Rupaliparda.com
"তেজীমলা" ৰূপত অভিনেত্ৰী নিশিতা গোস্বামীঃ 1

“তেজীমলা” ৰূপত অভিনেত্ৰী নিশিতা গোস্বামীঃ

মুগা আমাৰ সম্পদ, মুগা আমাৰ গৌৰৱ, আমাৰ কৃষ্টি তথা পৰম্পৰা ৷ সাম্প্ৰতিক সময়ত এই পৰম্পৰাক সম্পদ হিচাবে লৈ আত্মনিৰ্ভৰশীল হোৱাৰ দিশত আগুৱাই আহিছে ৰাজ্যৰ মহিলা সকল। মুগা সূতা, এৰী সূতা আদি ক্ৰয় কৰাৰ সমান্তৰালকৈ সেই সমূহৰ দ্বাৰা মুগা মেখেলা, ৰিহা আদিকে ধৰি বিভিন্ন কাপোৰ প্ৰস্তুতকৰণেৰে আৰ্থিক ভাৱে সবল হোৱা দেখা গৈছে অসমৰ মহিলাসকলক৷ শেহতীয়াকৈ এৰীসূতাৰ এযোৰ কাপোৰ পিন্ধি অভিনেত্ৰী নিশিতা গোস্বামীয়ে কৰা ফটোশ্বুটৰ একাংশ ফটোৱে চৰ্চা লাভ কৰিছে চচিয়েল মিডিয়াত। ফটো কেইখনৰ লগতে অভিনেত্ৰী গৰাকীয়ে কেপচনত লিখে যে, “এৰীসূতাৰ কাপোৰ …অসমীয়া জনজীৱনৰ এক আপুৰুগীয়া সাজ । এনে এক আপুৰুগীয়া এৰী আৰু পাট সূতাৰ সংমিশ্ৰনৰে “আদিত্যমজে” ডিজাইন কৰি উলিয়াইছে নিভাজ অসমীয়া ৰুপত চাদৰ মেখেলা আৰু শাৰী …অসমীয়া নৈ পৰীয়া জনজীৱনৰে অনুপ্ৰানীত হৈ প্ৰস্তত কৰা সাজ সমূহৰ নাম ৰাখিছে ….” তেজীমলা ” “। চাওঁ চোন আহক অভিনেত্ৰী গৰাকীৰ বহুল ভাৱে সমাদৃত এই ফটোকেইখনঃ


৬০-৭০ দশকৰ অসমীয়া চলচিত্ৰ জগতৰ খ্যাতনামা অভিনেত্ৰী মলয়া গোস্বামী তথা তেওঁৰ মাতৃৰ পৰাই অভিনয় ক্ষেত্ৰখনৰ লগত চিনাকী হোৱা নিশিতা গোস্বীমাক ৬ বছৰ বয়সতে দেখিবলৈ পোৱা গৈছিল “ৰাতি ফুলা ফুল” চিনেমাখনত। তাৰ পিছতেই ২০০২ চনত বাণী দাসৰ দ্বাৰা পৰিচালিত ছবি “মন” ৰ পৰাই অভিনেত্ৰীগৰাকীৰ অভিনয়ৰ অনুৰাগী হৈ পৰে সমূহ দৰ্শক। মন, কাদম্বৰী, চুৰেণ চোৰৰ পুতেক, অধিনায়ক, মন যায়, ৰং, দীনবন্ধু, অস্তৰাগ, ধন কুবেৰৰ ধন, ৰামধেনু, ৰিচাং, মনে মোৰ কইনা বিচাৰে, জিলমিল জোনাক আৰু বিগত বছৰত মুক্তি প্ৰাপ্ত ছবি “ৰত্নাকৰ” ত অভিনীত এই গৰাকী অভিনেত্ৰীয়ে অসমীয়া চলচিত্ৰ জগতত নিজৰ খুঁতি মজবুত কৰি থৈছে। নিশিতা গোস্বামীক বৰ্তমান ৰেঙণিযোগে সম্প্ৰচাৰিত ধাৰাবাহিক “বেহাৰবাৰী আউটপোষ্ট” ত দেখিবলৈ পোৱা যায়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.