Rupaliparda.com
ভালপোৱাৰ ৰঙেৰে আকৌ এবাৰ ৰঙীণ জয়-বৰষাঃ 1

ভালপোৱাৰ ৰঙেৰে আকৌ এবাৰ ৰঙীণ জয়-বৰষাঃ

জয় কাশ্যপ আৰু বৰষা ৰাণী বিষয়াক পুনৰ বাৰ একেলগে চাবলৈ উৎসাহিত হৈ আছিল বহু অনুৰাগী। “কাঞ্চন” ধাৰাবাহিক খনত দুয়ো শিল্পীৰ যুঁটিক যথেষ্ট পচন্দ কৰা হৈছিল। যাৰ অনুমান ধাৰাবাহিক খনৰ টি.আৰ.পি ৰ পৰাই লগাব পৰা যায়। উক্ত যুঁটিটোক পুনৰ বাৰ একেলগে চাবলৈ বিচৰা দৰ্শকলৈ সুখবৰ। মুক্তি পালে জয়-বৰষা অভিনীত বহু প্ৰত্যাশিত গীত “পাখি মেলি”।

ভালপোৱাৰ ৰঙেৰে আকৌ এবাৰ ৰঙীণ জয়-বৰষাঃ 2


গীতটিক উদ্দেশ্যি দুয়ো তাৰকা দীৰ্ঘদিনৰ পৰাই চচিয়েল মিডিয়াত বিভিন্ন পোষ্ট কৰি আহিছিল। অনুভৱ দত্তৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত এই গীতটিত জয়-বৰষাক এক ৰোমান্টিক যুঁটি ৰূপত দেখিবলৈ পোৱা গৈছে। গীতটিৰ ভিডিঅ’ পৰিচালক তিৰাপ সীমান্ত মেধিৰ কামো লেখত ল’বলগীয়া। আনহাতে, “পাখি মেলি” শীৰ্ষক গীতটি লিখিছে কুলদ্বীপ চৌধুৰীয়ে আৰু ইয়াত সংগীত দিছে পলাশ সূৰ্য্য গগৈয়ে।

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform