৬ অক্টোবৰত চিত্ৰগৃহলৈ আহে দুখন অসমীয়া চিনেমা।
“এটি নক্ষত্ৰ” (ৰুদ্ৰজিৎ মজুমদাৰৰ পৰিচালনা) আৰু “মমতাৰ চিঠি”।
“মমতাৰ চিঠি” চালোঁ।
কবিতাৰ চিনেমা!
হেম বৰুৱাৰ “মমতাৰ চিঠি”ৰ আধাৰত চিত্ৰনাট্য লিখি চিনেমাৰ ৰূপ দিছে নাট্যকৰ্মী নিৰ্মল দাসে।
চোৱাৰ পাছত আমাৰ অনুভৱ: “মমতাৰ চিঠি” কবিতা চিনেমা (চিনেমাৰ এটা উপশৈলী– কবিতা চিনেমা) নহয়। এখন কাহিনী কেন্দ্ৰীক চিনেমা। মূল কবিতাটোৰ সৈতে নিৰ্মাণ কৰি লোৱা গল্প এটাৰ চিনেমেটিক খেল খেলিছে, পৰিপাটি ফ্লেছ বেক প্ৰয়োগেৰে। কেমেৰাৰ ভাষাক গুৰুত্ব দি আগবঢ়াই নিয়া ৰূপালী গল্পটোৰ গতি মসৃন; কিন্তু যেতিয়াই সাহিত্যৰ ভাষাক গুৰুত্ব দি ছিকুৱেন্স ৰচনা কৰিছে, তেতিয়াই উজুটি খাইছে। আৰু সাহিত্য কেন্দ্ৰীক ছিকুৱেন্সতে গল্পটো “canned theatre” -ত বন্দী হৈছে। আমি যদি এনেদৰেও ব্যাখ্যা কৰোঁ– নাটকৰ মানুহ নিৰ্মল দাসে চৰিত্ৰ নিৰ্মাণ, অভিনয়ত “মঞ্চ নাটক”ৰ আঁতৰত থাকিব খোজা নাই, তেতিয়া ক’ব লাগিব এয়া “cinema lacking”।
কবিতাৰ ৰূপালী গল্প বা চিনেচিন্তা নতুন কথা নহয়। কবিতাৰ চিনেমা প্ৰসংগ ওলালে মনলৈ আহে– Winter Days (২০০৩, জাপান), The Wind Will Carry Us (১৯৯৯, ইৰাণ), The White Cliffs of Dover (১৯৪৪, আমেৰিকা যুক্তৰাষ্ট্ৰ), War-Gods of the Deep (১৯৬৫, আমেৰিকা) আদি।
সম্ভৱতঃ কবিতাক চিনেমা আকাৰ দিয়া প্ৰথম খন ভাৰতীয় “ৰামানন”। মালয়ালম ভাষাৰ চিনেমা। চিত্ৰগৃহলৈ আহিছিল ১৯৬৭ চনত। চাঙ্গামপুঝা কৃষ্ণ পিল্লাইৰ একে নামৰ কবিতাৰ আধাৰত চিত্ৰনাট্য লিখিছিল চিনেমা খনৰ প্ৰযোজক-পৰিচালক ডি এম পোট্টেক্কটে। ব্যৱসায়িক দিশত সফল হোৱা নাছিল সংগীত প্ৰধান (romantic musical) এই চিনেমা খন। চৰ্চালৈ আহিছিল অভিনয় আৰু কেমেৰাৰ কামৰ বাবে।
–আন এখন ভাৰতীয় চিনেমা “পদ্মাৱত” (সঞ্চয় লীলা ভাঞ্চালীৰ পৰিচালনা) -ৰ চিত্ৰনাট্য ৰচনা (সঞ্জয় লীলা ভাঞ্চালী আৰু প্রকাশ কাপাডিয়াই) কৰিছিল ছূফী কবি মালিক মুহাম্মদ জায়চীৰ একে নামৰ মহাকাব্যিক কবিতাৰ আধাৰত।
— “মমতাৰ চিঠি” ডি এম পোট্টেক্কটেৰ “ৰামানন”ৰ দৰে romantic musical বুলি কব পাৰি। চিনেমা খনত দুবাৰ ব্যৱহাৰ কৰা (জুবিন গাৰ্গ আৰু তৰালি শৰ্মাৰ একক কণ্ঠত) “আহিবানে জোনাক হৈ, মৰমৰ সুৰ বোৰ হৈ, দুখৰ ঘৰত মোৰ, সংগী হ’বলৈ, উদাসী মনে মোৰ অশ্ৰু টুকে, তোমাক পাবলৈ…” (সংগীত: ৰাজীৱ নাথ সুৰ: নিৰূপ দাস। কথা: নিৰ্মল দাস।) গীতটো অলংকাৰৰ লগতে ৰূপালী গল্পটোৰ অংগ হৈছে। গল্প কৈছে। পৰিবেশ নিৰ্মাণতো সহায় কৰিছ।
সংগীত পৰিচালকৰ লগতে পৰিচালকক “মমতাৰ চিঠি” ৰূপালী গল্পটো নিৰ্মাণত চিত্ৰগ্ৰহণকাৰী (প্ৰদীপ দৈমাৰী), আৱহ সংগীতে (তৰালি শৰ্মা) সহায় কৰাৰ বিপৰীতে “আভিনয়ে” সহায় কৰিব নোৱাৰিলে। সহায় কৰিব নোৱাৰিলে চিত্ৰনাট্যই। “চিত্ৰনাট্যকাৰ নিৰ্মল দাস”-এ “পৰিচালক নিৰ্মল দাস”ক কেমেৰাৰ ভাষা প্ৰয়োগৰ পূৰ্ণ সুযোগ দিলে, বিপৰীতে ভূগোল আৰু ইতিহাস স্পষ্ট কৰাৰ সুযোগ নিদিলে। সুযোগ নহয়, “ইতিহাস”ত মনেই নিদিলে চিত্ৰনাট্যকাৰে। এই যে মন নিদিলে, ইয়াৰ বাবে চিত্ৰনাট্যকাৰৰ লগতে পৰিচালককো দোষ দিম। (ব্যখ্যাৰ প্ৰয়োজন আছে জানো– “ইতিহাস”ত মন নিদিয়া বাবে কাহিনীৰ বিশ্বাসযোগ্যতা কমিছে, বিশেষকৈ WhatsApp যুগৰ দৰ্শকৰ ওচৰত।)
চিনেমা খন চোৱাৰ পাছত আমাক আমনি দিয়া প্ৰথম দিশটো হ’ল– পৰিচালকে অভিনেতা-অভিনেত্ৰী নিৰ্বাচন আৰু চৰিত্ৰ নিৰ্মাণত আৰু পৰিশ্ৰম কৰিব লাগিছিল। কেইবাটাও ছিকুৱেন্সে সৌন্দৰ্য হেৰুৱালে অতিনাটকীয়, নাটকীয় অভিনয়ৰ বাবে। ইয়াৰ মাজতে চৰিত্ৰানুযায়ী ভাল অভিনয় কৰিছে (যদিওবা নাট্যাভিনয়ৰ পৰা মুক্ত নহয়।) ৰীনা বৰা, মল্লিকা শৰ্মা, ভাৰ্গৱ কটকীৰ লগতে কিশোৰ মমতা-মৰম (ক্ৰমে প্ৰেৰণা তালুকদাৰ, প্ৰিয়দৰ্শন ডেকা) আৰু মমতাৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰা বিপ্লৱ বৰকাকতীয়ে। অভিনয়ৰ দৰে “নাটক”ৰ পৰা মুক্ত নহয় সংলাপ আৰু সংলাপ প্ৰক্ষেপণো।
–এই চিনেত্ৰুটিৰ পাছতো আমি এনেদৰ ক’ম: কাহিনীৰ বাবে চিনেমা চোৱা দৰ্শকক “মমতাৰ চিঠি”য়ে হয়তো হতাশ নকৰে। চিনেমাা খনৰ প্ৰচাৰ পৰিকল্পনা চিনেমা খনৰ বিষয়বস্তু মনত ৰাখি কৰা হ’লে স্থানীয় বজাৰত ব্যৱসায় (Box office Collection) আৰু কিছু উন্নত হ’ল হেতেন। আৰু ক’ম নিৰ্মল দাসৰ পৰা আগলৈ উচ্চমানৰ চিনেমা আশা কৰিব পাৰো।
Add comment