Rupaliparda.com
"ফ্ৰোজন ২" ৰ হিন্দী সংস্কৰণত শুনিবলৈ পাব প্ৰিয়ংকা-পৰিণীতিকঃ 1

“ফ্ৰোজন ২” ৰ হিন্দী সংস্কৰণত শুনিবলৈ পাব প্ৰিয়ংকা-পৰিণীতিকঃ

“ফ্ৰোজন ২” ছবিখনৰ হিন্দী সংস্কৰণত শুনিবলৈ পোৱা যাব প্ৰিয়ংকা চোপ্ৰা জোনস আৰু পৰিণীতি চোপ্ৰাৰ কণ্ঠক। এনিমেটেড ভগ্নী “এল্সা” আৰু “এনা” চৰিত্ৰ দুটাত হিন্দীত কন্ঠ প্ৰদান কৰিছে ৰিয়েল লাইফৰ ভগ্নী প্ৰিয়ংকা আৰু পৰিণীতিয়ে।


যোৱা মাহতেই ছবিখনৰ ট্ৰেইলাৰ আপলোড কৰা হৈছিল আৰু তেতিয়া পৰাই ছবিখনক লৈ অপেক্ষা কৰি ৰৈছে বহুতো দৰ্শকে। প্ৰিয়ংকা চোপ্ৰাই ইনষ্টাগ্ৰাম যোগে এখন ফটো আপলোড কৰি ছবিখনৰ বিষয়ে দৰ্শকক জানিবলৈ দিয়ে।

"ফ্ৰোজন ২" ৰ হিন্দী সংস্কৰণত শুনিবলৈ পাব প্ৰিয়ংকা-পৰিণীতিকঃ 2


এই ছবিখন অহা মাহ অৰ্থাৎ নৱেম্বৰৰ ২২ তাৰিখে মুক্তি লাভ কৰিব।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.