতি থকা ৰাপৰ বাবেই তেওঁ এই দিশটোতো নিজক সফল ৰূপে চাবলৈ নিজ প্ৰয়াস অব্যাহত ৰাখিছে। আমি ইতিমধ্যে কেইবাবাৰো এই পেজটোৰ জৰিয়তে নৱপ্ৰজন্মৰ প্ৰয়াস তথা প্ৰচেষ্টাক আপোনালোকৰ মাজলৈ লৈ আনিছো; অৱশ্যে নুই ইয়াকো কৰিব নোৱাৰি যে সম্প্ৰতি নৱপ্ৰজন্মই অহৰহ প্ৰচেষ্টা কৰিছে ৰাইজক কিছু সময়ৰ মনোৰঞ্জন প্ৰদান কৰি আমোদ দিবলৈ। মনোৰঞ্জন এনে এক বস্তু; যি কেতিয়াও থমকি নৰয়। প্ৰতিটো বস্তুত বিৰাম লাগিলেও আচলতে এই ক্ষেত্ৰখনত কোনোদিন বিৰাম নালাগে; সেইবাবেই হয়টো এই ক্ষেত্ৰখনৰ প্ৰতি আকৰ্ষিতও হৈ বিভিন্ন জন। আমি আজিৰ দেওবৰীয়া বিশেষত আপোনালোকৰ মাজলৈ লৈ অনা এই প্ৰতিভা গৰাকী নাম হৈছে ৰিমলী দাস। তেওঁৰ চচিয়েল মিডিয়া একাউণ্টটো নিৰীক্ষণ কৰিলেই আপুনি বুজি উঠিব তেওঁৰ প্ৰতিভাৰ বিষয়ে। প্ৰতিভাগৰাকীৰ সৈতে হোৱা এক্সক্লুচিভ কথা-বতৰা যোগে তেওঁ প্ৰকাশ কৰিছিল নিজ পৰিকল্পনা সমূহৰ বিষয়েও। চাওঁ চোন আহকঃ

"মোৰ ইচ্ছা আছে সংস্কৃতিৰ ওপৰত এখন আৰ্ট ফিল্ম নিৰ্মাণ কৰি ভিন্ন মহোৎসৱলৈ প্ৰেৰণ কৰা"-ৰিমলী দাস 2

প্ৰশ্নঃ মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে কেতিয়াৰ পৰা জড়িত?

ৰিমলী দাসঃ এই মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে মোৰ গাঢ় সম্পৰ্ক। মই চাৰি বছৰ মান বয়সৰ পৰাই জড়িত হৈছিলো বুলি ক’লেও হয়টো বঢ়াই কোৱা নহ’ব। প্ৰথম অৱস্থাত, নৃত্যৰ সৈতে জড়িত হৈছিলোঁ আৰু পৰৱৰ্তী সময়ত অৰ্থাৎ প্ৰায় ৯ বছৰ মানৰ পৰা অভিনয়ৰ সৈতে জড়িত হ’বলৈ সক্ষম হৈছিলোঁ। এতিয়াও প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। চাওঁচোন কিমান দূৰ আগবাঢ়িব পাৰোঁ।

প্ৰশ্নঃ এগৰাকী অভিনেত্ৰী ৰূপে তোমাক কেনে চৰিত্ৰই আকৰ্ষণ কৰে?

"মোৰ ইচ্ছা আছে সংস্কৃতিৰ ওপৰত এখন আৰ্ট ফিল্ম নিৰ্মাণ কৰি ভিন্ন মহোৎসৱলৈ প্ৰেৰণ কৰা"-ৰিমলী দাস 3

ৰিমলী দাসঃ এগৰাকী অভিনেত্ৰী ৰূপে মোক সকলো চৰিত্ৰই আকৰ্ষণ কৰে আৰু বিভিন্ন ধৰণৰ চৰিত্ৰ ৰূপায়ণ কৰিব পাৰিলেহে অনাগত দিনত মই সুখী হ’ম বুলি ভাবোঁ। প্ৰত্যেকটো চৰিত্ৰৰ আঁৰৰ ব্যক্তি গৰাকী হৈ মই জনসাধাৰণৰ মাজলৈ ওলাই আহিব পৰাৰ লগতে মই সকলোবোৰ চৰিত্ৰৰ সৈতে নিজক খাপ খুৱাব পাৰিলেহে এগৰাকী অভিনেত্ৰী ৰূপে আচলতে সুখী হ’ম।

প্ৰশ্নঃ তোমাৰ মতে, এগৰাকী “শিল্পী” ৰ সংজ্ঞা কি?

ৰিমলী দাসঃ মোৰ মতে, এগৰাকী “শিল্পী” য়ে শিল পি খাব পাৰিব লাগিব অৰ্থাৎ এগৰাকী শিল্পী হ’বলৈ হ’লে ধৈৰ্য্য, সহ্য আৰু ভাল পথেৰে ৰাইজৰ মনোৰঞ্জনৰ হকে লগতে নিজৰ কৃষ্টি-সংস্কৃতি বজাই ৰাখি আমোদ প্ৰদান কৰিব পাৰিব লাগিব। ইয়াৰ উপৰিও, তেওঁ কৰি থকা কামটোক কেৱল মাত্ৰ উপাৰ্জনৰ মাধ্যম বুলি নাভাবি শ্ৰদ্ধা প্ৰদৰ্শন কৰিব লাগিব। আকাশ খন চুবলৈ পাৰিলেও মাটিৰ মানুহৰ সৈতে মিলি থাকিব পৰা জনহে শিল্পী। নিৰৱচ্চিন্ন সাধনা আৰু জ্ঞানৰ জৰিয়তে কোনো এগৰাকী ব্যক্তি “শিল্পী” ৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হয়। এইখিনিতে, মই এটা কথা ক’ব বিচাৰিম যে কোনো এগৰাকী ব্যক্তিক আমি জনসাধাৰণে যধে-মধে যেতিয়া-তেতিয়াই আচলতে “শিল্পী” বুলি সম্বোধন কৰি দিব নালাগে। অকণমান সময় লৈ তেওঁলোকৰ সৃষ্টি বোৰলৈ মন কৰিহে একোজন ব্যক্তিক “শিল্পী” সম্বোধন কৰাটো গ্ৰহণযোগ্য।

প্ৰশ্নঃ আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিব বিচাৰিম।

"মোৰ ইচ্ছা আছে সংস্কৃতিৰ ওপৰত এখন আৰ্ট ফিল্ম নিৰ্মাণ কৰি ভিন্ন মহোৎসৱলৈ প্ৰেৰণ কৰা"-ৰিমলী দাস 4

ৰিমলী দাসঃ শেহতীয়াকৈ মই এখন নাটকক কেন্দ্ৰ কৰি নিৰ্মাণ হোৱা এখন টেলিফিল্ম কৰি আছোঁ। ইয়াৰ লগতে, ভৱিষ্যতে আৰু এখন ধাৰাবাহিকৰ পৰিকল্পনা চলি আছে। অনাগত দিনত মই কিমান সফল হ’ম নাজানো যদিও মোৰ ইচ্ছা আছে সংস্কৃতিৰ ওপৰত এখন আৰ্ট ফিল্ম নিৰ্মাণ কৰি ভিন্ন মহোৎসৱলৈ প্ৰেৰণ কৰা।

ৰূপালীপৰ্দাঃ ধন্যবাদ ৰিমলি। তোমাৰ আগন্তুক প্ৰতিটো পৰিকল্পনা সফল আৰু জনসাধাৰণৰ বাবে আমোদ দায়ক হওক। তাৰেই কামনা কৰিছোঁ।

ৰিমলী দাসঃ ধন্যবাদ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform