Rupaliparda.com
"গ্যুড ন্যুজ" ৰ পিছত এইবাৰ কৰণ জোহৰ ব্যস্ত "তখ্ত" ক লৈঃ 1

“গ্যুড ন্যুজ” ৰ পিছত এইবাৰ কৰণ জোহৰ ব্যস্ত “তখ্ত” ক লৈঃ

জনপ্ৰিয় পৰিচালক ও প্ৰযোজক কৰণ জোহৰ বৰ্তমান তেওঁৰ কেইবাটাও প্ৰকল্পৰ সৈতে ব্যস্ত। য’ত তেওঁৰ ছবি “গ্যুড ন্যুজ” মুক্তিৰ দিশে আগবাঢ়িছে ঠিক তেনেক্ষেত্ৰতে তেওঁৰ কেইবাগৰাকীও তাৰকা অভিনীত ছবি “তখ্ত” ৰো শ্বুটিংৰ সময়সীমা নিৰ্দ্ধাৰণ কৰা হৈছে।

"গ্যুড ন্যুজ" ৰ পিছত এইবাৰ কৰণ জোহৰ ব্যস্ত "তখ্ত" ক লৈঃ 2
"গ্যুড ন্যুজ" ৰ পিছত এইবাৰ কৰণ জোহৰ ব্যস্ত "তখ্ত" ক লৈঃ 3


মিডিয়া ৰিপোৰ্ট অনুসৰি, আগন্তুক “তখ্ত” ছবিখন অহা বছৰ ফেব্ৰুৱাৰী মাহলৈ মুক্তি লাভ কৰিব। এই প্ৰকল্পটোত কৰীণা কাপুৰ খান, ৰণৱীৰ সিং, আলিয়া ভট্ট, বিকি কৌশল, ভূমি পেডনেকৰ, জান্হৱী কাপুৰ আৰু অনিল কাপুৰৰ দৰে নাম জড়িত হৈ পৰিছে। উল্লেখ্য যে, ছবিখনৰ বাবে কৰণ জোহৰে প্ৰায় ১৭০ দিন সময়ৰ এখন তালিকা প্ৰস্তুত কৰিছে। পৰিচালক গৰাকীয়ে বৰ্তমান “তখ্ত” ছবিখনৰ কাহিনীৰ ফাইনেল এডিট আৰম্ভ কৰিছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.