Rupaliparda.com
চাইকেলেৰে শ্বুটিঙলৈ আগমন অভিনেতা ছলমান খানৰঃ 1

চাইকেলেৰে শ্বুটিঙলৈ আগমন অভিনেতা ছলমান খানৰঃ

বলীউডৰ চুপাৰষ্টাৰ খ্যাত ছলমান খান প্ৰায় সকলোৰে প্ৰিয়। তেওঁ ছবিৰ মুক্তিত উৎসাহিত হৈ থাকে জনসাধাৰণ। কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত তেওঁৰ ছবি “ডবংগ ৩” য়ে ইতিমধ্যে দৰ্শকক বহুল হাৰত আকৰ্ষিত কৰি তুলিছে। তেওঁৰ জন্মদিনৰ দিনাই তেওঁলোকৰ ঘৰলৈ অহা আয়ান শৰ্মাক লৈও ব্যস্ত হৈ আছিল অভিনেতা গৰাকী।

চাইকেলেৰে শ্বুটিঙলৈ আগমন অভিনেতা ছলমান খানৰঃ 2
চাইকেলেৰে শ্বুটিঙলৈ আগমন অভিনেতা ছলমান খানৰঃ 3


গতিকে নিজৰ বাসগৃহত উদযাপিত সকলো উৎসৱৰ পৰা বাহিৰ ওলাই ছলমান খান এতিয়া ব্যস্ত হৈ পৰিছে তেওঁৰ আগন্তুক ছবি “ৰাধেঃ ডা মষ্ট ওৱান্টেড ভাই” ক লৈ। ছবিখনৰ শ্বুটিঙৰ সময়ছোৱাতে এক ৰোমাঞ্চকৰ ঘটনা ঘটা দেখিবলৈ পোৱা গৈছে।

https://twitter.com/Being_Aman_/status/1216699340363665408


অভিনেতা ছলমান খান প্ৰায়ে নিজৰ বিলাসী গাড়ী এৰি চাইকেল যোগে শ্বুটিঙলৈ অহা দেখিবলৈ পোৱা যায়। এইবাৰো তেওঁৰ এই ছবিখনৰ শ্বুটিঙত আহিবলৈ চাইকেলৰ ব্যৱহাৰ কৰে। দীঘল বাটছোৱা চাইকেলেৰে অহা এই অভিনেতা গৰাকীক কোনো অনুৰাগীয়ে যাতে ধৰিব নোৱাৰে তাৰ বাবে তেওঁ টুপী পৰিধান কৰি ৰাখে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.