শেহতীয়াকৈ মিঠুন চক্ৰৱৰ্তীৰ অসুস্থতাৰ খবৰে তেওঁৰ অগণন অনুৰাগীৰ মাজত স্বাভাৱিকভাৱে উদ্বেগৰ সৃষ্টি কৰিছে। প্ৰকাশিত বাতৰি অনুসৰি, কলকাতাৰ এখন ব্যক্তিগত হাস্পতালত তেওঁক ভৰ্তি কৰোৱা হয় আৰু সোঁহাতত এটা সৰু অস্ত্ৰোপচাৰ কৰা হয়। পূৰ্বৰ এটা দুৰ্ঘটনাৰ সময়ত তেওঁৰ হাতত সংস্থাপন কৰা ধাতুৰ প্লেট আঁতৰোৱাৰ বাবেই এই অস্ত্ৰোপচাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। অস্ত্ৰোপচাৰ সফল হৈছে আৰু বৰ্তমান তেওঁৰ স্বাস্থ্য সুস্থিৰ বুলি প্ৰকাশিত প্ৰতিবেদন সমূহত উল্লেখ কৰা হৈছে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী সুভেন্দু অধিকাৰীয়েও হাস্পতালত তেওঁক সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয়।
এই খবৰটো হয়তো সাধাৰণ অৰ্থত এক স্বাস্থ্য-সংবাদ। কিন্তু মিঠুন চক্ৰৱৰ্তীৰ দৰে এজন শিল্পীৰ ক্ষেত্ৰত এনে এটা সংবাদৰ তাৎপৰ্য কেৱল চিকিৎসা-বিজ্ঞানৰ পৰিসৰত আবদ্ধ হৈ নাথাকে। তেওঁৰ শৰীৰৰ ওপৰত হোৱা এটা সৰু অস্ত্ৰোপচাৰেও তেওঁৰ কেইবা দশকৰ শিল্প-যাত্ৰা, পৰ্দাৰ দেহ-ভাষা, ষ্টাৰডম আৰু সময়ৰ সৈতে এজন অভিনেতাৰ পৰিৱৰ্তনশীল সম্পৰ্কৰ কথা আমাক পুনৰ ভাবিবলৈ বাধ্য কৰে।
মিঠুনৰ ষ্টাৰডমৰ অন্যতম মূল উপাদান আছিল তেওঁৰ শৰীৰ। তেওঁৰ নৃত্য, তেওঁৰ গতি, তেওঁৰ দেহভংগী, তেওঁৰ যুঁজৰ দৃশ্য, তেওঁৰ পোছাক, তেওঁৰ পৰ্দাত চলাৰ ধৰণ– এই সকলোবোৰ মিলিয়েই গঢ় লৈছিল ‘মিঠুন’ নামৰ এক সাংস্কৃতিক প্ৰতীক। ভাৰতীয় জনপ্ৰিয় চিনেমাত দেহক ইমান প্ৰত্যক্ষভাৱে ষ্টাৰডমৰ ভাষালৈ ৰূপান্তৰ কৰা অভিনেতাৰ সংখ্যা খুব বেছি নহয়। মিঠুন সেই অৰ্থত কেৱল অভিনেতা নাছিল; তেওঁ আছিল এক cinematic body– এনে এক পৰ্দাৰ শৰীৰ, যাৰ মাজেৰে এটা সময়ৰ সামাজিক আকাংক্ষা, যৌৱনৰ উন্মাদনা আৰু আত্মপ্ৰতিষ্ঠাৰ সপোন প্ৰকাশ পাইছিল।
আজি সেই শৰীৰেই বয়সৰ বাস্তৱতাৰ সন্মুখীন।
|| মিঠুন চৰ্চা: ‘মৃগয়া’ৰ পৰা ‘ডিস্কো ডান্সাৰ’লৈ ||
১৯৭৬ চনত মৃণাল সেনৰ ‘মৃগয়া’ৰ জৰিয়তে মিঠুন চক্ৰৱৰ্তীৰ চিনে-অভিষেক। প্ৰথম চিনেমাতেই তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিলে। এই তথ্যটো নিজেই তাৎপৰ্যপূৰ্ণ। কাৰণ মিঠুনৰ চলচ্চিত্ৰ-যাত্ৰাৰ আৰম্ভণি হৈছিল তথাকথিত ‘মাছ এণ্টাৰটেইনমেণ্ট’ৰ তাৰকাৰূপে নহয়; হৈছিল এক গম্ভীৰ সামাজিক-বাস্তৱবাদী চলচ্চিত্ৰৰ অভিনয়শিল্পী হিচাপে। ‘মৃগয়া’ৰ মিঠুন আৰু ‘ডিস্কো ডান্সাৰ’ৰ মিঠুনক একেলগে ৰাখিলে ভাৰতীয় জনপ্ৰিয় চিনেমাৰ ভিতৰত তেওঁৰ পৰিৱৰ্তনৰ এক আশ্চৰ্য নক্সা দেখা যায়। এফালে মৃণাল সেনৰ বাস্তৱবাদী চিনেমাৰ অভিনেতা; আনফালে বাণিজ্যিক চিনেমাৰ নৃত্য-প্ৰতীকৰূপে লাখ লাখ দৰ্শকৰ হৃদয় জয় কৰা ‘ডিস্কো ডান্সাৰ’।
–এই দুয়োটা মিঠুনেই সত্য। সফল।
মিঠুনক কেৱল ‘ডিস্কো ডান্সাৰ’ বুলি চালে তেওঁৰ অভিনয়-ভিত্তি উপেক্ষিত হয়। আকৌ কেৱল ‘মৃগয়া’ৰ অভিনেতা বুলি চালে তেওঁৰ অভূতপূৰ্ব জনপ্ৰিয়তাৰ সাংস্কৃতিক অভিঘাতটো বুজিব নোৱাৰি।
মিঠুনে এই দুয়োটা জগতৰ মাজত এটা সেতু নিৰ্মাণ কৰিছে।
১৯৮০ৰ দশকৰ ভাৰতীয় জনপ্ৰিয় সংস্কৃতিৰ ইতিহাসত ‘ডিস্কো ডান্সাৰ’ এটা গুৰুত্বপূৰ্ণ অধ্যায়। এই চিনেমা খনে মিঠুনক সৰ্বভাৰতীয় ষ্টাৰডমৰ কেন্দ্ৰলৈ লৈ আহিছিল। কিন্তু চিনেমা খনৰ জনপ্ৰিয়তা কেৱল গান, নৃত্য বা কাহিনীৰ সফলতা নাছিল। ভাৰতীয় দৰ্শকৰ মাজত এটা নতুন ধৰণৰ পুৰুষ-ষ্টাৰডমৰ জন্ম দিছিল।
মিঠুনৰ নায়ক পৰম্পৰাগত অভিজাত নাছিল। তেওঁ বহু সময়ত আছিল সাধাৰণ মানুহৰ পৰা উঠি অহা, সংঘৰ্ষ কৰা, নিজৰ প্ৰতিভাৰে নিজৰ স্থান সৃষ্টি কৰা এক যুৱক। তেওঁৰ নৃত্য আছিল আছিল আত্মপ্ৰকাশৰ ভাষা।
১৯৮০ৰ দশকৰ ভাৰত এখন দ্ৰুত পৰিৱৰ্তনৰ মাজেৰে পাৰ হৈ গৈছিল। নগৰায়ণ, মধ্যবিত্তীয় আকাংক্ষা, নতুন ভোগবাদী সংস্কৃতি, টেলিভিছনৰ বিস্তাৰ আৰু জনপ্ৰিয় সংস্কৃতিৰ নতুন ৰূপ– এই সকলো বোৰৰ মাজত মিঠুনৰ দেহ-ভাষা আৰু ষ্টাইল এটা নতুন প্ৰজন্মৰ আত্মপ্ৰতিনিধিত্বৰ অংশ হৈ উঠিছিল। “নায়ক” গৰাকীৰ নৃত্য অনুকৰণ কৰা হৈছিল। তেওঁৰ পোছাক অনুকৰণ কৰা হৈছিল। তেওঁৰ চুলি, তেওঁৰ নাচ, তেওঁৰ সংলাপ– সকলো বোৰেই জনপ্ৰিয় সংস্কৃতিৰ অংশ হৈ পৰিছিল।
ষ্টাৰডমক সাধাৰণতে সহজ জীৱন হিচাপে কল্পনা কৰা হয়। পৰ্দাত উজ্জ্বল পোহৰ, অনুৰাগীৰ ভিৰ, সফল চিনেমা, খ্যাতি আৰু অৰ্থনৈতিক সমৃদ্ধি– এইবোৰেই যেন ষ্টাৰৰ দৃশ্যমান পৰিচয়।
কিন্তু এই দৃশ্যমানতাৰ আঁৰত থাকে এক অদৃশ্য শ্ৰম।
মিঠুনৰ ক্ষেত্ৰত এই শ্ৰম বিশেষভাৱে শাৰীৰিক। নৃত্য, একচন, দীঘলীয়া শ্বুটিং, একাধিক চিনেমাত একেলগে কাম কৰা, ভিন্ন ভিন্ন চৰিত্ৰৰ বাবে নিজকে প্ৰস্তুত কৰা– এই সকলো বোৰে অভিনেতাৰ শৰীৰৰ ওপৰত এক স্থায়ী চাপ সৃষ্টি কৰে।
সেয়ে আজি তেওঁৰ হাতৰ পুৰণি ধাতুৰ প্লেট আঁতৰোৱাৰ খবৰটো শুনিলে এটা গভীৰ প্ৰশ্ন স্বাভাৱিকভাৱে আহে– ষ্টাৰৰ শৰীৰৰ ইতিহাস কোনে লিখে?
দৰ্শকে যি শৰীৰ পৰ্দাত দেখে, সেই শৰীৰৰ আঘাতবোৰ ক’ত জমা হয়?
এজন নায়ক যেতিয়া পৰ্দাত দৌৰে, যুঁজে, নাচে, পৰে আৰু পুনৰ উঠি দৌৰে, দৰ্শকে সেই মুহূৰ্তটো উপভোগ কৰে। কিন্তু সেই অভিনয়ৰ আঁৰত থকা শাৰীৰিক ক্লান্তি, আঘাত আৰু বছৰ বছৰ ধৰি সঞ্চিত হোৱা ক্ষয়ৰ কথা সাধাৰণতে চিনেমাৰ আলোচনাত নাথাকে।
মিঠুনৰ বৰ্তমানৰ স্বাস্থ্য-সংবাদে সেই অদৃশ্য ইতিহাসৰ কথাই যেন আকৌ সোঁৱৰাই দিলে। (প্ৰতিবেদন: উৎপলেন্দু কাশ্যপ)







Add comment