অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখন তেনেই সুকীয়া; আমি প্ৰত্যেকেই দেখিছো এই ক্ষেত্ৰখনৰ সৈতে জড়িত হোৱা একাংশৰ চেষ্টা। সংগীত, নৃত্য অথবা অভিনয় বুলিয়েই নহয়; একাংশ এনেও ব্যক্তি আছে যিয়ে আমাৰ থলুৱা বাদ্যযন্ত্ৰ সমূহক বজাই জনসাধাৰণৰ মাজলৈ ইয়াক লৈ আনিবলৈ অহৰহ চেষ্টা কৰিছে। এনে এগৰাকী বাদ্যযন্ত্ৰী হৈছে গোলাঘাট জিলাৰ কমাৰগাঁওৰ মহুৰামুখৰ মাধুৰ্য্য শইকীয়া। বিগত ২০০০ চনৰ পৰা সত্ৰীয়া সংস্কৃতি আৰু লোক-সংস্কৃতিৰ সৈতে জড়িত এই গৰাকী প্ৰতিভাই ইতিমধ্যে নিজ প্ৰতিভাৰে বহু ঠাইত প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। আমাৰ সংস্কৃতিৰ মজবুত দিশটোক আৰু অধিক দৃঢ় কৰাৰ মানসেৰে মাধুৰ্য্য শইকীয়াই কৰা অহোপুৰুষাৰ্থ মন কৰিবলগীয়া। শেহতীয়াকৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা এইগৰাকী প্ৰতিভাৰ সৈতে আমি পাতিছিলোঁ কিছু কথা-বতৰা। এই ক্ষেত্ৰখনৰ সৈতে কেতিয়াৰ পৰা জড়িত বুলি প্ৰশ্ন কৰাত মাধুৰ্য্য শইকীয়াই কয় যে, ” বাদ্যযন্ত্ৰী বুলি ক’বলৈ গ’লে মই আচলতে অসমৰ থলুৱা লোক বাদ্য সমূহৰহে চৰ্চা কৰোঁ আৰু সেইসমূহহে বজাও। বাদ্যযন্ত্ৰী বুলি ক’লে ২০০৯/২০১০ মানৰ পৰা জড়িত বুলি ক’ব লাগিব। তাৰ আগৰচোৱা সময় শিকি আছিলোঁ লগতে বিশেষকৈ সত্ৰীয়া সংস্কৃতিৰ লগতে জড়িত আছিলোঁ। বাকী, এক কথাত ক’বলৈ গ’লে ২০০৯ মানৰ পৰাহে অসমৰ লোক বাদ্য সমূহৰ চৰ্চা আৰম্ভ কৰিছোঁ।” অসমীয়া সংগীত ক্ষেত্ৰখনক লৈ তেওঁ কিবা নতুন পদক্ষেপ ল’ব বিচাৰে নেকি বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “হয় নতুন পদক্ষেপ ল’ব বিচাৰোঁ। আজিৰ প্ৰজন্মই লোকবাদ্য সমূহৰ চৰ্চাৰ প্ৰতি কমকৈ আকৰ্ষিত হোৱা দেখা যায়।”
তেওঁ আগলৈ কয় যে, “মই ভাবো প্ৰথমে আমাৰ নিজৰ সংস্কৃতি, বাদ্যযন্ত্ৰ সমূহৰ বিষয়ে জানি লৈ পাছত পশ্চিমীয়া সংস্কৃতিৰ প্ৰতি ধাৱমান হওক। কাৰণ অসমতে প্ৰচুৰ পৰিমাণে লোক বাদ্য সমূহ আছে। বহুত থল আছে শিকাৰ। গতিকে নৱপ্ৰজন্মক এই সমূহৰ বিষয়ে চিনাকী, চৰ্চা কৰাই দিছো নিজা প্ৰচেষ্টাৰে; যাতে নতুন প্ৰজন্মই ভালকৈ ইয়াক শিকে। তাৰ বাবে নিজৰ গাঁওতে ( AASU ) আছুৰ সদস্য সকলক বিনামূলীয়াকৈ এই সমূহৰ প্ৰশিক্ষণ দি থকা হৈছে। অসমৰ বিভিন্ন ঠাইত সত্ৰীয়া নৃত্য, খোলৰ শিক্ষা দিছোঁ। অংকীয়া ভাওনা ৰ প্ৰশিক্ষণ দিছোঁ। বিশেষকৈ মহিলা সকলকো অংকীয়া ভাওনাৰ প্ৰশিক্ষণ দি মঞ্চত অভিনয় কৰাইছোঁ।” কোনো এটা গীতৰ সফলতা/বিফলতা মানে কি বুলি মাধুৰ্য্যক প্ৰশ্ন কৰাত তেওঁ কয় যে, “গীত এটা সফল হ’বলৈ হ’লে এটা নিৰ্দ্দিষ্ট কাৰণ নাথাকে। গীতৰ ভাব, সুৰ আৰু সংগীত পৰিচালনা; মূলতঃ এই তিনিটাৰ গুৰুত্ব অধিক। সস্তীয়া জনপ্ৰিয়তাৰ বাবে ৰচনা কৰা অথবা গোৱা গীত বোৰ ক্ষণস্থায়ী। কিন্তু, যাৰ ভাৱ গধুৰ অৰ্থবহ তেনেবোৰ গীতেই চিৰসেউজ।” আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “বৰ্তমান অসমীয়া সংগীত ক্ষেত্ৰখনৰ জনপ্ৰিয় কণ্ঠশিল্পী “নীল আকাশৰ ” সৈতে এটি এলবামত বাদ্য সংগত কৰিছোঁ। (এলবামটো বৰ্তমানেও মুক্তি লাভ কৰা নাই)। অনাগত দিনত জনপ্ৰিয় কণ্ঠশিল্পীসকলৰ সৈতে কাম কৰাৰ ইচ্ছা আছে। নিজৰ এটি লোকবাদ্যৰ দল আছে। বিভিন্ন ঠাইত ইতিমধ্যে লোক বাদ্য সমূহ পৰিবেশন কৰিছোঁ। আশা কৰোঁ, এই দলটি জীয়াই ৰাখি অসম তথা ভাৰতৰ বিভিন্ন প্ৰদেশত অসমক লোকবাদ্যৰ জৰিয়তে আগুৱাই নিব পাৰোঁ। নৱ প্ৰজন্মৰ আগত চিনাকী কৰাই দিব পাৰোঁ। এই সমূহ জীয়াই ৰাখিব পাৰোঁ।”
থলুৱা বাদ্যযন্ত্ৰসমূহক উঠি অহা প্ৰজন্ম সকলৰ সৈতে চিনাকী কৰোৱাই দিয়াৰ সমান্তৰালকৈ তেওঁলোকক ইয়াৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ ক্ষেত্ৰত মাধুৰ্য্য শইকীয়াৰ দৰে একোগৰাকী প্ৰতিভাৰ আমাৰ প্ৰয়োজন আছে। এওঁক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ শুভকামনা।
Add comment