Rupaliparda.com
ৰিম্পী-আচুৰ্য্যৰ কথাৰে আহি আছে এটি নতুন গীত "খালী ভৰি"- 1

ৰিম্পী-আচুৰ্য্যৰ কথাৰে আহি আছে এটি নতুন গীত “খালী ভৰি”-

নৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় হৈ উঠা এটা নাম হ’ল আচুৰ্য্য বৰপাত্ৰ। ক’বলৈ গ’লে তেওঁৰ কন্ঠৰ প্ৰত্যেকটা গীতেই হৈছে চুপাৰ- ডুপাৰ হিট। মুক্তি পোৱাৰ ক্ষন্তেক পিছতে দৰ্শকৰ হিট লিষ্তট অন্তৰ্ভূক্ত হৈ পৰে গীত কেইটি। তেওঁৰ কন্ঠৰ “তৰালি”, “মলয়া বাইদেউ”, “তোমাৰ হাঁহিতে মৰম” কে ধৰি নানানটা গীতত ভিউৱাৰছৰ সংখ্যাও সৰ্বাধিক। ২৪ ঘন্টা হ’বলৈ নৌপাওঁতেই হাজাৰ হাজাৰ শ্ৰোতাই আহি ভিৰ কৰে তেওঁৰ গীতত।

ৰিম্পী-আচুৰ্য্যৰ কথাৰে আহি আছে এটি নতুন গীত "খালী ভৰি"- 2


এনে পৰিপ্ৰেক্ষিততে আকৌ এবাৰ আচুৰ্য্য বৰপাত্ৰই লৈ আহিছে তেওঁৰ কন্ঠত এটা নতুন গীত; “খালী ভৰি”। উল্লেখ্য যে, গীতটিক মুকলি কৰি দিয়া হ’ব কন্ঠশিল্পী গৰাকীৰ জন্মদিনৰ দিনাই অৰ্থাৎ ১৭ নৱেম্বৰ তাৰিখে।

https://www.instagram.com/p/B44oHLBFTCi/?utm_source=ig_web_copy_link


গীতটি যুটীয়াভাৱে লিখিছে ৰিম্পী গগৈ আৰু আচুৰ্য্য বৰপাত্ৰই লগতে গীতটিত সংগীতো কন্ঠশিল্পী গৰাকীয়ে নিজেই দিছে। উল্লেখ্য যে, আচুৰ্য্য বৰপাত্ৰৰ এই গীতটিৰ বাবে বৰ্তমান অপেক্ষা কৰি ৰৈছে তেওঁৰ অনুৰাগীসকল।

Add comment

Leave a Reply