Rupaliparda.com

বাবুৰ কন্ঠত এইবাৰ চ আহি আছে “চেনীমাই ২.০”

“পেডেল মাৰি মাৰি” ৰ দ্বিতীয় সংস্কৰণ অৰ্থাৎ “পেডেল মাৰি মাৰি ২.০” ৰ বহুল জনপ্ৰিয়তাৰ পিছত এইবাৰ দৰ্শকক ডবল সোঁৱাদ দিবলৈ আহি আছে বাবুৰ কন্ঠত “চেনীমাই ২.০”। পেডেল মাৰি মাৰি ৰ প্ৰথমটো সংস্কৰণৰ সমান্তৰালকৈ জনপ্ৰিয়তা লাভ কৰিছিল “চেনীমাই” গীতটোৱেও।প্ৰায় প্ৰত্যেকটা জনপ্ৰিয় গীতৰ অধিকাৰী এই গৰাকী কন্ঠশিল্পীৰ অনুৰাগীৰ সংখ্যা নক’লেও হয়টো আপোনালোকে অনুমান কৰিব পাৰে।

https://www.instagram.com/p/B7peA6RDc2x/?utm_source=ig_web_copy_link


বাবুৰ কন্ঠৰ “চেনীমাই” ৰ প্ৰথমটো সংস্কৰণ লিখিছিল চন্দন কাকতিয়ে। গীতটিৰ ভিডিঅ’ ত অভিনয় কৰিছিল বিবেক, তাপস্ৰী আৰু য়ানকি চিমিয়ে। গীতটিৰ লিংক তলত দি দিয়া হৈছেঃ

বাবুৰ কন্ঠত এইবাৰ চ আহি আছে "চেনীমাই ২.০" 1
বাবুৰ কন্ঠত এইবাৰ চ আহি আছে "চেনীমাই ২.০" 2


গতিকে, “পেডেল মাৰি মাৰি ২.০” ত যেনেদৰে পোৱা গৈছিল নতুনত্ব; ঠিক তেনেদৰেই হয়টো বাবুয়ে দৰ্শকৰ মাজলৈ আনিবলৈ প্ৰস্তুত হৈ পৰিছে “চেনীমাই ২.০”। গীতটিত যু্ঁটীয়াভাৱে কন্ঠদান কৰিছে কুসুম কৈলাশ লগতে গীতটিৰ ভিডিঅ’ত দেখিবলৈ পোৱা যাব বিবেক বৰা আৰু মুনমী ফুকনে।

Add comment

Leave a Reply