অসমীয়া ধাৰাবাহিক সমূহৰ ভিতৰত আটাইতকৈ দীঘল আৰু দৰ্শকৰ বহুল পৰিমাণে সমাদৰ লাভ কৰা প্ৰথমখন ধাৰাবাহিক হৈছে “বেহাৰবাৰী আউটপষ্ট”। ২০১৩ চনৰ ৭ অক্টোবৰ তাৰিখৰ পৰা ৰেঙণি চেনেলত ৰাতি ৮ বজাত প্ৰচাৰিত হয় উক্ত ধাৰাবাহিকখন। “বেহাৰবাৰী” নামৰ ঠাইত অৱস্থিত এখন আৰক্ষীথানাৰ পুলিচ আৰু তেওঁলোকৰ জীৱন-দৰ্শন লগতে বহু নীতিমূলক আদৰ্শৰ কথাৰে আৰম্ভ হৈছে “বেহাৰবাৰী আউটপষ্ট”।


“কে কে” আৰু “মোহন” নামে দুই চৰিত্ৰৰ কথা কোৱাৰ যি ভংগিমা সেয়া সৰুৰ পৰা ডেকা-বুঢ়াৰ মাজতো জনপ্ৰিয়। প্ৰতিযোগিতাৰ এই সময়ছোৱাত হাঁহিবলৈ পাহৰা জনসাধাৰণক সুহুতীয়া কথাৰে হাঁহিবলৈ অৱকাশ দিয়ে “বেহাৰবাৰী আউটপষ্টে”। ধেমালিৰে মানুহক আমোদ প্ৰদান কৰি দেশত সংঘটিত কিছু গুৰু -গম্ভীৰ কথাৰ আলোচনা কৰা ধাৰাবাহিকখনৰ চৰিত্ৰসমূহৰ যি সংলাপ সেয়া খুবেই আকৰ্ষণীয়।

মনোজ শইকীয়াৰ দ্বাৰা পৰিচালিত ধাৰাবাহিক খন একঘেয়ামী নহয়। প্ৰত্যেক দিনেই নতুন নতুন “কেচ” সংযোজনেৰে ধাৰাবাহিকখন প্ৰচাৰিত হয়। কে কে চৰিত্ৰ সংলাপ “আউ হৰি আউ ৰাম” , “এ মজা” লগতে “মোহন” চৰিত্ৰৰ “জুমনি”, অ’ জিন জিন”, “অহ’ মাই ডগছ্” ইত্যাদি সংলাপে ধাৰাবাহিক আৰু অধিক আকৰ্ষণীয় কৰি তুলিছে।

জনসাধাৰণক নিতৌ একোটা নিৰ্দিষ্ট মেছেজ প্ৰদান কৰে ধাৰাবাহিকখনে। জটিল জীৱনৰ নিত্য-নতুন উঠা-নমা বোৰ পাহৰি আধা ঘণ্টাৰ বাবে জনসাধাৰণক হহুৱাত ধাৰাবাহিকখন সফল যেন লাগে। হিন্দী ধাৰাবাহিক সমূহৰ সৈতে ফেৰ মাৰিব পৰাকৈ সকলো গুণেই ধাৰাবাহিক খনত আছে। ভিন্ন চৰিত্ৰৰ ভিন্ন ব্যক্তিত্ব লগতে এটা “কেচ” ৰ লগতে জড়িত আৰক্ষীৰ দৃষ্টিভংগীৰ যি সুন্দৰ প্ৰকাশ তাত সফল “বেহাৰবাৰী আউটপষ্ট”।
Add comment