ইখনৰ পিছত সিখন ছবিৰ শ্বুটিঙত ব্যস্ত কাৰ্তিক আৰিয়ন। এইবাৰ অভিনেতা গৰাকী ঢাপলি মেলিছে চণ্ডীগঢ়লৈ। “দোস্তানা ২” ৰ শ্বুটিঙৰ বাবে চণ্ডীগঢ়ত উপস্থিত হ’ল অভিনেতা কাৰ্তিক আৰিয়ন।

কিন্তু, চণ্ডীগঢ়লৈ যোৱাৰ পূৰ্বে কাৰ্তিক আৰিয়েনে আশীবাৰ্দ ল’লে বলীউডৰ জনপ্ৰিয় পৰিচালক ও প্ৰযোজক কৰণ জহৰৰ। অভিনেতা কাৰ্তিকে নিজ ইনষ্টাগ্ৰাম একাউন্টত আশীৰ্বাদ লৈ থকা এখন ফটো পোষ্ট কৰি এই কথা জানিবলৈ দিয়ে দৰ্শকক।
তেওঁ ফটোখনৰ কেপছন যোগে কয় যে, “মাৰ লাডলা চণ্ডীগঢ়লৈ ৰাওনা। ধৰ্মা ফিল্মত কৰ্মৰত প্ৰত্যেক অভিনেতাই এই বিশেষ নিয়মটো মানি চলে।”

“দোস্তানা ২” ছবিখনৰ কাহিনীভাগক লৈ বৰ্তমানেও কোনোৱে সঠিকভাৱে একো ক’ব পৰা নাই যদিও শুনিবলৈ পোৱা গৈছে যে ছবিখনত কাৰ্তিক আৰিয়েনে “হ’মোচেক্সুৱেল’ চৰিত্ৰ ৰূপায়ন কৰিব।
Add comment