Rupaliparda.com
কেইবাখনো ছবি সমাৰোহত মনোনয়নপ্ৰাপ্ত চুটি ছবি "কাণফুচফুচত ফুচফুচণি"- 1

কেইবাখনো ছবি সমাৰোহত মনোনয়নপ্ৰাপ্ত চুটি ছবি “কাণফুচফুচত ফুচফুচণি”-

“লক-ডাউনে” ব্যতিব্যস্ত কৰা জনসাধাৰণক অকণমান আমোদ প্ৰদান কৰাৰ অৰ্থে বৰ্তমান একাংশ চিলেব্ৰেটীয়ে চচিয়েল মিডিয়াত একটিভ হৈ আপলোড কৰিছে বিভিন্ন ভিডিঅ’ ও ফটো। দুখ-দূৰ্গতিৰ খবৰ সমূহৰ পৰা আঁতৰি আপোনালোকক আমি জনাব লৈছো এখন এনে চুটি ছবিৰ কথা, যিয়ে এখন দুখন অথবা তিনিখন নহয়; ই লাভ কৰিছে কেইবাখনো ৰাষ্ট্ৰীয় ও আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অনুষ্ঠিত ছবি সমাৰোহত মনোনয়ন। ছবিখনৰ নাম হৈছে “কাণফুচফুচত ফুচফুচনি (poetry of whispers)”।


কলকাতাস্থিত সত্যজিৎ ৰায় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটত অধ্যয়নৰত মহৰ্ষি তুহিন কাশ্যপৰ দ্বাৰা পৰিচালিত এই চুটি ছবিখনে বৰ্তমান লাভ কৰিছে দৰ্শকৰ বহুল প্ৰশংসা লগতে ছবিখনৰ চিত্ৰগ্ৰহণ ও নেপথ্যত বাজি ৰোৱা শব্দ সমূহৰ পুংখানুপুংখতাই ছবিখন অধিক গ্ৰহণযোগ্য কৰি তুলিছে। লগতে, ছবিখনৰ দুটা তৰপ অৰ্থাৎ এফালে মহানগৰীৰ একেটা ৰূমতে আৱদ্ধ হৈ থকা এটা জনজীৱনৰ সৈতে এখন গাঁৱৰ দৃশ্যক উপস্থাপন কৰাত পৰিচালক গৰাকী একাষাৰেই সফল বুলি ক’ব পৰা যায়।

কেইবাখনো ছবি সমাৰোহত মনোনয়নপ্ৰাপ্ত চুটি ছবি "কাণফুচফুচত ফুচফুচণি"- 2
কেইবাখনো ছবি সমাৰোহত মনোনয়নপ্ৰাপ্ত চুটি ছবি "কাণফুচফুচত ফুচফুচণি"- 3


উল্লেখ্য যে, “Internation Moving Film Festival”, “Watersprite International Student Film Festival,Cambridge”, “Rojava International Film Festival”, “Brahmputra Valley Film Festival” ৰ লগতে আন কেইবাখনো সমাৰোহত মনোনয়ন লাভ কৰা চুটি ছবিখন সত্যজিৎ ৰায় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট, কলকাতাৰ বেনাৰত প্ৰযোজনা কৰিছে সাগৰ মহিন্দ্ৰা । ইয়াত অভিনয় কৰিছিল ইমন ৰায়, মৈত্ৰী দাস আৰু অপূৰ্ব চাহাই। ইয়াত চিনেমেটো’গ্ৰাফাৰ ৰূপে আছিল আকাশ নাধ। ছবিখনৰ সম্পাদনা আশিক শংকৰৰ লগতে চাউণ্ড পায়সমন চানী আৰু কলা নিৰ্দেশক সোমনাথ গগৈ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform