“বিছলেৰী” ৰ পানী খাবলৈ কয় ৰাইজৰ ৰোষত পৰিল অভিনেত্ৰী নিশিতা গোস্বামী। “বিছলেৰী” ৰ বিজ্ঞাপন যোগে কৰা ভুলৰ বাবে চচিয়েল মিডিয়াত ট্ৰোলৰ সন্মুখীন হ’ল অভিনেত্ৰী গৰাকী।


আছলতে, “বিছলেৰী” ৰ উক্ত বিজ্ঞাপনটোত নৱবৰ্ষৰ শুভকামনা জনাবলৈ গৈ “অসমীয়া নৱবৰ্ষ” বুলি কয় অভিনেত্ৰী গৰাকীয়ে। তাৰ পিছতেই, একাংশই ভিডিঅ’টো শ্বেয়াৰ কৰি বিভিন্ন কথাৰে ট্ৰোল দিয়ে নিশিতা গোস্বামীক।
অৱশেষত, অভিনেত্ৰী গৰাকীয়ে কৰা ভুলৰ বাবে চচিয়েল মিডিয়া যোগে এক পোষ্ট কৰি জনসাধাৰণৰ আগত ক্ষমা খোজে। তেওঁ কয় যে, “মানুহ মাত্ৰেই ভুল হয়”; গতিকে মোক আপোনালোকৰ মাজৰে এজন বুলি ক্ষমা কৰিব”।

Add comment