শিক্ষিত অথবা শিক্ষকৰ পৰিয়াল এটাৰ পৰা ওলাই আহি গ্লেমাৰ জগতত ভৰি দিয়াটো সহজ নহয়। সৰুৰ পৰাই য’ত কেৱল পঢ়া-শুনা, কঠোৰ নীতি নিয়ম থাকে; তাৰ মাজৰ পৰা ওলাই ফেশ্বন ক্ষেত্ৰখনত নিজৰ কেৰিয়াৰ গঢ়াটো আছলতে নিজৰ মাজতেই এক প্ৰত্যাহ্বান। কিন্তু তেনে প্ৰত্যাহ্বানক পিছ পেলাই অহা অসমৰ এগৰাকী বিখ্যাত ফেশ্বন ডিজাইনাৰ,অভিনেতা, পৰিচালক আৰু লগতে কৰিঅ’গ্ৰাফাৰ হৈ পৰা দীপাংকৰ কাশ্যপক বৰ্তমান অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে চিনি পায়।
কেৱল অসমেই কিয়; ৰাষ্ট্ৰীয় ক্ষেত্ৰতো তেওঁ সিমানেই জনপ্ৰিয় । এগৰাকী ষ্টাইলিছ হিচাপে মৃদুল গুপ্তাৰ ছবি “কৃষ্ণচূড়া” খনেই আছিল তেওঁৰ প্ৰথম। ইয়াৰ পিছত তেওঁ কমেও অসমীয়া ১২ খন ছবিত কাম কৰি দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈ পৰে।
আজি ৰূপালী পৰ্দাৰ দেওঁবৰীয়া বিশেষত আমি কথা পাতিম এইগৰাকী জনপ্ৰিয় শিল্পী দীপাংকৰ কাশ্যপৰ সৈতেঃ
প্ৰশ্নঃ দীপাংকৰ কাশ্যপ মানেই এটা ব্ৰেণ্ড; আপোনাৰ লগত কাম কৰিব বিচৰাটো বহুতৰে সপোন! এনেকুৱা বোৰ কথা ভাবিলে আপোনাৰ বাৰু কেনে লাগে?
দীপাংকৰ দাঃ মই নিজকে নিজে এতিয়ালৈ এটা “ব্ৰেণ্ড” বুলি ভবা নাই ; যদিও মই ১৯৯১ চনৰ পৰা কাম কৰিছো। বৰ্তমানলৈ প্ৰায় ২৮ বছৰে বহু কষ্ট আৰু সাধনাৰ মাজেৰে কাম কৰিছো। যি সময়ত অসমত “ডিজাইনাৰ” হিচাপে স্বীকৃতি প্ৰদান কৰা হোৱা নাছিল মই তেতিয়াৰ পৰাই এই কৰ্মৰ সৈতে জড়িত। ইমান বছৰে জীৱনৰ বহু উঠা-নমাৰ সৈতে কৰ্ম কৰিছো কিন্তু “দীপাংকৰ কাশ্যপ মানে ব্ৰেণ্ড” বুলি নাই ভবা।
অ’ কেতিয়াবা ক’ৰবালৈ ওলাই গ’লে ৰাইজে চিনি পালে ভাল লাগে; কামৰ কথা সুধিলে ভাল লাগে। মোৰ সৈতে কাম কৰিব বিচৰাৰ ইচ্ছা প্ৰকাশ কৰে, সেইবোৰ দেখি ভাল লাগে।
প্ৰশ্নঃ সহজ ভাষাত, আপোনাৰ বাবে “ফেশ্বন” মানে কি?
দীপাংকৰ দাঃ যি কাপোৰ পিন্ধি আমি “কনফৰ্টটেৱল” হওঁ; সেয়াই ফেশ্বন। মই আছলতে নিৰ্দ্দিষ্ট কোনো এটা “ট্ৰেণ্ড” ফ’লো কৰাকে “ফেশ্বন” বুলি ক’ব নোখোজো। যিটো কাপোৰ পিন্ধি নিজৰ ভাল লাগে অথবা নিজে সহজ ভাবে থাকিব পৰা যায়; সেয়াই “ফেশ্বন”।
প্ৰশ্নঃ ৰাষ্ট্ৰীয় আৰু অসমৰ ফেশ্বনৰ মাজত থকা আটাইতকৈ সৰু এটা পাৰ্থক্য আপুনি কি বুলি ভাবে??
দীপাংকৰ দাঃ আমাৰ মানুহখিনিৰ “ফেশ্বন” ক লৈ থকা সচেতনতা (এৱেৰনেছ) টোৱে হৈছে পাৰ্থক্য। বৰ্তমানেও আমাৰ ইয়াত মেখেলা কাটিয়ে স্কাৰ্ট বনায়; মেখেলা-ছাদৰ কাটিয়ে ফ্ৰ’ক বনায়।
ৰেডিমেট বা সোনকালে কিবা এটা লৈ “সোনকালে” পিন্ধিব খোজে। গতিকে এনেবোৰ কাৰণতেই মই সহজ অথবা চমু পাৰ্থক্য যদি কওঁ তেন্তে ক’ম যে, আমাৰ মানুহখিনিৰ এৱেৰনেছ কম।
প্ৰশ্নঃ আপোনাৰ অসমৰ পৰা দিল্লীৰ যাত্ৰাটোৰ বিষয়ে চমুকৈ জানিব বিচাৰিম।
দীপাংকৰ দাঃ মই ২০০৮ চনলৈ অসমতেই আছো আৰু তাৰ পিছত দিল্লীলৈ গুচি আহিছিলো। এই সময়ছোৱাত মই কেৱল এগৰাকী ফেশ্বন ডিজাইনাৰে নাছিলো; মই চিনেমা অথবা ভিচিডি তথা মিউজিক ভিডিঅ’ আৰু চিৰিয়েলটো কাম কৰিছো।
অসমত মই নিজৰ লগত সকলো ক্ষেত্ৰতেই গৱেষণা কৰিছো; তাত আৰু মোৰ কৰিবলগীয়া একোৱে নাছিল। গতিকে, মই নিজক অলপ বৃদ্ধি কৰিবলৈ; নতুন ঠাইত নিজৰ সৈতে গৱেষণা কৰিবলৈ ইয়ালৈ গুচি আহিছিলো।
দিল্লীলৈ আহি মই ডিজাইনাৰৰ কামটো বাদ দি ষ্টাইলিঙ আৰু কৰিঅ’গ্ৰাফীৰ সৈতে ব্যস্ত হ’লো। ৰাষ্ট্ৰীয় ক্ষেত্ৰত ষ্টাইলিং ৰ বহু কেইটা কেমপেইনিং মই ইতিমধ্যে কৰিছো আৰু ডিজাইনাৰ হিচাপে মই বহু ফেশ্বন শ্ব’ অথবা “মিছ ইণ্ডিয়া” ৰ নিচিনা অনুষ্ঠানত অংশগ্ৰহণ কৰিছো।
প্ৰশ্নঃ দূৰ্গা পূজাৰ বাবে আপুনি কি টিপ দিব বিচাৰিব।
দীপাংকৰ দাঃ মই এতিয়াও এটা কথাই ক’ম যে, যি পিন্ধি নিজে আৰাম পায় তেনেকুৱা কাপোৰ পিন্ধিয়েই দূৰ্গা পূজা উপভোগ কৰক। দিনৰ ভাগত অলপ “লাইত” হ’লে ভাল; যেনেঃ লাইত পিংক, লাইত ইয়েল্ল, লাইত ব্লু ইত্যাদি ৰং বোৰ পৰিধান কৰিলে আকৰ্ষিত হৈ উঠে।
লগতে, আবেলি সময়ত ডাঠ ৰং বোত যেনে ৰঙা, মেৰুণ আদি ধৰণৰ কাপোৰবোৰ সন্ধিয়া সময়ত পিন্ধিব পাৰে।
………… ধন্যবাদ দাদা। আপোনাৰ সৈতে কথা পাতি ভাল লাগিল; দূৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলো।
দীপাংকৰ দাদাঃ ৰূপালী পৰ্দাৰ সমূহ কৰ্মকৰ্তাক মোৰ ফালৰ পৰাও দূৰ্গা পূজাৰ শুভকামনা জনাইছো।
Add comment