Rupaliparda.com
"বৰনদী ভটিয়ায়" ৰ সফলতাঃ লাভ কৰিলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মনোনয়ন- 1

“বৰনদী ভটিয়ায়” ৰ সফলতাঃ লাভ কৰিলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মনোনয়ন-

মাজুলীৰ জনজীৱনক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছিল অসমীয়া ছবি “বৰনদী ভটিয়ায়”। চলিত বৰ্ষৰ ৩ মে’ ত মুক্তিপ্ৰাপ্ত এই ছবিখনে ছবিগৃহত লাভ কৰিছিল দৰ্শকৰ বৃহৎ অংকত সমাদৰ। মুক্তিৰ ইমানদিন পিছতো কিন্তু ছবিখনে এৰা নাই জখলাৰ বাট বগাবলৈ। ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো ছবিখনে ক্ৰমাৎ লাভ কৰিছে সফলতা।

"বৰনদী ভটিয়ায়" ৰ সফলতাঃ লাভ কৰিলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মনোনয়ন- 2


এনে পৰিপ্ৰেক্ষিততে, উক্ত “বৰনদী ভটিয়ায়” ছবিখনে একেলগে লাভ কৰিছে দুটা সফলতা; সেইকেইটা হ’ল ক্ৰমে ছবিখনে প্ৰিজমা ৰোম ইণ্ডিপেণ্ডেন্ট ফিল্ম এৱাৰ্ডছৰ বাবে নিৰ্বাচিত হোৱাৰ লগতে কলম্বিয়াত অনুষ্ঠিত হ’বলগীয়া পঞ্চম আটলান্টিক আন্তৰ্জাতিক চলচিত্ৰ সমাৰোহলৈ ছবিখনে মনোনয়ন লাভ কৰে।

"বৰনদী ভটিয়ায়" ৰ সফলতাঃ লাভ কৰিলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মনোনয়ন- 3


অসমীয়া ছবি এনেদৰে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত নিৰ্বাচিত হোৱা পিছতেই ৰূপালী পৰ্দাৰ ফালৰ পৰা জানিব খুজিছিলো ছবিখনৰ পৰিচালক অনুপম কৌশিক বৰাৰ অনুভৱ। তেতিয়া তেওঁ কৈছিল-

"বৰনদী ভটিয়ায়" ৰ সফলতাঃ লাভ কৰিলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মনোনয়ন- 4
"বৰনদী ভটিয়ায়" ৰ সফলতাঃ লাভ কৰিলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মনোনয়ন- 5


"বৰনদী ভটিয়ায় ছবিখনক দৰ্শকে আঁকোৱালি ল'লে। আমি আছলতে ভাৰত আৰু ভাৰতৰ বাহিৰৰ বিভিন্ন ফেষ্টিভেলৰ বাবে ছবিখনক পঠিয়াই আছিলো কিন্তু কিছু কাৰণবশতঃ হয়টো ছবিখনে মনোনয়ন লাভ কৰা নাছিল মাজতে। আমাৰ আৰম্ভণি হৈছিল "মুম্বাই ফিল্ম ফেষ্টিভেল" ৰ পৰা; গতিকে তাত পোৱা পিছৰ পৰাই আমাৰ মনলৈ কনফিডেন্স আহিল আৰু আমি ছবিখন পঠিয়াই থাকিবলৈ ল'লো। এইকেইদিনতে "বৰনদী ভটিয়ায়" য়ে লাভ কৰিলে দুটাকৈ ভাল খবৰ; এটা হ'ল প্ৰিজমা ৰোম ইণ্ডিপেন্ডেন্ট ফিল্ম এৱাৰ্ডছ আৰু আনটো হ'ল পঞ্চম আটলান্টিক আন্তৰ্জাতিক চলচিত্ৰ সমাৰোহলৈ ছবিখন নিৰ্বাচিত হ'বলৈ সক্ষম হ'ল।
এই নিৰ্বাচন সমূহক লৈ মই নিশ্চয়কৈ অত্যন্ত সুখী। কিন্তু, ছবিখনে মুক্তিৰ আগেয়ে যদি এনে ধৰণৰ নিৰ্বাচন লাভ কৰিলেহেতেঁন তেতিয়াহ'লে আৰু ভাল লাগিলহেঁতেন। তথাপিও, অসমৰ দৰ্শকে এতিয়াও "বৰনদী ভটিয়ায়" ক বৰ মৰম কৰে আৰু এই মৰমৰ ফলস্বৰূপে আমি শেহতীয়াকৈ এনেকুৱাবোৰ ভাল খবৰ লাভ কৰিছো।"

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform