অসমীয়া চলচিত্ৰ জগতৰ এনে বহু যুঁটি আছে ; যিসকলে ছবি জগতৰ শিল্পীৰ সৈতেই বিবাহ পাশত আবদ্ধ হৈছে। বৰ্তমান এওঁলোকৰ যুগ্ম জীৱনে বহুতকে অনুপ্ৰেৰণা যুগোৱাৰ লগতে এওঁলোকৰ বিবাহ সমূহ সফল বুলি ক’ব পৰা যায়। চাওঁচোন আহক এনে জলীউডৰ স্বামী-স্ত্ৰী ৰ যুঁটিঃ
১. যতীন বৰা আৰু নৱনিতা শৰ্মাঃ

১৯৮৯ ৰ পৰা যতীন বৰাই খোজ দিছিল অসমীয়া চলচিত্ৰত। নৱনিতাও আছিল এগৰাকী অভিনেত্ৰী। ২০০২ চনত বিবাহ পাশত আৱদ্ধ হৈ পৰে দুয়ো।
২. ৰবি শৰ্মা আৰু মৈত্ৰেয়ী প্ৰিয়দৰ্শিনী-

২০০০ চনত “হিয়া দিয়া নিয়া” ত ডেবিউ কৰা ৰবি শৰ্মা বিবাহ পাশত আবদ্ধ হৈছিল এগৰাকী থিয়েটাৰ আৰু অসমীয়া ভিচিডি সমূহত অভিনীত অভিনেত্ৰী মৈত্ৰেয়ীৰ সৈতে।
৩. আঙুৰলতা আৰু আকাশদ্বীপঃ

আঙুৰলতা এগৰাকী অভিনেত্ৰীৰ লগতে এগৰাকী ৰাজনৈতিক নেত্ৰীও। অভিনেতা আকাশদ্বীপৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয় ২০১৫ চনত।
৪. সীমান্ত শেখৰ আৰু প্ৰীতি কংকনাঃ

এগৰাকী জনপ্ৰিয় গায়ক আৰু এগৰাকী মোহময়ী অভিনেত্ৰী। এই যুঁটিটোয়ে আছলতে চৰ্চা লাভ কৰে চচিয়েল মিডিয়াতো।
আপুনি বাৰু জানেনে এনে ছবিজগতৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত পতি-পত্নীৰ যুঁটি; যাৰ সফল বিবাহে অনুপ্ৰেৰণা জগায় বহুতক। জানে যদি কমেন্ট কৰি জনাওঁক চোন আমাকো।
Add comment