Rupaliparda.com
OTT প্লেটফৰ্ম "Niri9" ৰ আদৰণীয় প্ৰচেষ্টা, আহি আছে নতুন প্ৰকল্পঃ 1

OTT প্লেটফৰ্ম “Niri9” ৰ আদৰণীয় প্ৰচেষ্টা, আহি আছে নতুন প্ৰকল্পঃ

মনোৰঞ্জন ক্ষেত্ৰখনত নিতৌ ইজনৰ পিছত সিজনকৈ নতুন প্ৰতিভাৰ আৱিৰ্ভাব হৈছে। কেৱল মাত্ৰ আৱিৰ্ভাব হোৱা বুলিয়ে নহয়; তেওঁলোকৰ প্ৰতিভাসমূহো হৈছে লেখত ল’বলগীয়া। কিন্তু, কেতিয়াবা কোনো সময়ত এনে হয় যে একাংশ প্ৰতিভাই উচিত প্লেটফৰ্মৰ অভাৱত তেওঁলোক নিৰ্দ্দিষ্ট এঠাইত আহি স্তব্ধ হৈ পৰে; প্ৰতিভা থাকিও সেই প্ৰতিভাক ৰাইজৰ মাজলৈ উলিয়াই অনাত তেওঁলোক অসুবিধাৰ সন্মুখীন হয়। গতিকে, এই অসুবিধা তথা সমস্যা সমূহক খণ্ডন কৰি চলিত বৰ্ষৰ প্ৰথম ভাগতেই বিশেষকৈ নৱপ্ৰজন্মৰ কাষ চাপিবলৈ মুক্তি লাভ কৰিছিল “Niri9” নামে এক OTT প্লেটফৰ্মৰ। ক’ভিড সৃষ্ট পৰিৱেশৰ মাজত আৰু অধিক হতাশগ্ৰস্ত হৈ পৰিছে পৰিস্থিতিবোৰ; জীৱিকাৰ খাতিৰত একাংশ কণ্ঠশিল্পীয়ে অইন পথৰ বিচাৰ কৰি উলিয়াইছে। মনোৰঞ্জন ক্ষেত্ৰখনৰ কিছু কিছু মাধ্যমত যদিও স্তব্ধতাই বিৰাজ কৰিছে তথাপিও এনে কিছু প্ৰযোজনা গোষ্ঠীয়ে আশাৰ কিৰণ হৈ নামিছে প্ৰত্যেকৰে হৃদয়ত। ছবি, চুটি ছবি অথবা ৱেব চিৰিজ সমূহৰ মুক্তিৰ বিকল্প পথ ৰূপে পৰিগণিত এই Niri9 য়ে প্ৰথমাৱস্থাৰ পৰাই লাভ কৰিছে ৰাইজৰ সঁহাৰি। তেওঁলোকৰ প্ৰথমটো প্ৰকল্প “Illegal” ৱেব চিৰিজখন বৰ্তমানেও দৰ্শকৰ হৃদয়ত। এইখিনিতে, আপোনালোকক এই প্ৰডাকচন হাউচটোৰ এটি নতুন খবৰ দিবলৈ বিচাৰিছোঁ। হাউচটোৰ বেনাৰত মুক্তি লাভ কৰিবলৈ সাজু হৈছে এখন নতুন ৱেব চিৰিজ “ৰাতিৰ অভিসাৰ”। এই ৱেব চিৰিজখনৰ কাহিনী আৰু পৰিচালনাৰ দায়িত্বত আছে ধীৰাজ বড়ো।

OTT প্লেটফৰ্ম "Niri9" ৰ আদৰণীয় প্ৰচেষ্টা, আহি আছে নতুন প্ৰকল্পঃ 2


স্ত্ৰী-পুৰুষৰ মাজৰ সম্পৰ্কৰ ওপৰত ভিত্তি কৰিয়েই এই ৱেব চিৰিজখনৰ কাহিনীভাগ লিখি উলিওৱা হৈছে। সচৰাচৰ যদিও এই বিষয়বস্তুটোৰ সৈতে জড়িত হ’ব পৰিচালকৰ কলাত্মক উপস্থাপন শৈলী। জানিব পৰা মতে, এই চিৰিজখনৰ প্ৰথমটো সংস্কৰণত মুঠ ছয়টা খণ্ড থাকিব। একঘেয়ামিতাৰ পৰা ফালৰি কাটি নতুন ব্যতিক্ৰমী প্ৰকল্পেৰে এই প্লেটফৰ্মটোক ৰাইজৰ মাজলৈ লৈ অনাৰ ইচ্ছা প্ৰকাশ কৰিছে Niri9 ৰ সৈতে জড়িত বিষয়ববীয়াসকলে। সেইবাবেই হয়টো তেওঁলোকে উঠি অহা প্ৰজন্মৰ নতুন বিষয়বস্তু সমূহক সামৰি একোটা প্ৰকল্প নিৰ্মাণত তেওঁলোকক সহযোগিতা আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চিনাকী হোৱা “NIRI9” এপটোত কেৱল মাত্ৰ অসমীয়া প্ৰকল্পই নহয়; মুক্তি লাভ কৰিব হিন্দী আৰু বাংলা ভাষাৰো বিভিন্ন ধৰণৰ প্ৰকল্প। থ্ৰীলাৰ, চাইকো’লজিকেল থ্ৰীলাৰ, এক্সন, ড্ৰামা সম্পন্ন কাহিনীও ইয়াত ইতিমধ্যে ৰাইজে দেখিবলৈ পাইছে; গুগল প্লে ষ্টোৰ তথা এপ্পল প্লে ষ্টোৰত উপলদ্ধ এই এপটোত নৱপ্ৰজন্মৰ সোঁৱাদনুসৰিয়ে বিভিন্ন ধৰণৰ প্ৰকল্পক অন্তৰ্ভূক্তি কৰা হৈছে। আকৌ এবাৰ আপোনালোকক ক’বলৈ বিচাৰিছো যে, এই এপটোত অসমীয়া দৰ্শকৰ বাবেই নহয় ইয়াত মণিপুৰী, মিচিং অথবা বড়ো ভাষাৰ প্ৰকল্প সমূহকো ঠাই দিয়া হৈছে।যাতে, উক্ত ভাষা কোৱা অথবা সেই ভাষাৰ নৱপ্ৰজন্মৰ প্ৰতিভা সকলেও তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে এক উপযুক্ত প্লেটফৰ্ম লাভ কৰিব পাৰে। এক কথাত ক’বলৈ গ’লে, Niri9 য়ে নৱপ্ৰজন্মৰ বাবে আশাৰ বতৰা কঢ়িয়াইছে। এই প্ৰতিযোগিতাৰ সময়কণত কোন আগত, কোন পিছত বিচাৰ কৰি থকা সময়তে এই প্লেটফৰ্মটোৱে গুৰুত্ব দিছে নতুনত্বক।

OTT প্লেটফৰ্ম "Niri9" ৰ আদৰণীয় প্ৰচেষ্টা, আহি আছে নতুন প্ৰকল্পঃ 3
OTT প্লেটফৰ্ম "Niri9" ৰ আদৰণীয় প্ৰচেষ্টা, আহি আছে নতুন প্ৰকল্পঃ 4


সুস্থ ৰুচিশীল বিনোদন জগতত Niri9 পৰিয়ালৰ আন এক সম্ভ্ৰান্ত পদক্ষেপ হৈছে “কুকি”। এইবাৰ Niri9 য়ে এখন ব্যয়বহুল চলচিত্ৰ প্ৰযোজনা কৰিবলৈ ইতিমধ্যে আগবাঢ়িছে। অসমীয়া আৰু হিন্দী দুয়োটা ভাষাতেই নিৰ্মাণ হ’বলগীয়া এই ছবি খনত Bollywood আৰু Hollywood ৰ কেইবাগৰাকীে জনপ্ৰিয় শিল্পীৰ সমাবেশ ঘটিব বুলি প্ৰযোজক পৰিচালকে জানিবলৈ দিছে। আশা কৰিছোঁ, অনাগত দিনত Niri9 আৰু অধিক সফলকাম হওঁক। তেওঁলোক নৱপ্ৰজন্মৰ বাবে ওলাই আহি যি সহায়-সহযোগিতা প্ৰতিভাসমূহক আগবঢ়াইছে তাৰ বাবে দৰ্শক সমাজেও একোটা উল্লেখনীয় প্ৰকল্প উপভোগ কৰিবলৈ সক্ষম হৈছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform