অভিনেতা-পৰিচালকৰ সফল যুঁটিৰ ভিতৰত উল্লেখনীয় যুঁটি হৈছে অজয় দেৱগন আৰু ৰোহিট ছেট্টীৰ। “সিম্বা” কে ধৰি দুয়োগৰাকীয়ে একেলগে ১১ খন ছবিত কাম কৰিছে। আপোনালোকক জনাই থওঁ যে, “গোলমাল” আৰু “সিংঘম” ৰো আগন্তুক সংস্কৰণৰ বৰ্তমান প্ৰস্তুতি চলাইছে উক্ত যুঁটিটোৱে।


উল্লেখ্য যে, “সূৰ্য়বংশী” ৰ পিছতেই ৰোহিট ছেট্টীয়ে “গোলমাল ৫” ৰ বাবে কাম আৰম্ভ কৰিব। পৰিচালক ৰোহিট ছেট্টীয়ে ইতিমধ্যে নিজৰ এই আহিবলগীয়া ছবিখনক লৈ আইডিয়া পাইছে । বলীউডৰ খবৰ অনুসৰি “গোলমাল ৫” ছবিখনৰ বাবে কাহিনী চূড়ান্ত কৰা হৈছে লগতে নিৰ্মাতা সকলে বৰ্তমান ইয়াৰ সংলাপ আৰু চিত্ৰনাট্যৰ কাম আৰম্ভ কৰিছে।
Add comment