Rupaliparda.com
গণেশগুৰিলৈ "বৰদৈছিলা"- 1

গণেশগুৰিলৈ “বৰদৈছিলা”-

অসমীয়া চলচিত্ৰৰ সমান্তৰালকৈ চৰ্চা লাভ কৰি আহিছে অসমীয়া থিয়েটাৰেও। সঁচা অৰ্থত ক’বলৈ গ’লে বহু দৰ্শকে ছবিক এৰি আকৃষ্ট হয় থিয়েটাৰৰ প্ৰতিহে। অসমৰ বিভিন্ন ঠাইত থিয়েটাৰ অনুষ্ঠিত হোৱা দেখা পোৱাৰ লগতে তাত উপস্থিত দৰ্শকৰ সংখ্যাও লেখত ল’বলগীয়া।

গণেশগুৰিলৈ "বৰদৈছিলা"- 2


গতিকে, থিয়েটাৰ প্ৰেমিসকলৰ বাবে এক সুখবৰ। চলিত মাহৰ ২০ তাৰিখৰ পৰা গুৱাহাটীস্থিত গণেশগুৰিত অনুষ্ঠিত হ’ব “বৰদৈছিলা থিয়েটাৰ”। উক্ত থিয়েটাৰ খনৰ অন্তৰ্গত “মহীয়সী” আৰু “মৰমৰ বান্ধৱী দিয়া বিদায়” নাটক দুখনে ইতিমধ্যে লাভ কৰিছে দৰ্শকৰ যথেষ্ট সমাদৰ। “মহীয়সী” নাটক খনক কেন্দ্ৰ কৰি প্ৰচলিত নানান বিতৰ্কৰ সাম কাটি ইয়াত অভিনয় কৰিছে অভিনেত্ৰী কল্পনা কলিতাই। বৰ্তমান উক্ত থিয়েটাৰ খন বৰপেটাস্থিত সৰভোগত অনুষ্ঠিত হৈ আছে।

গণেশগুৰিলৈ "বৰদৈছিলা"- 3
গণেশগুৰিলৈ "বৰদৈছিলা"- 4


গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এই থিয়েটাৰখনত এতিয়া জনসাধাৰণ উপস্থিতি হ’ব মন কৰিবলগীয়া।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.