Rupaliparda.com
বিতৰ্কই চুব নোৱাৰা গায়ক বাবু এতিয়া ৰাইজৰ দোষীঃ কিন্তু কিয়?? 1

বিতৰ্কই চুব নোৱাৰা গায়ক বাবু এতিয়া ৰাইজৰ দোষীঃ কিন্তু কিয়??

কেতিয়াও কোনো ধৰণৰ বিতৰ্কই চুব নোৱাৰা কন্ঠশিল্পী বাবু এতিয়া ৰাইজৰ দায়ী। বাবুৰ গীত “মাজুলীৰ গাভৰু” ক লৈ ক্ষোভিত সাধাৰণ জন। সত্ৰীয়া সংস্কৃতিক বিকৃত ৰূপত উপস্থাপন কন্ঠশিল্পী বাবুৰ।

বিতৰ্কই চুব নোৱাৰা গায়ক বাবু এতিয়া ৰাইজৰ দোষীঃ কিন্তু কিয়?? 2


যোৱা জুবিনৰ জন্মদিনৰ দিনা অৰ্থাৎ ১৮ নৱেম্বৰ তাৰিখে বাবুৰ কন্ঠত মুক্তি পাইছিল এটি গীত “মাজুলী গাভৰু”। গীতটিত মাজুলীৰ কৃষ্টি-সংস্কৃতিক বিকৃত ৰূপত উপস্থাপনৰ দোষত বাবুক নিষিদ্ধ কৰা হৈছিল মাজুলীত প্ৰৱেশৰ পৰা।

বিতৰ্কই চুব নোৱাৰা গায়ক বাবু এতিয়া ৰাইজৰ দোষীঃ কিন্তু কিয়?? 3


কিন্তু অৱশেষত কন্ঠশিল্পী গৰাকীয়ে চচিয়েল মিডিয়া যোগে ৰাইজৰ আগত ক্ষমা বিচৰাৰ উপৰিও গীতটিত থকা ভিডিঅ’টো ইউটিউবৰ পৰা ডিলিট কৰি গীতটিক নতুন ৰূপত উপস্থাপন কৰে।


উল্লেখ্য যে, মাজুলীৰ সত্ৰত মহিলাৰ প্ৰৱেশ নিষেধ, ভকতে মহিলাক গোৰ মাৰি তলত পেলাই দিয়া তথা খোল-তাল লৈ ভিক্ষা কৰা আদি নানান দৃশ্যাংশ “মাজুলীৰ গাভৰু” গীতটিত সংযোজন কৰা হৈছিল। গীতটিৰ ভিডিঅ’ কৰিঅ’গ্ৰাফ কৰিছিল অসীম গগৈয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.