৯০ দশকৰ বলীউড ছবিসমূহৰ ভিতৰত কৰণ জহৰ পৰিচালনাৰে নিৰ্মিত “কুছ কুছ হতা হে” ছবিখন অন্যতম। মুক্তিৰ পিছত আজিলৈকে ছবিখনে দৰ্শকৰ পৰা লাভ কৰি আহিছে একেই সমাদৰ। শ্বাহৰুখ, কাজল, ৰাণী আৰু ছলমান খানৰ এই ছবিখন নাইবা ছবিখনৰ কোনো এটা সংগীতো যদি আজিৰ সময়তো কোনো দৰ্শকে শুনে তেন্তে তেওঁ ছবিখন অথবা গীতটো সম্পূৰ্ণ কৰিহে আগবাঢ়ে।

কিন্তু, আমি আজি আপোনালোকক ক’ম অইন এটা কথাহে। যদিহে উক্ত জনপ্ৰিয় ছবিখন অসমীয়া সংস্কৰণত নিৰ্মিত কৰা হ’লহেঁতেন তেনেহ’লে ইয়াৰ “কাষ্ট” হিচাপে আপুনি কাক বিচাৰিলেহেঁতেন?? আচ্ছা, ইমান নাভাবিলেও হ’ব। আমি আপোনালোকক দিম কেইটামান যুঁটি। আহকচোন চাওঁ-

১.জেৰিফা ৱাহিদ, ৰবি শৰ্মা আৰু বৰষাৰাণী বিষয়াঃ
“নায়ক” নামৰ জনপ্ৰিয় ছবিখনত যতীন-ৰবি আৰু জেৰিফাক একেলগে দেখা পোৱা গৈছিল লগতে উক্ত ছবিখনে বস্ক অফিচ কালেকছন কৰিছিল ৫৭ লাখ টকা।
গতিকে ৰবি শৰ্মাক আঁতৰাই ছবিখনত বৰষা ৰাণীক যদি সংযোজিত কৰা হয় তেন্ত অসমীয়া “কুছ কুছ হতা হে” সংস্কৰণত ভাবিব পৰা যায়।
২. ৰবি শৰ্মা,নিশিতা গোস্বামী আৰু লুনা লহকৰঃ
“মন” শীৰ্ষক অসমীয়া ছবিখনত দেখিবলৈ পোৱা গৈছিল কপিল-ৰবি আৰু নিশিতা গোস্বামীক একেলগে। ছবিখনত তিনিওৰে অভিনয়কে ধৰি কাহিনীটোৱেও সঁহাৰি লাভ কৰিছিল দৰ্শকৰ পৰা।
মাত্ৰ এইবাৰ আকৌ কপিল বৰাক আঁতৰাই সংযোজিত কৰিব লাগিব লুনা লহকৰক।
“কুছ কু্ছ হতা হে” ত এওঁলোকক বাৰু ভাবিব পৰা যায় নে?
৩. গুঞ্জন ভৰদ্বাজ, অমৃতা গগৈ আৰু জুনু নাথঃ
“অহেতুক” খনত দেখিবলৈ পোৱা গৈছিল গুঞ্জন-অমৃতাক। গতিকে এওঁলোকৰ লগতে “নূপুৰ” ধাৰাবাহিকখনৰ নায়িকা গৰাকীক ল’লে বাৰু কেনে হয়?
৪. আলিস্মিতা গোস্বামী, বিবেক বৰা আৰু অনন্যা কাশ্যপঃ
তিনিওগৰাকীকে একেলগে বৰ্তমানলৈ দেখিবলৈ পোৱা নাই যদিও এই তিনি গৰাকী শিল্পীক অভিনয় দিশৰ যদিহে চাবলৈ যাওঁ তেতিয়াহ’লে তিনিওকে “কুছ কুছ হতা হে” ৰ বাবে ফিট যেন অনুভৱ হয়।
৫. অমিত কুমাৰ বৰুৱা, হিমাক্ষী কলিতা আৰু প্ৰীতিকংকনা ঃ
তিনিওগৰাকীয়ে হৈছে অসমীয়া চলচিত্ৰৰ নৱপ্ৰজন্মৰ শিল্পী। অভিনয় দিশৰ পৰা তিনিওগৰাকীকে একেলগে দেখিলে দৰ্শকৰ হয়তো বেয়া নালাগিব। নে কি কয়??

গতিকে, আমি প্ৰস্তুত কৰিলো কেইটামান যুঁটি। আপোনাৰ মনলৈও আহিছেনে এনেকুৱা অভিনেতা-অভিনেত্ৰীৰ নাম?? যদি আহিছে তেন্তে এতিয়াই কমেন্ট কৰক।
Add comment