Rupaliparda.com
Abhimanyu

অভিমন্যু/ চিনে চৰ্চা –উৎপল মেনা

অভিমন্যু/ চিনে চৰ্চা --উৎপল মেনা 1

“অভিমন্যু”– আচিন্ত শংকৰৰ চিনেমা। তৃতীয় (Feature) চিনেমা। চিত্ৰগৃহলৈ আহিব অহা ৮ নৱেম্বৰ (২০২৪) তাৰিখে। চিনেমা খনৰ প্ৰযোজনা শ্ববনমচ এন্টাৰটেইণ্টমেণ্টৰ বেনাৰত মতলেবুদ্দিন আহমেদৰ। কাৰ্যবাহী প্ৰযোজকঃ দেবজিৎ মজুমদাৰ। চিত্ৰনাট্য আৰু সংলাপঃ হিমাংশু নাথৰ। হিমাংশুই চিত্ৰনাট্য ৰচনা কৰিছে চিনেমা খনৰ পৰিচালক অচিন্ত শংকৰৰ কাহিনীৰে।

অভিমন্যু/ চিনে চৰ্চা --উৎপল মেনা 2
–কাহিনী এনেধৰণৰ (পৰিচালকৰ ভাষাত) “প্রভাত আৰু জ্যোৎস্নাৰ এখন সৰু মবমৰ সংসাৰ। শিক্ষয়িত্রী জ্যোৎস্না– আৰু ‘তুষ্টি’ নামেৰে এখন ‘খোৱাৰ হোটেল’ চলোৱা প্রভাতে বন্ধু ৰঞ্জিত, শ্ৰেয়া আৰু দেৱৰ সৈতে মিলি সমাজৰ আর্তসকলৰ হকে যিমানলৈ পাৰে কাম কৰি যায়। কিন্তু, সমগ্র বিশ্বতে আতংকৰ সৃষ্টি কৰা ক’ভিড মহামাৰীয়ে প্রভাত-জ্যোৎস্নার সুখৰ সংসাৰখনকো চুই যায়।

অভিমন্যু/ চিনে চৰ্চা --উৎপল মেনা 3
সমস্যা বাঢ়ে। সমস্যা আৰু বাঢ়ে তেতিয়া, যেতিয়া চৌদিশে চলি থকা ‘লকডাউন’ৰ সময়চোৱাৰ মাজতে ঘটা এক অপৰাধমূলক দুর্ঘটনাই সিহঁতৰ জীৱনলৈ ধুমুহা নমাই আনে। তচনচ হৈ পৰা জীৱনটো সামৰিবলৈ বিধস্ত প্রভাতে যুদ্ধত অৱতীৰ্ণ হয়। জ্যোৎস্নাৰ হৈ ন্যায় বিচাৰি, প্রভাত, ৰঞ্জিত, দেৱ, শ্রেয়া, ৰহমান কাকা, জিলমিল, নিৰূপম হতে অতিক্রম কৰ যাত্রাই হৈছে ‘অভিমন্যুৰ’ মূল কাহিনী।
কষ্ট আৰু সততাৰে জীবন নির্বাহ কৰা প্রভাতৰ দবে সাধাৰণ লোকসকল প্রায়ে বিত্তবান আৰু ক্ষমতাশালী লোকসকলৰ কোপদৃষ্টিত শোষিত হয়। সেই জুইত ঘিউ ঢালে আমাৰ শিথিল শাসনতন্ত্ৰৰ অনিয়ম আৰু দুর্নীতি পিষ্ট অমানুহ বোৰে। মহাভাৰতৰ অভিমন্যুৰ দৰেই আপুনি, মই। আমি এই চিৰন্তন বেহু খনত বন্দী। কিন্তু এইবাৰ মহাভাৰত আমি নতুনকৈ লিখিব লাগিব। অপৰাধীক শাস্তি দিবলৈ কুটিলতাৰ হাতোৰি উফৰাই বেহু ফালি ওলাই অহাৰ সক্ষমতা আজিৰ অভিমন্যুৰ আছি। …আৰু এই নতুন মহাভাৰতত ‘অভিমন্যু’ৰ জয় নিশ্চিত।”

অভিমন্যু/ চিনে চৰ্চা --উৎপল মেনা 4
–এটা সৰল গল্প। পৰিচালকে কথা প্ৰসংগত কৈছে, সৰলৰৈখিক গতি দিয়া হৈছে। চিনেমাৰ ভাষা, সাহিত্যৰ ভাষাৰ লগতে কাহিনীৰ গতিত গীত ব্যৱহাৰ কৰা হৈছে। (সংগীত: দিগন্ত ভাৰতী, অৰূপজ্যোতি বৰুৱা, ৰাজদ্বীপৰ। গীতিকাৰঃ দিগন্ত ভাৰতী, ৰাজদ্বীপ, অৰূপজ্যোতি বৰুৱা, ৰাহুল গৌতম শৰ্মা। শিল্পীঃ জুবিন গাৰ্গ, পাপন অংগৰাগ মহন্ত, অৰূপজ্যোতি বৰুৱা, ভাস্বতী ভাৰতী, প্ৰিয়ংকা ভৰালী, দীপলিনা ডেকা। কৰিঅ’গ্ৰাফিঃ দীপক দে, প্ৰণৱ ভৰালী।) পৰিচালকৰ সৈতে ইটো-সিটো কথা পতাৰ সময়ত অনুভৱ কৰিছোঁ, গীতৰ বাবে গীত ব্যৱহাৰ কৰা হোৱা নাই। গীতক কাহিনীৰ অংগ কৰা হৈছে, চিনে অলংকাৰলৈ ৰূপান্তৰ কৰিবলৈ চেষ্টা কৰা হৈছে। সংলাপ, সংগীতৰ লগতে “শব্দ”ৰ প্ৰতিটো দিশতে গুৰুত্ব দিছে পৰিচালকে। শব্দ-সজ্জাঃ অমৃত প্ৰীতম আৰু দেবজিৎ চাংমাইৰ।

অভিমন্যু/ চিনে চৰ্চা --উৎপল মেনা 5
–ৰূপালী গল্পটোৰ গতিত মাৰপিটৰ (এক্সনঃ ৰাজেশ কান্নান) প্ৰয়োগো আছে। বজাৰ চিন্তাৰে এক্সন প্ৰয়োগ– আজি কালি অসমীয়া চিনেমাৰ আলিখিত নিয়ম। পৰিচালকৰ মতে, এই চিনেমা খনত এক্সনকো ৰূপালী সৌন্দৰ্যলৈ ৰূপান্তৰ কৰি কাহিনীৰ গতিত ব্যৱহাৰ কৰা হৈছে।

অভিমন্যু/ চিনে চৰ্চা --উৎপল মেনা 6
–চিনেমা পৰিচালকৰ সোঁ হাত চিত্ৰগ্ৰহণ কাৰী। এই চিনেমা খনৰ পৰিচালকৰ সোঁ হাত প্ৰদীপ দৈমাৰী। আৰু ভিন্ন দিশত পৰিচালকক সহায় কৰিছে প্ৰতীম খাওন্দ (সম্পাদনা), জ্যোতি শংকৰ ভট্টাচাৰ্য্য (কলা), ভাস্কৰজ্যোতি দত্ত (ৰূপসজ্জা), ধীৰাজ ডেকা (সাজসজ্জা), মনোজ মিশ্ৰ (প্ৰযোজনা নিয়ন্ত্ৰণ), হিমাংশু নাথ (মুখ্য সহকাৰী পৰিচালক), জিতুল ৰাজৱংশী, দেৱাশীষ কলিতা, হিৰক জ্যোতি কলিতা (সহকাৰী পৰিচালক)।
আহিছোঁ– “চৰিত্ৰ”লৈ। মূল চৰিত্ৰ প্রভাত আৰু জ্যোৎস্নাক নিৰ্মাণ কৰিছে কমল লোচন, দীপলিনা ডেকাক লৈ। আন এটা মূল চৰিত্ৰ নিৰ্মাণ কৰিছে দেৱজিৎ মজুমদাৰক লৈ। অন্যান্য চৰিত্ৰ নিৰ্মাণ কৰিছে ভগৱৎ প্ৰীতম, ৰাজীৱ গোস্বামী, হিৰন্য ডেকা, অমৃতা গগৈ,অসীম কৃষ্ণ বৰুৱা,জ্বলী লস্কৰ, কৌশিক নাথ, চাংকু নিৰঞ্জন নাথ, শংকৰ ৰাজখোৱা,শ্ৰেয়া বৰঠাকুৰ আদিক লৈ। বিশেষ ভূমিকাঃ জুবিন গাৰ্গ আৰু লিজা (ৰাছিয়ান বেলে ডাঞ্চাৰ)। চিনেমা খনৰ লোকেশনঃ বজালী, গুৱাহাটী, মেঘালয়।

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform