Rupaliparda.com
১০ খনতকৈ অধিক ছবি তথা কেইবাখনো ভিচিডিত অভিনীতঃ নিশিতা গোস্বামীৰ জন্মদিন- 1

১০ খনতকৈ অধিক ছবি তথা কেইবাখনো ভিচিডিত অভিনীতঃ নিশিতা গোস্বামীৰ জন্মদিন-

অসমীয়া চলচিত্ৰ জগতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হৈছে নিশিতা গোস্বামী। ৬০-৭০ দশকৰ অসমীয়া চলচিত্ৰ জগতৰ খ্যাতনামা অভিনেত্ৰী মলয়া গোস্বামী তথা তেওঁৰ মাতৃৰ পৰাই অভিনয় ক্ষেত্ৰখনৰ লগত চিনাকী হোৱা নিশিতা গোস্বীমাক ৬ বছৰ বয়সতে দেখিবলৈ পোৱা গৈছিল “ৰাতি ফুলা ফুল” চিনেমাখনত।

১০ খনতকৈ অধিক ছবি তথা কেইবাখনো ভিচিডিত অভিনীতঃ নিশিতা গোস্বামীৰ জন্মদিন- 2


তাৰ পিছতেই ২০০২ চনত বাণী দাসৰ দ্বাৰা পৰিচালিত ছবি “মন” ৰ পৰাই অভিনেত্ৰীগৰাকীৰ অভিনয়ৰ অনুৰাগী হৈ পৰে সমূহ দৰ্শক। বৰ্তমান সময়তো নিজ অভিনয়ৰ দ্বাৰা দৰ্শকৰ সমাদৰ লাভ কৰা নিশিতা গোস্বামীক ৰূপালী পৰ্দাৰ ফালৰ পৰা জনাইছো জন্মদিনৰ অশেষ শুভকামনা।

১০ খনতকৈ অধিক ছবি তথা কেইবাখনো ভিচিডিত অভিনীতঃ নিশিতা গোস্বামীৰ জন্মদিন- 3


মন, কাদম্বৰী, চুৰেণ চোৰৰ পুতেক, অধিনায়ক, মন যায়, ৰং, দীনবন্ধু, অস্তৰাগ, ধন কুবেৰৰ ধন, ৰামধেনু, ৰিচাং, মনে মোৰ কইনা বিচাৰে, জিলমিল জোনাক আৰু এই বছৰতে মুক্তি প্ৰাপ্ত ছবি “ৰত্নাকৰ” ত অভিনীত এই গৰাকী অভিনেত্ৰীয়ে অসমীয়া চলচিত্ৰ জগতত নিজৰ খুঁতি মজবুত কৰি থৈছে।

১০ খনতকৈ অধিক ছবি তথা কেইবাখনো ভিচিডিত অভিনীতঃ নিশিতা গোস্বামীৰ জন্মদিন- 4


বৰ্তমান “ৰেঙণি” ত সম্প্ৰচাৰিত “বেহাৰবাৰী আউটপোষ্ট” ধাৰাবাহিকখনত দেখিবলৈ পোৱা গৈছে অভিনেত্ৰী নিশিতা গোস্বামীক। তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি পুনৰ বাৰ অভিনেত্ৰী গৰাকীক জনাইছো তেওঁৰ উপজা দিনৰ অশেষ শুভকামনা।

Add comment

Leave a Reply

Most popular

The Ultimate Managed Hosting Platform