Rupaliparda.com
সুশান্তে দিলে সাৰাক "ন"- 1

সুশান্তে দিলে সাৰাক “ন”-

সাৰা আলি খানৰ সৈতে দুনাই কাম কৰিবলৈ অমান্তি হ’ল সুশান্ত সিং ৰাজপুত। সাৰাই নিজৰ বলীউড কেৰিয়াৰ আৰম্ভণি যিগৰাকীৰ সৈতে কৰিছিল সেই গৰাকী অভিনেতায়ে এতিয়া সাৰা আলিৰ সৈতে কাম কৰিবলৈ ৰাজী নহয়।


হয়, ঠিকে শুনিছে আপুনি। এটা ব্ৰেণ্ডৰ বিজ্ঞাপনৰ বাবে দুয়োগৰাকীকে দিয়া হৈছিল অফাৰ। কিন্তু, এই অফাৰক একাষাৰে “না” কৰে সুশান্ত সিঙে। ২০১৮ চনত মুক্তিপ্ৰাপ্ত ছবি “কেদাৰনাথ” ৰ মুক্তিৰ পিছতেই খবৰ পোৱা গৈছিল যে সুশান্ত-সাৰাৰ মাজৰ সম্পৰ্ক গাঢ় হ’বলৈ লৈছে। কিন্তু পিছলৈ এই সকলোবোৰ শান্ত হৈ পৰে।

সুশান্তে দিলে সাৰাক "ন"- 2


লগতে, যোৱা কিছু দিনৰ পৰা সুশান্ত সিঙকো তেওঁৰ নতুন প্ৰেয়সীৰ লগত দেখিবলৈ পোৱা গৈছে। গতিকে, সুশান্তে সাৰাৰ সৈতে বিজ্ঞাপন নকৰা ক্ষেত্ৰত কথাৰ আঁৰৰ কথাটোনো কি? সেয়া হ’ব লক্ষ্যণীয়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.