Rupaliparda.com
এটাৰ পিছৰ আন এটা আৰোপে গ্ৰহণ লগাইছে আয়ূসমানৰ "বালা" ক- 1

এটাৰ পিছৰ আন এটা আৰোপে গ্ৰহণ লগাইছে আয়ূসমানৰ “বালা” ক-

আয়ূসমান খুৰানাৰ আগন্তুক ছবি “বালা” ৰ ওপৰত লগা এটাৰ পিছত আন এটা আৰোপে ছবিখন ব্যতিব্যস্ত কৰি তুলিছে। প্ৰথমে ছবিখনৰ কাহিনী আৰু বৰ্তমান ছবিখনৰ গীতৰ ওপৰতো “কপি ৰাইট” ৰ আৰোপ লগা দেখিবলৈ পোৱা গৈছে। কিছু সময় পূৰ্বে “বালা” ৰ এটি নতুন গীত “ডন্ট বি শাই” য়ে মুক্তি লাভ কৰা পিছতেই গীতটিত আৰোপ লগায় জনপ্ৰিয় গায়ক তথা সংগীত পৰিচালক ড° জীউসে।

গায়ক গৰাকীয়ে মোডাঁক ফিল্ম, বাদশ্বাহ,সোনী মিউজিক আৰু সচিন জিগৰক উদ্দেশ্যি টুইট প্ৰদান কৰাৰ লগতে তেওঁৰ উকীলেহে এতিয়া বাকী কথা পাতিব বুলিও সকীয়নি দিয়ে ড° জীউসে।

https://www.instagram.com/p/B3wPgv4Aju7/?utm_source=ig_web_copy_link


ইয়াৰ আগতেও “উজড়া চমন” ৰ পৰিচালক অভিষেক পাঠকে “বালা” ই “কপি ৰাইট” উলংঘন কৰা বুলি উল্লেখ কৰি বোম্বে হাইকোৰ্টত ইয়াক লৈ কেছো দিয়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform