Rupaliparda.com
নিজানত বাৰু এতিয়াও মনত পৰেনে "বিদেশত আপোন মানুহ"?? 1

নিজানত বাৰু এতিয়াও মনত পৰেনে “বিদেশত আপোন মানুহ”??

৯০দশকত দূৰদৰ্শনত প্ৰচাৰিত ধাৰাবাহিক সমূহৰ ভিতৰত আপোনালোকৰ বাৰু কোন খন প্ৰিয় আছিল? একেবাৰতেই নামটো কোৱা কঠিন! নহয়নে?? কিন্তু আমি যদি এটা নাম কওঁ; তেতিয়াহ’লে নিশ্চয় আপোনালোকৰ মনত পৰিব ধাৰাবাহিকখনৰ সৈতে জড়িত সমস্তখিনি।

নিজানত বাৰু এতিয়াও মনত পৰেনে "বিদেশত আপোন মানুহ"?? 2


“বিদেশত আপোন মানুহ”; নামটো শুনাৰ লগে লগে হয়তো বহু পঢ়ুৱৈয়ে মনৰ মাজতে গুণগুণাইছে ধাৰাবাহিক খনৰ শীৰ্ষ গীতটি। “নিজানত মনত পৰে বিদেশত আপোন মানুহ”; আছলতে ধাৰাবাহিকখনৰ আৰম্ভণিৰ পৰাই এক আৱেগ জড়িত হৈ ৰৈছিল। অসমবাসীৰ বৃহৎ সমাদৰ লাভ কৰিবলৈও সক্ষম হৈছিল উক্ত ধাৰাবাহিকখনে।

নিজানত বাৰু এতিয়াও মনত পৰেনে "বিদেশত আপোন মানুহ"?? 3


ফাৰ্ষ্ট মিছ নৰ্থ-ইষ্ট খ্যাত ববিতা শৰ্মাই আঁত ধৰাৰ লগতে চিন্ময় শৰ্মাৰ সৈতে যোগ হৈ দ্বৈতভাৱে ধাৰাবাহিকখন প্ৰযোজনাও কৰিছিল। ২০০১ চনৰ পৰা প্ৰতিটো ৰবিবাৰে সন্ধিয়া ৭.৩০ বজাত প্ৰচাৰিত ধাৰাবাহিকখনে সম্পূৰ্ণ কৰিছিল মুঠ ১৫০ টাকৈ খণ্ড। অষ্ট্ৰেলিয়া, ডুবাই, নিউজিলেণ্ড, ছিংগাপুৰ, থাইলেণ্ড, ছুইজাৰলেণ্ড, জাৰ্মানী, ফ্ৰান্স, নেডাৰলেণ্ড আদিকে ধৰি কেইবাখনো ঠাইত কৰা যাত্ৰাৰ জৰিয়তে আপোন মানুহ বিচাৰিছিল ধাৰাবাহিক খনে।

নিজানত বাৰু এতিয়াও মনত পৰেনে "বিদেশত আপোন মানুহ"?? 4


“বিদেশত আপোন মানুহ” ৰ স্ক্ৰীপ্ট লিখিছিল জিমনী চৌধুৰীয়ে। শীৰ্ষ গীতটিত কন্ঠদান কৰিছিল সাজুয়ে। শীৰ্ষ গীতটি ফিউজন কৰি বৰ্তমান নৱপ্ৰজন্মই বহু ঠাইত পৰিৱেশন কৰিছে। এক কথাত ক’বলৈ হ’লে, গীতটিয়ে বৰ্তমানো দৰ্শকৰ হৃদয়ত ধাৰাবাহিকখনক জীৱন্ত কৰি ৰাখিছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.