অাজিৰে পৰা অনুৰাগীয়ে নতুন ৰূপত চাবলৈ পাব দীপলিনাক। ৰং চেনেলত আজিৰ পৰা সম্প্ৰচাৰিত হ’ব ধাৰাবাহিক “বকুলতলৰ আদালত”। প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈ নিশা ৯ বজাত সম্প্ৰচাৰিত হ’ব এই ধাৰাবাহিকখন।

হিমাংশু প্ৰসাদ দাসৰ লগতে উদয় ভাস্কৰ পাটৰৰ পৰিচালনাত নিৰ্মিত এই ধাৰাবাহিকখনত দৰ্শকে সোঁৱাদ পাব হাস্যৰসৰ; দৰ্শকক হাঁহিবলৈ অৱসাদ দিব “বকুলতলৰ আদালত” ধাৰাবাহিকখনে।


আজিৰ পৰা আৰম্ভ হ’বলগীয়া এই ধাৰাবাহিকখনক লৈ উৎসাহী হৈ পৰিছে এতিয়া কন্ঠশিল্পী দীপলিনাও। তেওঁৰ ব্যক্তিগত ফেচবুক পেজ যোগে তেওঁ অভিনীত এই ধাৰাবাহিকখনৰ কিছু কথা উল্লেখ কৰাৰ লগতে ধাৰাবাহিকখন প্ৰস্তুতকৰ্তা সকলক কৃতজ্ঞতাও জ্ঞাপন কৰে।
Add comment