“বেহাৰবাৰী আউটপোষ্ট” ৰ বিষয়ে বিতংককৈ নক’লেও সকলোৱে চিনি পায় ধাৰাবাহিকখনৰ প্ৰত্যেকটো চৰিত্ৰ। “বেহাৰবাৰী আউটপোষ্ট” ইমানেই জনপ্ৰিয় যে অসমৰ প্ৰত্যেকজন দৰ্শকেই ইয়াৰ অনুৰাগী। ধাৰাবাহিকখনত বৰ্তমান চলি আছে “কে কে যাবনে নাই শিলচৰ?”


কে কে আৰু মোহনে নিত্য নতুন অজুহাত উলিয়াই শিলচৰ নোযোৱা পৰিকল্পনাই এতিয়া বাৰুকৈয়ে হহুৱাইছে দৰ্শকক। তেনেক্ষেত্ৰত, ধাৰাবাহিক খনত নতুনকৈ সংযোজিত হোৱা নিশিতা গোস্বামীয়ে নিজ ইনষ্টাগ্ৰাম পেজত আপলোড কৰিলে ফটো; য’ত কে কে-মোহনক দেখা পোৱা গৈছে জংঘলী ৰূপত।
ফটো কেইখনৰ পৰা ধৰিব পৰা যায় যে, “কে কে” ৰ শিলচৰ যোৱা কাহিনীয়ে আকৌ ল’ব নতুন মূৰ।
Add comment