“কাঞ্চনজংঘা” ৰ পিছত এইবাৰ প্ৰচাৰ আৰম্ভ “ৰত্নাকৰ” ক লৈ। ক্ৰমাৎ উন্নতিৰ দিশলৈ গতি কৰা দেখিবলৈ পোৱা গৈছে অসমীয়া চলচিত্ৰ সমূহক। ইখনৰ পিছত সিখন ভাল ছবিৰ সোঁৱাদ দিছে চলচিত্ৰ অনুৰাগীক।

“কাঞ্চনজংঘা” ৰ বৃহৎ সফলতাৰ পিছত এইবাৰ যতীন বৰাৰ পৰিচালনাত নিৰ্মিত “ৰত্নাকৰ” -এ ছবিগৃহত দৰ্শকৰ কিমাননো সঁহাৰি লাভ কৰিবলৈ সক্ষম হয় সেয়া হ’ব লক্ষণীয়।
উল্লেখ্য যে, ছবিখনত অভিনীত বৰষাৰাণী বিষয়া, নিশিতা গোস্বামীলগতে যতীন বৰাই ইখনৰ পিছত সিখন ঠাইলৈ গৈ চলাইছে নিজৰ ছবিৰ প্ৰচাৰ। ঠাইসমূহত দৰ্শকৰো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে অভিনেতা-অভিনেত্ৰী গৰাকীয়ে।


এইখিনিতে এটা প্ৰশ্ন হয়, উক্ত অভিনেতা-অভিনেত্ৰী সমূহক এবাৰ চকুৰ সমুখত চোৱাৰ মানসেৰে এই দৰ্শক সমূহে ভিৰ কৰেনে তেওঁলোকৰ অসমীয়া ছবিসমূহক লৈ থকা বিশেষ টান থকাৰ ফলত তেওঁলোক আহে??

এইক্ষেত্ৰত আপোনালোকে কি ভাবে?? আমাক জনাওঁক আপোনাৰ মতামত।
Add comment